জীৱনৰ প্ৰথম আই পি এলত পুৰস্কাৰ হিচাপে পোৱা এই সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰে বৈভৱ সূৰ্যবংশীয়ে, অন্যথা ভৰিব জৰিমনা!
সমগ্ৰ প্ৰতিযোগিতাখনত সৰ্বাধিক ষ্ট্ৰাইক ৰেট লাভ কৰা বেটছমেনক প্ৰতি বছৰে ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজনৰ বঁটা প্ৰদান কৰা হয় । এই সাফল্যৰ পুৰস্কাৰ হিচাপে বৈভৱক ট্ৰফী আৰু এখন টাটা কাৰ্ভ গাড়ী দিয়া হৈছে ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ বহু যুৱ খেলুৱৈৰ বাবে স্মৰণীয় আছিল, আৰু ইয়াৰ ভিতৰত আটাইতকৈ উজ্জ্বল তাৰকা হিচাপে প্ৰমাণিত হ’ল ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশী । ৰাজস্থান ৰয়েলছৰ এই উদীয়মান বেটছমেনে কেৱল নিজৰ বিস্ফোৰক বেটিঙেৰে শিৰোনাম দখল কৰাই নহয়, ‘ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজন’ বঁটাও লাভ কৰে । অৰ্থাৎ এই ছিজনত সৰ্বাধিক ষ্ট্ৰাইক ৰেট লাভ কৰা বেটছমেন তেওঁ । কিন্তু এই শক্তিশালী প্ৰদৰ্শনৰ বাবে তেওঁ যি পুৰস্কাৰ লাভ কৰিলে সেয়া ব্যৱহাৰ কৰাটো বৈভৱৰ বাবে যেন সঠিক নহ’ব । এই পুৰস্কাৰ ব্যৱহাৰৰ ফলত জৰিমনাও ভৰিব লগীয়া হ’ব পাৰে তেওঁ ।
ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজনৰ খিতাপ
২০২৫ চনৰ আই পি এলত বিস্ফোৰক বেটিঙেৰে সকলোকে আচৰিত কৰি তুলিছিল বৈভৱ সূৰ্যবংশীয়ে । ৭খন মেচত ২৫২ ৰান সংগ্ৰহ কৰিছিল, য’ত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ২০৬.৫৫ । কমেও ৭খন মেচ খেলা আৰু ১০০টাতকৈ অধিক বলৰ সন্মুখীন হোৱা সকলো খেলুৱৈৰ ভিতৰত এই ষ্ট্ৰাইক ৰেট আছিল সৰ্বাধিক । এই সময়ছোৱাত বৈভৱে ১২২টা বলত ২৪টা ছয় আৰু ১৮টা চাৰি কোবাই তেওঁৰ আগ্ৰাসী বেটিং প্ৰমাণ কৰে ।
সমগ্ৰ প্ৰতিযোগিতাখনত সৰ্বাধিক ষ্ট্ৰাইক ৰেট লাভ কৰা বেটছমেনক প্ৰতি বছৰে ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজনৰ বঁটা প্ৰদান কৰা হয় । এই সাফল্যৰ পুৰস্কাৰ হিচাপে বৈভৱক ট্ৰফী আৰু এখন টাটা কাৰ্ভ গাড়ী দিয়া হৈছে । এই সন্মান তেওঁৰ বাবে এক ডাঙৰ কৃতিত্ব, বিশেষকৈ মাত্ৰ ১৪ বছৰ বয়সত এইটো আছিল তেওঁৰ প্ৰথম আই পি এলৰ ছিজন । কিন্তু বয়সৰ বাবে বৈভৱে বৰ্তমান পুৰস্কাৰ হিচাপে পোৱা গাড়ীখন ব্যৱহাৰ কৰিব নোৱাৰে ।
গাড়ীৰ পুৰস্কাৰ আৰু নিয়মৰ বাধা
বৈভৱক ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজনৰ পুৰস্কাৰ হিচাপে দিয়া হৈছিল এখন টাটা কাৰ্ভ গাড়ী । কিন্তু ১৪ বছৰ বয়সৰ বাবে তেওঁ নিজে এই গাড়ীখন চলাব নোৱাৰে । ভাৰতত মটৰ গাড়ী আইন ১৯৮৮ৰ অধীনত ড্ৰাইভিং লাইচেন্সৰ বাবে ন্যূনতম বয়স ১৮ বছৰ হ’ব লাগে । ১৬ বছৰ বয়সত ৫০ চিচি পৰ্যন্ত স্কুটাৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰি, কিন্তু গাড়ী চলাবলৈ ১৮ বছৰ বয়স হোৱাটো বাধ্যতামূলক । বৈভৱ বা কোনো নাবালক অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলাই ধৰা পৰিলে তেওঁলোকক জৰিমনা বিহাৰ লগতে বাহনৰ মালিক বা অভিভাৱক শাস্তিৰ সন্মুখীন হ’ব পাৰে আইনৰ অধীনত ।