প্ৰত্যাৱৰ্তনতে পণ্টৰ অভিলেখ, অতিক্ৰম কৰিলে সেহৱাগক

15 Nov 2025

TV9 ASSAM

আঘাতমুক্ত হৈ ভাৰতীয় দললৈ উভতিছে ঋষভ পণ্ট। দক্ষিণ আফ্ৰিকাৰ বিপক্ষে প্ৰথম টেষ্টত পণ্টে পুনৰ সহ-অধিনায়কৰ দায়িত্ব পালন কৰিছে।

পণ্টৰ প্ৰত্যাৱৰ্তন

ইংলেণ্ডৰ বিপক্ষে টেষ্টত ভৰিত আঘাত পোৱা পণ্টে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দুই ভৰিত পৃথক পৃথক ডিজাইনৰ জোতা পৰিধান কৰা দেখা গৈছে।

পৃথক জোতা

প্ৰথম ইনিংছত পণ্টে আক্ৰমণাত্মক আৰম্ভণি ঘটালেও দীৰ্ঘসময় ক্ৰীজত থাকিব নোৱাৰিলে। নিজৰ চমু ইনিংছত পণ্টে ২৪টা বলত ২৭ ৰান সংগ্ৰহ কৰে।

বেটিং

এই চমু ইনিংছত পণ্টে দুটা ছয় কোবায়। এইদৰে তেওঁ প্ৰাক্তন তাৰকা বীৰেন্দ্ৰ সেহৱাগক অতিক্ৰমি এক ঈৰ্ষণীয় অভিলেখ ৰচে।

অভিলেখ

পণ্ট এতিয়া টেষ্টত সৰ্বাধিক ছয় কোবোৱা ভাৰতীয় বেটাৰ। আজিৰ ছয় দুটাৰ সৈতে পণ্টৰ ছয়ৰ সংখ্যা ৯২টালৈ বৃদ্ধি পায় আৰু সেহৱাগৰ ৯০টা ছয়ৰ অভিলেখ ভংগ কৰে।

সৰ্বাধিক ছয়

সামগ্ৰিকভাৱে এই তালিকাত বিশ্বৰ সপ্তম স্থানত আছে পণ্ট। ১৩৬টা ছয়েৰে ইংলেণ্ডৰ বেন ষ্ট’কছ আছে তালিকাৰ শীৰ্ষ স্থানত।

সামগ্ৰিক স্থান

পঢ়িবলৈ ক্লিক কৰক 

আক্রাম-অশ্বিনক অতিক্রমি বুমৰাহৰ অভিলেখ