TV9 ASSAM
আই পি এলৰ বিগত ১৭টা ছিজনৰ ভিতৰত ৭ বাৰ প্লে’ অফলৈ যোগ্যতা অৰ্জন কৰিছে আৰচিবিয়ে, ৩ বাৰ খেলিছে ফাইনেল। কিন্তু এইপৰ্যন্ত দখল কৰিব পৰা নাই খিতাপ।
এইবাৰ প্ৰতিযোগিতাত দলটোৱে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি লীগ পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰি প্লে’ অফত প্ৰৱেশ কৰিছে। আশা বৃদ্ধি কৰিছে খিতাপ জয়ৰ।
‘ই চালা কাপ নামডে’- আৰচিবিৰ এই শ্ল’গান ব্যাপক জনপ্ৰিয়। অৰ্থ হৈছে- এইবাৰ কাপ আমাৰ হ’ব। সঁচকৈয়ে এইবাৰ যেন দলটোৰ শ্ল’গান পূৰ হোৱাৰ পথত।
২০২০ চনৰ পৰা আই পি এলত যদি এটা বছৰ পইণ্ট তালিকাৰ শীৰ্ষ দলটো চেম্পিয়ন হৈছে, পিছৰ বৰ্ষত আকৌ দ্বিতীয় স্থানত থকা দলটোৱে খিতাপ জয় কৰিছে।
২০২০ চনত লীগ পৰ্যায়ত শীৰ্ষস্থান দখল কৰা মুম্বাই ইণ্ডিয়ানছে খিতাপ জয় কৰাৰ পিছত ২০২১ চনত দ্বিতীয় স্থানৰ দল চেন্নাই ছুপাৰ কিংছ চেম্পিয়ন হৈছিল।
২০২২ চনত গুজৰাট টাইটানছে লীগত শীৰ্ষত থাকি চেম্পিয়ন হ’বলৈ সক্ষম হৈছিল। সেইদৰে ২০২৩ চনত চেন্নাইয়ে পুনৰ দ্বিতীয় স্থানেৰে লীগ সমাপ্ত কৰি খিতাপ জিনিছিল।
২০২৪ চনত কলকাতা নাইট ৰাইডাৰ্ছে পইণ্ট তালিকাত প্ৰথম স্থান লাভ কৰি ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰে।
এই ক্ৰম অনুসৰি আই পি এল ২০২৫ত দ্বিতীয় স্থানৰ দলটোৰ পাল আৰু এইবাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে।
পঢ়িবলৈ ক্লিক কৰক
ডায়েবেটিছ ৰোগীয়ে আম খাব পাৰেনে?