শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কি ভুল ঋষভ পন্টৰ? ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা, জানক…

বৰ্তমান চলি আছে আই পি এল ২০২৫। এই ছিজনত এইবাৰ ডাঙৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্টে।

কি ভুল ঋষভ পন্টৰ? ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা, জানক…
ঋষভ পন্টImage Credit source: PTI
barasha-sarma
Barasha Sarma | Updated On: 28 May 2025 18:14 PM

আই পি এল ২০২৫-ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্টে ৬৬ লাখ টকাৰ লোকচান ভৰিবলগীয়া হয়। দৰাচলতে আই পি এল কৰ্তৃপক্ষই তেওঁৰ ওপৰত এই বহৎ জৰিমনা আৰোপ কৰিছে । অভিযোগ অনুসৰি, ২৭ মে’ত আৰচিবি (RCB)ৰ বিৰুদ্ধে খেলা মেচখনৰ পাছত ঋষভ পন্ট আই পি এলৰ আচৰণ বিধি উলংঘা কৰাৰ দোষী সাব্যস্ত হৈছিল। যাৰ বাবে তেওঁৰ ওপৰত  জৰিমনা আৰোপ কৰা হয়। ঋষভ আৰু তেওঁৰ দলটোক অতি লেহেমীয়া অভাৰ ৰেটৰ দোষী সাব্যস্ত কৰা হৈছে। এই ছিজনত তৃতীয়বাৰৰ বাবে এল এছ জি (LSG)ৰ অধিনায়ক ঋষভ পণ্টক শ্লো অভাৰ ৰেটৰ বাবে জৰিমনা বিহা হৈছে।

তিনিবাৰ দোষী

আই পি এল ২০২৫ ত তৃতীয়বাৰৰ বাবে ঋষভ পন্ট শ্লো অভাৰ ৰেটৰ দোষী সাব্যস্ত কৰা হৈছে। এইবাৰ তেওঁক ৩০ লাখ টকাৰ জৰিমনা বিহা হৈছে। ইতিমধ্যে দুবাৰলৈ শ্লো অভাৰ ৰেটত দোষী সাব্যস্ত হোৱাৰ বাবে তেওঁৰ ওপৰত ৩৬ লাখ টকাৰ জৰিমনা আছে।

IPL 2025 ত প্ৰথমবাৰৰ বাবে ৫ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা খেলত ঋষভ পন্ট শ্লো অভাৰ ৰেটত দোষী সাব্যস্ত হৈছিল। সেইবাৰ তেওঁৰ ওপৰত ১২ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছিল।

দ্বিতীয়টো জৰিমনা আৰোপ কৰা হয় ২৭ এপ্ৰিলত কৰা ভুলৰ বাবে। এই মেচখনো মুম্বাই ইণ্ডিয়ানছৰ লগত আছিল। মেচখনত শ্লো অভাৰ ৰেটত দোষী সাব্যস্ত হৈছিল ঋষভ পন্ট। যাৰ বাবে তেওঁৰ ওপৰত ২৪ লাখ টকাৰ জৰিমনা বিহা হৈছিল। আই পি এলৰ এই ছিজনত এয়া আছিল তেওঁৰ দ্বিতীয়টো ভুল। পুনৰ ২৭ মে’ত তেওঁৰ একেই ভুলেই হয়। গতিকে এতিয়া শ্লো অভাৰ ৰেটত দোষী সাব্যস্ত হোৱা ঋষভে মুঠ ৬৬ লাখ টকা জৰিমনা ভৰিব লাগিব।

২৭ মে’ত আৰচিবিৰ বিৰুদ্ধে খেলা আইপিএল ২০২৫ৰ অন্তিমখন গ্ৰুপ মেচত এই জৰিমনা আৰোপ কৰা হৈছিল। এই মেচত ঋষভ পণ্টে আৰচিবিৰ বিৰুদ্ধে ৬১টা বলত ১১৮ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। কিন্তু তাৰ পাছতো দলটো পৰাজিত হ’বলগীয়া হৈছিল।

 

 

অন্য খবৰ পঢ়কঃ ইংলেণ্ড ভ্ৰমণ কৰিব বৈভৱ সূৰ্যবংশীয়ে! BCCI ৰ ডাঙৰ ঘোষণা…