শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দামী কেপ্টেইনৰ হতাশাজনক আৰম্ভণি, ঋষভ পন্টৰ বাবে শংকাৰ কাৰণ কি?

IPL 2025: এইবাৰৰ আই পি এলত কেৱল দামী খেলুৱৈয়েই নহয়, দামী অধিনায়কো ঋষভ পন্ট । লক্ষ্ণৌৱে প্ৰায় ২৭ কোটি টকাত ক্ৰয় কৰিছে পন্টক । কিন্তু আৰম্ভণি মেচত হতাশজনক আছিল পন্টৰ সামগ্ৰিক প্ৰদৰ্শন । এইবাৰ হায়দৰাবাদৰ সমুখত কেনেদৰে নিজকে প্ৰমাণ কৰিব পন্টে?

দামী কেপ্টেইনৰ হতাশাজনক আৰম্ভণি, ঋষভ পন্টৰ বাবে শংকাৰ কাৰণ কি?
ঋষভ পন্টImage Credit source: BCCI
Raj Saikia
Raj Saikia | Updated On: 27 Mar 2025 14:51 PM

আই পি এলৰ এটা পাহৰিব নোৱৰা ঘটনা । যি ঘটনাই সকলোকে আচৰিত কৰিছিল । ঘটনাটো যোৱাটো ছিজনৰ । আজিও অব্যাহত তাৰ চৰ্চা । যাক লৈ চলিছে জল্পনা-কল্পনা । আকৌ সেই একেই পৰিস্থিতিৰ সন্মুখীন হ’ব লগা নহয়তো! এইবাৰ ফায়াৰিং স্কোৱাডৰ সন্মুখীন হ’ব নেকি পণ্ট ? আজি হঠাতে এই বিষয়ে ইমান আলোচনা কিয় ?

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নতুন ছিজনত অভিযান আৰম্ভ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ । সকলো দিশতে যেন নতুন । আই পি এলৰ মেগা নিলামত অভিলেখ গঢ়িলে লক্ষ্ণৌৱে । ২৭ কোটি টকাত ক্ৰয় কৰা হৈছিল ঋষভ পন্টক । দিয়া হৈছে অধিনায়কৰ দায়িত্ব । পন্ট কেৱল আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী ক্ৰিকেটাৰেই নহয়, অধিনায়কো । অভিলেখৰ লগতে বোনাছ হিচাপে আহিছে চাপৰ ভাৰ । দাম ২৭ কোটি । কিন্তু কি হতাশাজনক আৰম্ভণি !

নিজৰেই পূৰ্বৰ দল দিল্লী কেপিটেলছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে পন্টে । উইকেট ৰক্ষক-কেপ্তেইন-বেটাৰ । তিনিওটা ভূমিকাতে ফ্লপ । ৬টা বল বেটিং কৰি অৰ্জন কৰে শূন্য ৰাণ । উইকেট ৰক্ষক হিচাপে শেষৰ অভাৰত মিছ ষ্টাম্পিঙৰ সুযোগ । ১৩ অভাৰলৈকে লক্ষ্ণৌৱে খেলখন ৯০ শতাংশতকৈ অধিক নিয়ন্ত্ৰণত ৰাখিছিল । কিন্তু আশুতোষ শৰ্মাৰ বিধ্বংসী ইনিংছে দিল্লী কেপিটেলছক মাত্ৰ ১ উইকেটত জয়লাভ কৰাত সহায় কৰে । যদি ষ্টাম্পিং মিছ এটা কাৰক হয়, তেন্তে নেতৃত্বও এটা কাৰক । নহ’লে এই মেচখন হাতৰ পৰা নাযায়!

দিল্লীৰ হাতত শেষ মুহূৰ্তত পৰাজয়ৰ পিছতেই দৃষ্টি গোচৰ হয় এটা দৃশ্য । ঋষভ পন্টৰ সৈতে কথা পাতিছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মুৰব্বীয়ে । মাত্ৰ এটাই সকাহ, দুয়োৰে মুখত হাঁহি । কিন্তু যোৱাবাৰৰ সেই দৃশ্যটোৰ পিছত আলোচনা আৰম্ভ হ’ল । ঋষভ পন্টৰ অৱস্থা কে এল ৰাহুলৰ দৰে হ’ব নেকি?

যোৱা ছিজনত ছানৰাইজাৰ্ছ হায়দৰাবাদে শক্তিৰ নতুন ৰূপ দেখুৱাইছিল । আৰম্ভণিতে অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেড । তাৰ পিছত আছিল নীতিশ ৰেড্ডী আৰু হাইনৰিখ ক্লাচেন । হায়দৰাবাদত লক্ষ্ণৌক পৰাস্ত কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে। তাৰ পিছত দেখা গ’ল বহু চৰ্চিত দৃশ্যটো । খেল পথাৰৰ কাষত দলৰ মুৰব্বী আৰু তদানীন্তন অধিনায়ক কে এল ৰাহুলৰ কিছু গৰম আলোচনা । পিছলৈ অৱশ্যে বৰফ গলোৱাৰ এক চেষ্টা কৰা হ’ল । একেলগে ৰাতিৰ আহাৰ, কলকাতাত ৰাহুলৰ সৈতে সাক্ষাৎ । কিন্তু বৰফ নগলিল, কে এল ৰাহুলৰ দল সলনি হ’ল ।

এইবাৰ হায়দৰাবাদৰ বেটিং আক্ৰমণত যোগ দিছে ঈশান কিষানৰ দৰে আন এজন বিধ্বংসী বেটছমেনে । নতুন জাৰ্চি পিন্ধি প্ৰথমখন মেচত শতক অৰ্জন ঈশানৰ । স্বাভাৱিকতে ভয় থাকে । ইতিহাসৰ পুনৰাবৃত্তি নহয়তো!