বিক্ৰী কৰা বাহন অপৰাধত ব্যৱহৃত হৈছে নেকি! আপোনাৰো হ’ব নেকি বিপদ?
যদি আপুনি নিজৰ বাহনখন বিক্ৰী কৰে আৰু এই বাহনখন পিছত কোনোৱে অপৰাধমূলক কাৰ্যত ব্যৱহাৰ কৰে, তেতিয়া আপুনি আৰক্ষী বা আইনী সমস্যাৰ সন্মুখীন হ’ব নেকি? এই সন্দৰ্ভত দেশৰ আইনে কি কয়, জানিবলৈ চাওক ভিডিঅ’।
যোৱা ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণে সমগ্ৰ দেশ জোকাৰি তোলে। সম্প্ৰতি তদন্তকাৰী সংস্থা NIAই এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি বিস্ফোৰণত ব্যৱহৃত বাহনখন হুণ্ডাই i-20 বাহনখন আছিল ছেকেণ্ড হেণ্ড। ইফালে তদন্তৰ সময়ত পিছত ফৰিদাবাদৰ পৰা উদ্ধাৰ কৰা বাহনখনো ছেকেণ্ড হেণ্ড আছিল বুলি প্ৰকাশ পাইছে। ইয়াৰ পিছতে এক বিশেষ প্ৰশ্নই বহু লোকৰ মনত গা কৰি উঠিছে।
যদি আপুনি নিজৰ বাহনখন বিক্ৰী কৰে আৰু এই বাহনখন পিছত কোনোৱে অপৰাধমূলক কাৰ্যত ব্যৱহাৰ কৰে, তেতিয়া আপুনি আৰক্ষী বা আইনী সমস্যাৰ সন্মুখীন হ’ব নেকি? এই সন্দৰ্ভত দেশৰ আইনে কি কয়, জানিবলৈ চাওক ভিডিঅ’…
