শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্লে’ অফৰ বাবে আৰচিবিয়ে সাজু কৰিলে ‘ওখ’ অস্ত্ৰ! যাৰ সমুখত নিষ্প্ৰভ হয় বাবৰৰ শক্তি…

আই পি এল ২০২৫ৰ প্লে’ অফত প্ৰৱেশ কৰিয়েই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এক কথাত প্লে’ অফৰ বাবে ‘মাষ্টাৰষ্ট্ৰোক’ খেলিছে আৰচিবিয়ে। গুৰুত্বপূৰ্ণ সময়ত আৰচিবিয়ে দলত অন্তৰ্ভুক্ত কৰিছে সাম্প্ৰতিক ক্ৰিকেট জগতৰ আটাইতকৈ ওখ খেলুৱৈগৰাকীক।

প্লে’ অফৰ বাবে আৰচিবিয়ে সাজু কৰিলে ‘ওখ’ অস্ত্ৰ! যাৰ সমুখত নিষ্প্ৰভ হয় বাবৰৰ শক্তি…
আৰচিবিৰ মাষ্টাৰষ্ট্ৰোকImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 19 May 2025 19:58 PM

প্ৰায় স্পষ্ট হৈ পৰিছে আই পি এল ২০২৫ৰ কোৱালিফায়িং ৰাউণ্ডৰ দৃশ্যপট। ইতিমধ্যে প্লে’ অফৰ চাৰিটা স্থানৰ ভিতৰত তিনিটা স্থান পূৰ হৈছে। গুজৰাট টাইটানছ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছে প্লে’ অফত প্ৰৱেশ কৰিছে। আনহাতে বাকী থকা এটা স্থানৰ বাবে মুম্বাই ইণ্ডিয়ানছ, দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মাজত চলিব প্ৰতিদ্বন্দিতা। ইফালে প্লে’ অফত প্ৰৱেশ কৰিয়েই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এক কথাত প্লে’ অফৰ বাবে ‘মাষ্টাৰষ্ট্ৰোক’ খেলিছে আৰচিবিয়ে।

প্লে’ অফত প্ৰৱেশ কৰিয়েই আৰচিবিয়ে দলত অন্তৰ্ভুক্ত কৰিছে সাম্প্ৰতিক ক্ৰিকেট জগতৰ আটাইতকৈ ওখ খেলুৱৈগৰাকীক। জাতীয় দলৰ দায়িত্বৰ বাবে দলৰ পৰা বাদ পৰা দক্ষিণ আফ্ৰিকান পেচাৰ লুংগি এনগিডিৰ স্থানত দলটোৱে অন্তৰ্ভুক্ত কৰিছে এই খেলুৱৈগৰাকীক। গুৰুত্বপূৰ্ণ সময়ত আই পি এলত খেলিবলৈ সুযোগ পোৱা এই খেলুৱৈগৰাকী হৈছে ব্লেছিং মুজাৰাবানি। ২৮ বছৰীয়া মুজাৰাবানি হৈছে জিম্বাবুৱে দলটোৰ এগৰাকী নিৰ্ভৰযোগ্য পেচাৰ।

তথ্য অনুসৰি, মুজাৰবানিৰ উচ্চতা হৈছে ৬ ফুট ৮ ইঞ্চি। দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ মাৰ্কো জেনচেনৰ লগতে মুজাৰাবানিকো সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ আটাইতকৈ ওখ খেলুৱৈ বুলি কোৱা হয়। মুজাৰাবানিয়ে ছিজনৰ প্ৰায় সামৰণিৰ ফালে আই পি এলত খেলাৰ সুযোগ লাভ কৰাৰ বিপৰীতে জেনচেন চলিত ছিজনত পঞ্জাৱ কিংছৰ অন্যতম এগৰাকী গুৰুত্বপূৰ্ণ সদস্য হিচাপে পৰিগণিত হৈছে।

উল্লেখ্য যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰিপ্ৰেক্ষিতত দক্ষিণ আফ্ৰিকাই আই পি এলৰ পৰা দেশখনৰ সকলো খেলুৱৈকে জাতীয় দলৰ শিবিৰত যোগ দিয়াৰ বাবে উভতি যাবলৈ নিৰ্দেশনা দিছে। সেয়ে অষ্ট্ৰেলিয়াৰ বিপক্ষে হ’ব লগা ফাইনেল মেচৰ বাবে স্বদেশলৈ উভতিব এনগিডি। অৱশ্যে ২৩ তাৰিখে বাংগালুৰুত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আৰচিবিৰ হৈ পৰৱৰ্তী মেচ খেলিব পেচাৰগৰাকীয়ে।

 

অৰ্থাৎ পৰৱৰ্তী মেচত মুজাৰবানিক আৰচিবিৰ হৈ খেলা দেখা নাযাব। কিন্তু তাৰ পিছত আৰচিবিয়ে গ্ৰুপ পৰ্যায়ৰ শেষৰখন খেলত আৰু তাৰ পিছত প্লে’ অফত জিম্বাবুৱেৰ পেচাৰগৰাকীক সুযোগ দিব পাৰে। উল্লেখ্য যে মুজাৰাবানি পাকিস্তানৰ সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ বেটাৰ বাবৰ আজমৰ সমুখত যথেষ্ট সফল হিচাপে পৰিগণিত হৈ আহিছে। জিম্বাবুৱে আৰু পাকিস্তানৰ মেচত বাবৰৰ বাবে বিপজ্জনক হৈ পৰে মুজাৰাবানি।

এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুজাৰাবানিয়ে বাবৰক ৫ বাৰ পেভিলিয়নৰ পথ দেখুৱাইছে। এই সময়ছোৱাত বাবৰ আজমে তেওঁৰ বিৰুদ্ধে মাত্ৰ ২১.২০ গড়েহে ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। গতিকে বাবৰৰ দৰে এগৰাকী বিশ্বমানৰ বেটাৰক বিপৰ্যস্ত কৰা মুজাৰাবানি আৰচিবিৰ বাবে নতুন অস্ত্ৰ হিচাপে পৰিগণিত হ’ব পাৰে।