নোটবুক চেলিব্ৰেশ্যনৰ আঁৰৰ কাহিনী নিজ মুখেৰেই স্বীকাৰ দ্বিগেশ ৰাথীৰ
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্পিনাৰ দিগ্বেশ ৰাথী এই ছিজনৰ অন্যতম আকৰ্ষণ হিচাপে পৰিগণিত হৈছে । দিল্লীৰ যুৱকজনৰ প্ৰদৰ্শন প্ৰশংসনীয় । লক্ষ্ণৌ ছুপাৰ জায়েন্টছে প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিলে । তেওঁলোকৰ কৃতিত্ব হৈছে দিগ্বেশ ৰাথী। তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। কিন্তু দিগ্বেশ প্ৰদৰ্শনৰ বাবে বাতৰিৰ শিৰোনামত থকাৰ সময়তে তেওঁৰ উদযাপনৰ বিষয়ে অধিক চৰ্চা হৈছে ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মঞ্চত বিভিন্ন ধৰণৰ উদযাপন দেখা যায় । অৱশ্যে ইয়াক লৈ বিতৰ্কৰো অভাৱ নাই । যোৱা ছিজনৰ হৰ্ষিত ৰানাৰৰ ফ্লায়িং কিছ্ চেলিব্ৰেশ্যন চৰ্চাৰ বিষয় হৈ পৰিছিল । লগতে তেওঁক জৰিমনাও বিহা হয় । তাৰ পিছত তেওঁ মৌন উদযাপন কৰিছিল । নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী তথা বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে অৱশ্যে হৰ্ষিতৰ উদযাপনশৈলী ভাল পাইছিল । নিজৰ খেলুৱৈৰ কাষত থিয় হৈ তেওঁ কয় যে ফাইনেলত জয়ী হোৱাৰ পিছত দুয়ো একেলগে উদযাপন কৰিব । কেকেআৰ চেম্পিয়ন হোৱাৰ পিছত দলৰ বাকীসকলৰ সৈতে উদযাপন কৰে কিং খানে । চলিত বৰ্ষৰ আই পি এলত আলোচনাৰ কেন্দ্ৰবিন্দু হৈছে নোটবুক ।
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্পিনাৰ দিগ্বেশ ৰাথী এই ছিজনৰ অন্যতম আকৰ্ষণ হিচাপে পৰিগণিত হৈছে । দিল্লীৰ যুৱকজনৰ প্ৰদৰ্শন প্ৰশংসনীয় । লক্ষ্ণৌ ছুপাৰ জায়েন্টছে প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিলে । তেওঁলোকৰ কৃতিত্ব হৈছে দিগ্বেশ ৰাথী। তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। কিন্তু দিগ্বেশ প্ৰদৰ্শনৰ বাবে বাতৰিৰ শিৰোনামত থকাৰ সময়তে তেওঁৰ উদযাপনৰ বিষয়ে অধিক চৰ্চা হৈছে । উইকেট লোৱাৰ পিছত তেওঁ উদযাপনৰ বাবে নোটবুকত লিখাৰ ভংগীমা প্ৰদৰ্শন কৰিছিল ।
দিগ্বেশৰ উদযাপনৰ আঁৰত এটা কাৰণ আছে । লক্ষ্ণৌ ছুপাৰ জায়েন্টছে আয়োজন কৰা এক অনুষ্ঠানত তেওঁ এই কথা প্ৰকাশ কৰে । যিকোনো প্ৰতিযোগিতালৈ গ’লে তেওঁ লগত এখন বহী লৈ ফুৰে । সেই বহীখনত তেওঁ বেটাৰক আউট কৰা বেটছমেনৰ নাম লিখি থয় । কিন্তু প্ৰশ্ন হয়, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ এটা উইকেট লোৱাৰ পিছত এনেদৰে উদযাপন কৰিবনে? বা বিৰাট কোহলীৰ বিৰুদ্ধেও এই উদযাপন দেখা যাবনে?
আই পি এলৰ আৰম্ভণিতে তেওঁক জৰিমনা আৰোপ কৰা হৈছিল । কিন্তু উদযাপন বন্ধ নহ’ল। ইয়াৰ আন এটা সংস্কৰণ কলকাতাৰ ইডেন গাৰ্ডেনত দেখা গৈছিল । হাতত নহয়, খেলপথাৰত কিবা এটা টোকা লিখাৰ দৰে তেওঁ উদযাপন কৰে । একেটা উদযাপনৰ বাবে বাৰে বাৰে জৰিমনা বিহাৰ পাচতো সেই কাৰ্য বন্ধ নকৰাত ব’ৰ্ড কঠোৰ হৈ পৰিছে । নোটবুক চেলিব্ৰেশ্যন আৰু ছানৰাইজাৰ্ছৰ মেচৰ সময়ত অভিষেক শৰ্মাৰ সৈতে বাকযুদ্ধৰ বাবে তেওঁক এখন মেচৰ বাবে জৰিমনা আৰু নিষেধাজ্ঞা আৰোপ কৰা হয় ।
কিং কোহলীৰ বিৰুদ্ধে দিগ্বেশে নোটবুক চেলিব্ৰেশ্যন কৰিবলৈ সাহস কৰিবনে? ৱেষ্ট ইণ্ডিজৰ এজন পেচাৰ কেছৰিক উইলিয়ামছে তেনে কৰিছিল । কেছৰিকে কিং কোহলীৰ বিৰুদ্ধে নোটবুক চেলিব্ৰেশ্যন কৰিছিল । বিৰাট কোহলীয়েও চাৰি আৰু ছয়ৰ ধুমুহাৰ সৃষ্টি কৰি প্ৰত্যুত্তৰ দিয়ে । কেৱল সেয়াই নহয়, কেছৰিকে যেনেকৈ এটা উইকেট লৈ নোট কৰিছিল, তেনেকৈয়ে বিৰাটে চাৰি-ছয় মাৰি সেইটো নোট কৰি উদযাপন কৰিছিল ।
দিগ্বেশ যেনেকৈ দিল্লীৰ, বিৰাট কোহলীও দিল্লীৰেই । দিগ্বেছে মাত্ৰ আই পি এলৰ মঞ্চত ভৰি দিছে, আৰু বিৰাট কোহলীয়ে ১৮ সংখ্যক সংস্কৰণত খেলি আছে । কেৱল সেয়াই নহয়, বিৰাটৰ সৈতে সহজে চকুত চকু থ’বলৈও কোনেও সাহস নকৰে । দিগ্বেশে কোহলীৰ দৰে কিংবদন্তিৰ উইকেট দখল কৰিলে নিজকে চম্ভালি ৰাখিব পাৰিবনে ?