TV9 ASSAM
দৈ বা প্ৰ’বায়’টিক খাদ্যত উপকাৰী বেক্টেৰিয়া থাকে, যি পাচনত সহায় কৰে আৰু আন্ত্ৰিক স্বাস্থ্যৰ ভাৰসাম্য ৰক্ষা কৰে। দিনটোত এবাটি দৈ খোৱাটো শীতকালত অতি উপকাৰী।
গাজৰ, বিট, আপেল, কমলা বা ব্ৰকলিৰ দৰে খাদ্যত ডায়েটাৰী ফাইবাৰ থাকে, ই অন্ত্ৰ পৰিষ্কাৰ কৰি ৰাখে আৰু মলত্যাগত সহায় কৰে। ফাইবাৰ অন্ত্ৰত থকা উপকাৰী বেক্টেৰিয়াৰ খাদ্য হিচাপে কাম কৰে।
আদা-নহৰুৱে কেৱল শীতকালত ঠাণ্ডা দূৰ কৰাই নহয়, অন্ত্ৰৰ প্ৰদাহ কমায় আৰু পাচনতন্ত্ৰ সক্ৰিয় কৰি ৰাখে। আদা, নহৰুৰ এন্টিমাইক্ৰ’বিয়াল গুণে অন্ত্ৰক সংক্ৰমণৰ পৰা মুক্ত কৰি ৰাখে।
মগুৰ দৰে প্ৰটিন সমৃদ্ধ খাদ্যসমূহ সহজে হজম হয় আৰু আন্ত্ৰিক অংশত ভাল বেক্টেৰিয়া বৃদ্ধিত সহায় কৰে। শীতকালৰ দুপৰীয়া হজমৰ বাবে গৰম দাইলৰ চূপ আদৰ্শ খাদ্য হ’ব পাৰে।
শীতকালত বহুলোকে পানী কমকৈ খায়। এয়া আন্ত্ৰিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। গতিকে নিয়মিতভাৱে গৰম পানী বা আদা-তুলসী দিয়া চাহ খালে পাচন প্ৰক্ৰিয়া স্বাভাৱিক হৈ থাকে।
আলমণ্ড, আখৰোট, চিয়া বীজ আদিত ওমেগা-৩ ফেটি এচিড আৰু ফাইবাৰ থাকে, যি আন্ত্ৰিক প্ৰদাহ হ্ৰাস কৰে আৰু আন্ত্ৰিক অংশত সুস্থ ভাৰসাম্য ৰক্ষা কৰে।
হালধিত থকা কাৰকুমিন আৰু ঘিউত থকা স্বাস্থ্যকৰ চৰ্বিয়ে একেলগে আন্ত্ৰিক স্বাস্থ্য শক্তিশালী কৰে। ইহঁতে শৰীৰৰ প্ৰদাহ কমায় আৰু পাচন প্ৰক্ৰিয়া উন্নত কৰে।
পঢ়িবলৈ ক্লিক কৰক
গুড় ক্রয় কৰোঁতে মনত ৰাখিব এই ৪টা কথা