শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰে’ল ভ্ৰমণত আপুনিও হয়তো ক্ৰয় কৰিছে ৰে’ল নীৰঃ পিছে জানেনে ইয়াৰ পৰা ৰে’লৱেৰ উপাৰ্জন কিমান?

নিয়মীয়াকৈ ৰে’লযোগে যাত্ৰা কৰা লোকসকলে ৰে’লৰ ভিতৰত নীলা পলিথিনেৰে মেৰিয়াই থোৱা প্লাষ্টিকৰ পানী বটলটোৰ সৈতে স্বাভাৱিকতেই পৰিচিত। এই পানী বটলটোৰ ওপৰত লিখা থাকে এটা নাম, ‘ৰেল নীৰ’। IRCTC- এ এই সেৱা আগবঢ়ায়। ইয়াৰ দ্বাৰা ৰে’লৱেই বিপুল পৰিমাণৰ আয়ো কৰে।

ৰে’ল ভ্ৰমণত আপুনিও হয়তো ক্ৰয় কৰিছে ৰে’ল নীৰঃ পিছে জানেনে ইয়াৰ পৰা ৰে’লৱেৰ উপাৰ্জন কিমান?
ৰে’ল নীৰৰ উপাৰ্জন কিমান?Image Credit source: TV9 Bangla
monjit-dutta
Monjit Dutta | Published: 29 May 2025 22:02 PM

দেশৰ পৰিবহণ ব্যৱস্থাৰ আটাইতকৈ সুলভ আৰু ব্যৱহৃত মাধ্যম হৈছে ৰে’ল সেৱা। কম খৰচী হোৱাৰ লগতে সুচল আৰু সহজলভ্য বাবে অধিকাংশ লোকে ৰে’লযাত্ৰাক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হয়। নিয়মীয়াকৈ ৰে’লযোগে যাত্ৰা কৰা লোকসকলে ৰে’লৰ ভিতৰত নীলা পলিথিনেৰে মেৰিয়াই থোৱা প্লাষ্টিকৰ পানী বটলটোৰ সৈতে স্বাভাৱিকতেই পৰিচিত। এই পানী বটলটোৰ ওপৰত লিখা থাকে এটা নাম, ‘ৰেল নীৰ’। ইণ্ডিয়ান ৰে’লৱে কেটাৰিং আৰু টুৰিজিম ক’ৰ্প’ৰেচন, চমুকৈ IRCTC- এ এই সেৱা আগবঢ়ায়।

এই পানী ব্যৱসায়ৰ দ্বাৰা IRCTC- এ বহু লোকক কৰ্মসংস্থাপন প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা ৰে’লৱেই বিপুল পৰিমাণৰ আয়ো কৰে। শেহতীয়াকৈ ইণ্ডিয়ান ৰে’লৱে কেটাৰিং আৰু টুৰিজিম ক’ৰ্প’ৰেচনে চতুৰ্থ ত্ৰৈমাসিকৰ ফলাফল প্ৰকাশ কৰিছে। কোৱা হৈছে যে এইবাৰ তেওঁলোকে মুঠ ৩৫৮ কোটি টকা উপাৰ্জন কৰিছে, আনহাতে এবছৰৰ পূৰ্বে একে সময়ছোৱাত তেওঁলোকৰ লাভ আছিল ২৮৪ কোটি টকা।

প্ৰতিবেদনত কোৱা হৈছে যে ২০২৫ চনৰ চতুৰ্থ ত্ৰৈমাসিকত ৰে’ল নীৰৰ পৰা ইণ্ডিয়ান ৰে’লৱে কেটাৰিং আৰু টুৰিজিম ক’ৰ্প’ৰেচনে ৯৬ কোটি টকা উপাৰ্জন কৰিছিল। তৃতীয় ত্ৰৈমাসিকত অৰ্থাৎ যোৱা বছৰৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে কোম্পানীটোৰ আয় একেই আছিল। কিন্তু ২০২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত আই আৰ চি টি চিৰ লাভ আছিল ৮৩ কোটি টকা।

২০২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ইণ্ডিয়ান ৰে’লৱে কেটাৰিং আৰু টুৰিজিম ক’ৰ্প’ৰেচনৰ কেটাৰিং ৰাজহ ৫২৯ কোটি টকা হোৱাৰ বিপৰীতে তৃতীয় ত্ৰৈমাসিকত ৫৫৫ কোটি টকা। আনহাতে যোৱা বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত কেটাৰিঙৰ ৰাজহ আছিল ৫৩১ কোটি টকা।

তদুপৰি ২০২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত অনলাইন টিকটৰ জৰিয়তে ৩৭২ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে তৃতীয় ত্ৰৈমাসিকত ৩৫৪ কোটি টকা উপাৰ্জন কৰিছিল ইণ্ডিয়ান ৰে’লৱে কেটাৰিং আৰু টুৰিজিম ক’ৰ্প’ৰেচনে। যোৱা বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত এই লাভ আছিল ২৩৪২ কোটি টকা।