TV9 ASSAM
আজিৰ পৰা আৰম্ভ হৈছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম টেষ্ট। প্ৰথম ইনিংছত আজি দক্ষিণ আফ্ৰিকাই মাত্ৰ ১৫৯ ৰানত অলআউট হয়।
দুৰন্ত বলিং প্ৰদৰ্শনেৰে যশপ্ৰীত বুমৰাহে মাত্ৰ ২৭ ৰান দি ৫টা উইকেট দখল কৰে। এইদৰে তেওঁ কেইবাটাও কৃতিত্ব অৰ্জন কৰে।
নিজ কেৰিয়াৰত ১৬ সংখ্যক বাৰৰ বাবে বুমৰাহে এটা ইনিংছত ৫ বা তাতোধিক উইকেট দখল কৰিছে। ইয়াৰে ১৩ বাৰ এই কৃতিত্ব SENA দেশৰ বিৰুদ্ধে।
দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিপক্ষে ৫উইকেট দখলৰ ক্ষেত্ৰত বুমৰাহে ৱাছিম আক্ৰামক অতিক্ৰম কৰি এছিয়ান বলাৰৰ অভিলেখ ৰচে।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চতুৰ্থবাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰি বুমৰাহে জৱাগল শ্ৰীনাথ আৰু হৰভজন সিঙক স্পৰ্শ কৰে। এই ক্ষেত্ৰত শীৰ্ষত আছে অশ্বিন (৫বাৰ)।
২০১৮ চনৰ পৰা টেষ্টত সৰ্বাধিক ১৩ সংখ্যক বাৰ বিপক্ষৰ অপেনাৰক আউট কৰিছে বুমৰাহে। এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে ষ্টুয়াৰ্ট ব্ৰডক (১২ বাৰ)।
অশ্বিনক (১৫১ বাৰ) অতিক্ৰম কৰি ব’ল্ডৰ জৰিয়তে উইকেট দখলৰ ক্ষেত্ৰত ভাৰতীয়ৰ তালিকাত তৃতীয় স্থানলৈ বুমৰাহ (১৫৩)। শীৰ্ষ দুই স্থানত আছে কুম্বলে (১৮৬), কপিল দেৱ (১৬৭)।
পঢ়িবলৈ ক্লিক কৰক
গুড় ক্রয় কৰোঁতে মনত ৰাখিব এই ৪টা কথা