TV9 ASSAM
হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰক অতি গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়। বাস্তু শাস্ত্ৰত সুখ-সমৃদ্ধি বৃদ্ধিৰ উপায় হিচাপে কিছু নিয়মৰ উল্লেখ আছে। জানো আহক এই বিষয়ে।
তুলসীক হিন্দু ধৰ্মত অত্যন্ত শুভ আৰু পূজনীয় জ্ঞান কৰা হয়। কোৱা হয় যে দেৱী লক্ষ্মী তুলসীত বাস কৰে, গতিকে তুলসী গছ থকা ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়।
জ্যোতিষৰ মতে তুলসীয়ে ঘৰত ধনৰ নাটনি বা আন কোনো সমস্যা হোৱাৰ আগতেই কিছু চিন দিয়ে, যিবোৰ কেতিয়াও আওকাণ কৰা উচিত নহয়।
কোৱা হয় যে তুলসী গছ যদি হঠাৎ শুকাবলৈ ধৰে, তেতিয়া সেয়া আৰ্থিক সংকট অহাৰ লক্ষণ। এনে চিন পোৱাৰ লগে লগে চাকৰি আৰু ব্যৱসায়ত বিশেষ যত্ন ল’ব লাগে।
বাস্তু শাস্ত্ৰৰ মতে তুলসী গছ যদি হঠাৎ ক’লা হৈ পৰে, তেতিয়া সেয়া এক অশুভ লক্ষণ। দুখ আৰু ৰোগৰ লগতে ঘৰত ঋণাত্মক শক্তি বৃদ্ধি পাব পাৰে।
কোনো কাৰণ নোহোৱাকৈ তুলসী উদ্ভিদ উভালি পৰা, পোক-পৰুৱাৰ আক্ৰমণ বা পাত সৰি যোৱা ঘৰত কোনো ৰোগ, বিপদ, অশুভ পৰিঘটনাৰ লক্ষণ বুলি ধৰা হয়।
তুলসীৰ পৰা এনে চিন পালে নিয়মিতভাৱে তুলসীৰ ওচৰত চাকি জ্বলাই মন্ত্ৰ জপ কৰি পূজা কৰি ঠাইখন পৰিষ্কাৰ কৰি ৰাখিব লাগে বুলি কোৱা হয়।
পঢ়িবলৈ ক্লিক কৰক
চকুৰ পৰা পানী ওলোৱা কি বেমাৰৰ লক্ষণ