শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সুন্দৰ শ্বটেৰে কোবালে বাউণ্ডেৰী, তাৰ পিছতে গিলে এৰিলে খেলপথাৰ! ইডেনত খেলৰ মাজতে হঠাতে এয়া কি হ’ল?

উইকেট নেহেৰুৱালেও ইনিংছৰ মাজভাগত হঠাতে খেলপথাৰ এৰিব লগা হৈছে ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে। নিজ ইনিংছৰ তৃতীয় বলতে গিলে এৰিব লগা হয় খেলপথাৰ। পিছে কিয় হঠাতে খেলপথাৰ এৰিলে গিলে?

সুন্দৰ শ্বটেৰে কোবালে বাউণ্ডেৰী, তাৰ পিছতে গিলে এৰিলে খেলপথাৰ! ইডেনত খেলৰ মাজতে হঠাতে এয়া কি হ’ল?
শুভমন গিলImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 15 Nov 2025 12:01 PM

কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত চলি আছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই মেচখনত ভাৰতে দৰ্শনীয় বলিং প্ৰদৰ্শনেৰে ভ্ৰমণকাৰী দলটোক মাত্ৰ ১৫৯ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য কৰে। ইফালে ভাৰতীয় দলে বেটিং আৰম্ভ কৰি এইপৰ্যন্ত ৪ উইকেটত ১৩৮ ৰান সংগ্ৰহ কৰিছে। ভাৰতে কালি যশস্বী জয়ছোৱালৰ উইকেট হেৰুৱাৰ পিছত আজি অভিজ্ঞ ৰাহুল, ৱাশ্বিংটন সুন্দৰ আৰু ঋষভ পণ্টৰ উইকেট হেৰুৱাইছে।

আনহাতে উইকেট নেহেৰুৱালেও ইনিংছৰ মাজভাগত হঠাতে খেলপথাৰ এৰিব লগা হৈছে ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে। নিজ ইনিংছৰ তৃতীয় বলতে গিলে এৰিব লগা হয় খেলপথাৰ। প্ৰটিয়াছ স্পিনাৰ হাৰমাৰে কৰা এই বলত গিলে এটা বাউণ্ডেৰী কোবায় যদিও সেই সময়তে তেওঁ ডিঙিৰ বিষ অনুভৱ কৰে।

ডিঙিৰ সমস্যাৰ বাবে গিল খেলপথাৰৰ বাহিৰত

কিছুসময় ধৰি গিলে বিষৰ বাবে ডিঙিত ধৰি থকা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতে দলৰ ফিজিঅ’ই খেলপথাৰত প্ৰৱেশ কৰি গিলৰ আঘাতৰ পৰীক্ষা কৰে। গিলৰ আঘাতৰ অৱস্থাৰ মূল্যায়ন কৰাৰ পিছত ফিজিঅ’ই তেওঁক খেলপথাৰৰ পৰা বাহিৰলৈ নিয়াৰ সিদ্ধান্ত লয়। সেই অনুসৰি খেলপথাৰ এৰে ভাৰতীয় অধিনায়কগৰাকীয়ে।

 

কিমান গুৰুতৰ এই আঘাত?

আঘাত লাভৰ সময়লৈ শুভমন গিলে ৩টা বলত ৪ ৰান সংগ্ৰহ কৰিছিল। গিলৰ এই আঘাতৰ সমস্যা কিমান গুৰুতৰ, সেয়া সঠিক স্বাস্থ্য পৰীক্ষাৰ পিছতহে জানিব পৰা যাব। শেহতীয়া সময়ছোৱত গিল অত্যন্ত ফৰ্মত আছে। গতিকে এই সময়ত ইডেনৰ কঠিন পিটছত গিল সংকটমুক্ত হৈ উভতি অহাটো অত্যন্ত প্ৰয়োজনীয়।