প্ৰথমে হোটেললৈ মাতি নিলে, পাছত যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড IPL খেলুৱৈৰ…
এগৰাকী IPL খেলুৱৈৰ বিৰুদ্ধে এগৰাকী মহিলাই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীয়ে খেলুৱৈজন সন্দৰ্ভত যৌন নিৰ্যাতন আৰু মাৰপিটৰ অভিযোগ উত্থাপন কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।
আইপিএলৰ এগৰাকী খেলুৱৈৰ বিৰুদ্ধে এগৰাকী মহিলা ক্ৰিকেটাৰে এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে। যুৱতীগৰাকীয়ে অভিযোগ কৰিছে যে, খেলুৱৈজনে তেওঁক বিবাহৰ প্ৰতিশ্ৰুতি দি ধৰ্ষণ আৰু মাৰপিট কৰিছিল। এই সন্দৰ্ভত হায়দৰাবাদৰ যুৱতীগৰাকীয়ে নয়দা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰক্ষী মুখ্য কাৰ্যালয়লৈ গৈ জ্যেষ্ঠ আৰক্ষী বিষয়াক সাক্ষাৎ কৰি ন্যায়ৰ দাবী জনায়।
ভুক্তভোগী যুৱতীগৰাকী নয়দাৰ এটা পিজিত থাকে। তেওঁৰ মতে, ২০২৫ চনৰ মে’ মাহত সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ আই পি এলৰ খেলুৱৈ বিপ্ৰজ নিগমক লগ পাইছিল। চিনাকী হোৱাৰ পাছত দুয়োৰে ঘনিষ্ঠতা বৃদ্ধি পাইছিল। এই ঘনিষ্ঠতা পাছলৈ প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰিত হয়। খেলুৱৈজনে যুৱতীগৰাকীক বিবাহৰ প্ৰতিশ্ৰুতি দিছিল। যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি ২০২৫ চনৰ জুন মাহৰ পৰা তেওঁলোকৰ মাজত সম্পৰ্ক আছিল।
তেওঁ এজাহাৰত লগতে কয় যে, ২০২৫ চনৰ ২৯ জুলাইত অভিযুক্ত খেলুৱৈগৰাকীয়ে তেওঁক নয়ডাৰ ১৩৫ নং ছেক্টৰৰ এখন হোটেললৈ মাতি পঠিয়াইছিল। তাৰ পাছত বিয়াৰ প্ৰলোভন দি ধৰ্ষণ কৰিছিল। কিন্তু যেতিয়া যুৱতীগৰাকীয়ে বিয়াৰ কথা কয় তেতিয়া খেলুৱৈজনে তেওঁক মাৰপিট কৰি হোটেলৰ পৰা বাহিৰ কৰি দিয়ে।
যুৱতীগৰাকীয়ে কয় যে, ৩০ জুলাইত আই পি এলৰ খেলুৱৈগৰাকীৰ প্ৰেমিকা বুলি পৰিচয় দিয়া এগৰাকী মহিলাৰ পৰা ফোন লাভ কৰিছিল। সেই যুৱতীগৰাকীয়ে ভুক্তভোগীক হত্যাৰ ভাবুকি দিছিল। ইমানেই নহয়, তেওঁৰ ব্যক্তিগত ফটো, ভিডিঅ’ ভাইৰেল কৰাৰো ভাবুকি প্ৰদান কৰিছিল। ইয়াৰ পাছত তেওঁ আৰু কেইবাটাও নম্বৰৰ পৰা ফোন লাভ কৰিছিল, যিয়ে তেওঁক হত্যাৰ ভাবুকি দিছিল।
ইয়াৰ পাছতে তেওঁ ২০২৫ চনৰ ১৩ অক্টোবৰত নয়দা আৰক্ষীক ঘটনা সন্দৰ্ভত সবিশেষ জনায়। কিন্তু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহন নকৰাত তেওঁ এইবাৰ জ্যেষ্ঠ আৰক্ষীৰ কাষ চাপিছে। ইফালে ২০২৫ চনৰ ৮ নৱেম্বৰত মহিলা ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে ব্লেকমেইল আৰু ভাবুকি দিয়াৰ গোচৰ ৰুজু কৰিছে আইপিএলৰ খেলুৱৈজনে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ মেঘালয়ত অসমৰ তপন দে’ৰ সৈতে ভয়ংকৰ কাণ্ড! প্ৰথমে ল’লে প্ৰাণ আৰু পাছত…