শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

BCCI-এ বান্ধি দিলে চৰ্ত! টীম ইণ্ডিয়াৰ অংশ হ’বলৈ ৰোহিত-বিৰাটে কৰিব লাগিব এই কাম…

কিছুদিন পূৰ্বে অষ্ট্ৰেলিয়া ভ্ৰমণৰ এদিনীয়া শৃংখলাৰ সময়ত খেলপথাৰলৈ উভতি আহিছিল ৰোহিত শৰ্মা আৰু বিৰাট কোহলী। কিন্তু এই শৃংখলাৰ পিছত দুয়োগৰাকীয়ে বৰ্তমান খেলৰ পৰা আঁতৰি আছে। কাৰণ টীম ইণ্ডিয়াই বৰ্তমান টি-২০ আৰু টেষ্ট ক্ৰিকেটত ব্যস্ত হৈ পৰিছে , আৰু ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ইতিমধ্যে এই ছিৰিজৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

BCCI-এ বান্ধি দিলে চৰ্ত! টীম ইণ্ডিয়াৰ অংশ হ’বলৈ ৰোহিত-বিৰাটে কৰিব লাগিব এই কাম…
ৰোহিত শৰ্মা আৰু বিৰাট কোহলীImage Credit source: PTI
Trishna Kalita
Trishna Kalita | Updated On: 12 Nov 2025 12:58 PM

কেইবাদিনো পূৰ্বে অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্ত পৰিছিল যদিও বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ ভৱিষ্যতক লৈ এতিয়াও অনিশ্চয়তাৰ সৃষ্টি হৈছে। টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ লোৱা দুয়োগৰাকী ভাৰতীয় ক্ৰিকেট কিংবদন্তি এতিয়া কেৱল এদিনীয়া ক্ৰিকেটত সক্ৰিয় হৈ আছে। বাদ পৰা আৰু অৱসৰৰ বিষয়ে জল্পনা-কল্পনাৰ মাজতে দুয়োজনে অষ্ট্ৰেলিয়া ভ্ৰমণত এদিনীয়া শৃংখলাত পুনৰ উভতি আহিছিল যদিও তেওঁলোকৰ স্থান অনিশ্চিত হৈ আছে। ইফালে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এতিয়া দুয়োৰে ওপৰত এটা চৰ্ত ৰাখিছে যে ঘৰুৱা ক্ৰিকেট খেলিলেহে টীম ইণ্ডিয়াত স্থান লাভৰ যোগ্যতা অৰ্জন কৰিব।

ঘৰুৱা ক্ৰিকেট খেলা অবিহনে কোনো বিকল্প নাই

অষ্ট্ৰেলিয়া ভ্ৰমণত তিনিখন খেলৰ এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰাৰ পিছত বৰ্তমান খেলপথাৰৰ পৰা আঁতৰত আছে বিৰাট আৰু ৰোহিত। শেহতীয়াকৈ টি-২০ ছিৰিজ খেলা টীম ইণ্ডিয়াই এতিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট ছিৰিজ খেলিব। অৱশ্যে ভাৰতীয় দলটোৱে পৰৱৰ্তী সময়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব। তাৰ ঠিক আগতে বিচিচিআইয়ে দুয়োগৰাকী তাৰকা খেলুৱৈক ঘৰুৱা ক্ৰিকেট খেলাৰ নিৰ্দেশ জাৰি কৰে।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতীয় ব’ৰ্ডে দুয়োগৰাকী প্ৰাক্তন অধিনায়কক ঘৰুৱা এদিনীয়া প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত অংশগ্ৰহণ কৰিবলৈ কৈছে। এই প্ৰতিযোগিতা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব। গতিকে ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ ক্ষেত্ৰত এই চৰ্ত প্ৰযোজ্য নহ’ব। অৱশ্যে টীম ইণ্ডিয়াৰ পৰৱৰ্তী এদিনীয়া শৃংখলা ২০২৬ চনৰ ১১ জানুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে হ’ব, আৰু দুয়োজনে নিৰ্বাচনৰ বাবে এই চৰ্ত পূৰণ কৰিব লাগিব। এই প্ৰতিযোগিতাত তাৰকা দুগৰাকীয়ে অংশগ্ৰহণ কৰিব নে নকৰে সেয়া হ’ব লক্ষ্যণীয়।

ৰোহিত শৰ্মা সাজু, বিৰাটৰ সঁহাৰিৰ বাবে অপেক্ষা

খবৰ অনুসৰি ৰোহিতে ঘৰুৱা ক্ৰিকেট খেলাৰ ইচ্ছা প্ৰকাশ কৰি মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনক তেওঁৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰিছে। কেৱল বিজয় হাজাৰে ট্ৰফীয়েই নহয়, ইয়াৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীতো ৰোহিত শৰ্মাক খেলা দেখা যাব পাৰে। ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখন ১৮ ডিচেম্বৰলৈকে চলিব। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত নিৰ্বাচনৰ বাবে এই প্ৰতিযোগিতাত অংশগ্ৰহণ বাধ্যতামূলক হ’ব নে নহয় সেয়া বৰ্তমান স্পষ্ট নহয়। বিৰাট কোহলীৰ কথা ক’বলৈ গ’লে খবৰ অনুসৰি বিজয় হাজাৰে ট্ৰফীত তেওঁৰ অংশগ্ৰহণ সন্দৰ্ভত পৰিস্থিতি বৰ্তমান স্পষ্ট নহয়।