শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সন্ত্ৰাসবাদী চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা, কৰিব নোৱাৰিব ডাক্তৰি…

লালকিল্লাৰ সমীপত বিস্ফোৰণ হোৱা বাহনখনৰ পৰা বিস্ফোৰক মজুত কৰা,বিস্ফোৰণৰ পৰিকল্পনা কৰালৈকে চাৰিজন চিকিৎসক জড়িত থকা তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে মুজাম্মিল শ্বাকিল, শ্বাহীন শ্বাহিদ, আদিল খান।

সন্ত্ৰাসবাদী চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা, কৰিব নোৱাৰিব ডাক্তৰি…
manas-borah
Manas Borah | Updated On: 15 Nov 2025 13:16 PM

চিকিৎসক হ’লগৈ সন্ত্ৰাসবাদী ! দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰে ইজনৰ পাছত সিজন চিকিৎসকৰ নাম সাঙোৰ খাইছে। লালকিল্লাৰ সমীপত বিস্ফোৰণ হোৱা বাহনখনৰ পৰা বিস্ফোৰক মজুত কৰা,বিস্ফোৰণৰ পৰিকল্পনা কৰালৈকে চাৰিজন চিকিৎসক জড়িত থকা তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে মুজাম্মিল শ্বাকিল, শ্বাহীন শ্বাহিদ, আদিল খান। ইতিমধ্যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আটাইকেইজনৰ বিৰুদ্ধে। বাতিল কৰা হৈছে তেওঁলোকৰ চিকিৎসা অনুজ্ঞাপত্ৰ।

দিল্লী বিস্ফোৰণৰ লগত জড়িত থকা অভিযোগত আদিল খান, মুজাম্মিল শ্বাহিদ আৰু শ্বাহীন শ্বাহিদৰ মেডিকেল ৰেজিষ্ট্ৰেচন বাতিল কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিষদে(National Health Council)। ইণ্ডিয়ান মেডিকেল ৰেজিষ্ট্ৰেচন আৰু নেচনেল মেডিকেল ৰেজিষ্ট্ৰেচন দুয়োটা বাতিল কৰা হৈছে।

এইলৈ প্ৰকাশ কৰা জাননীত স্পষ্টকৈ উল্লেখ আছে যে, আৰক্ষীৰ তথ্যই প্ৰমাণ কৰে যে এই চিকিৎসকসকলেই মূল অভিযুক্ত। সেইবাবেই তেওঁলোকৰ ৰেজিষ্ট্ৰেচন বাতিল কৰা হৈছে। এই চিকিৎসকসকলে দেশৰ কোনো ঠাইতে চিকিৎসা সেৱা আগবঢ়াব নোৱাৰিব আৰু চিকিৎসাৰ এপইণ্টমেণ্টো ল’ব নোৱাৰিব। যি ৰাজ্যৰ প্ৰতিনিধি হিচাপে তেওঁলোকে ৰেজিষ্ট্ৰেচন লাভ কৰিছিল সেই ৰাজ্যসমূহক ইতিমধ্যে এই কথা অৱগত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিষদে।

লগতে আটাইকেইখন ৰাজ্যিক মেডিকেল কাউনচিলকে নিজৰ ৰেকৰ্ড আপডেট কৰিবলৈ কোৱা হৈছে। কিয়নো যাতে এই তিনিওজনে কোনো কাৰণতে পুনৰ কেতিয়াও চিকিৎসা সেৱা আগবঢ়াব নোৱাৰে।

ৰেজিষ্ট্ৰেচন বাতিল হোৱা চতুৰ্থজন চিকিৎসক ডাঃ ওমৰ নবী। বৰ্তমান এইগৰাকী চিকিৎসকে দিল্লীত আত্মঘাতী বিস্ফোৰণ সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে এই বিস্ফোৰণত তেওঁৰ মৃত্যুৰ হৈছে। তেওঁৰো ৰেজিষ্ট্ৰেচন বাতিল কৰা হৈছে।