বিহাৰত NDA ই মেজিক নম্বৰ অতিক্ৰম কৰাৰ পিছত অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া
বিহাৰত মহাগঠবন্ধনে জংঘলৰাজ সৃষ্টিৰ বাবে চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, তেওঁলোকৰ প্ৰচেষ্টাক সম্পূৰ্ণৰূপে নাকচ কৰিছে বিহাৰৰ জনতাই।
“এনডিএৰ বিকাশৰ ৰাজনীতিয়ে বিহাৰত জংঘলৰাজৰ অৱসান ঘটাইছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ শেহতীয়া ফলাফলক লৈ এই প্ৰতিক্ৰিয়া অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। বিহাৰত মহাগঠবন্ধনে জংঘলৰাজ সৃষ্টিৰ বাবে চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, তেওঁলোকৰ প্ৰচেষ্টাক সম্পূৰ্ণৰূপে নাকচ কৰিছে বিহাৰৰ জনতাই।
তেওঁ কয়, “জংঘলৰাজৰ সলনি মংগলৰাজৰ প্ৰতি ৰাইজৰ যি আস্থা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি যি আস্থা, নীতিশ কুমাৰৰ প্ৰতি যি আস্থা সেয়া প্ৰকাশ পাইছে।” লগতে এনডিএৰ বিকাশৰ ৰাজনীতিৰ প্ৰতি আস্থা প্ৰকাশ কৰি বিহাৰৰ ভোটাৰ ৰাইজে পৰিপক্ক মতদান দিছে বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে।
উল্লেখ্য যে, শেহতীয়া ফলাফললৈ চাই দেখা যায় যে, বিহাৰ বিধানসভা নিৰ্বাচনত এক আকৰ্ষণীয় অগ্ৰগতি লাভ কৰিছে এনডিএৰ প্ৰাৰ্থীসকলে। এতিয়ালৈকে পোৱা ফলাফলত এন ডি এৰ ২০০-২০১ আসনত জয়ৰ ইংগিত পোৱা গৈছে। এতিয়ালৈকে এনডিএয়ে ২০৩ আগত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে, মহাগঠবন্ধনে ৩৪ খন, অন্যান্যই ৬ খন আসনত অগ্ৰগতি লাভ কৰিছে। ইফালে, জেএছপিয়ে এখনো আসনত অগ্ৰগতি লাভ কৰা এতিয়ালৈকে দেখা নাই। বিহাৰৰ মুঠ বিধানসভা আসন হৈছে ২৪৩ খন।
