শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইডেন টেষ্টত প্ৰটিয়াছ বাহিনীৰ সমুখত ‘অনভিজ্ঞ’ ভাৰতীয় দল, ৯ গৰাকী খেলুৱৈৰ ঘটিব অভিষেক!

ইডেনত হ’বলগীয়া প্ৰথমখন টেষ্টত ভাৰতীয় দলৰ ৯ গৰাকী খেলুৱৈয়ে অভিষেকৰ সুযোগ লাভ কৰিব। এই খবৰে স্বাভাৱিকতেই কিছু আচৰিত কৰিব পাৰে ক্ৰিকেটপ্ৰেমীসকলক। কিন্তু আচৰিত হ’লেও এয়া সঁচা। পিছে কিদৰে সঁচা এয়া!

ইডেন টেষ্টত প্ৰটিয়াছ বাহিনীৰ সমুখত ‘অনভিজ্ঞ’ ভাৰতীয় দল, ৯ গৰাকী খেলুৱৈৰ ঘটিব অভিষেক!
কাইলৈৰ পৰা ইডেনত প্ৰথম টেষ্টImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 13 Nov 2025 18:56 PM

কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট শৃংখলা। দুখন মেচৰ এই টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ কাইলৈৰ পৰা কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনছ ষ্টেডিয়ামত আৰম্ভ হ’ব। এই মেচখনত এক বিশেষ কাৰণত হৈ পৰিছে সফল। কিয়নো সুদীৰ্ঘ ছয় বছৰৰ পিছত ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব টেষ্ট মেচ। স্বাভাৱিকতেই মেচখনত ভাৰতীয় দলৰ মূল একাদশৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ আফ্ৰিকাৰ প্ৰত্যাহ্বান নেওচিবলৈ শক্তিশালী একাদশেৰে খেলপথাৰত নামিব বিচাৰিব ভাৰত।

ইতিমধ্যে টেষ্ট অধিনায়ক হিচাপে শুভমন গিলে নিজৰ যোগ্যতাৰ প্ৰমাণ দিছে। ঘৰৰ মাটিত ইতিমধ্যে গিলে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে দলক নেতৃত্ব দিছে। তুলনামূলকভাৱে দুৰ্বল ৱেষ্ট ইণ্ডিজৰ বিপক্ষে শৃংখলাত ভাৰতীয় দলে সহজেই জয়লাভ কৰিছিল যদিও শক্তিশালী প্ৰটিয়াছ বাহিনীৰ বিপক্ষে এইবাৰ কঠিন প্ৰত্যাহ্বান সন্মুখীন হ’ব লাগিব।

৯ গৰাকী ভাৰতীয় খেলুৱৈৰ অভিষেক!

ইডেনত হ’বলগীয়া প্ৰথমখন টেষ্টত ভাৰতীয় দলৰ ৯ গৰাকী খেলুৱৈয়ে অভিষেকৰ সুযোগ লাভ কৰিব। এই খবৰে স্বাভাৱিকতেই কিছু আচৰিত কৰিব পাৰে ক্ৰিকেটপ্ৰেমীসকলক। কিন্তু আচৰিত হ’লেও এয়া সঁচা। পিছে কিদৰে সঁচা এয়া! দৰাচলতে এই খেলুৱৈকেইনে জাতীয় দলৰ হৈ নহয়, ইডেনতহে অভিষেকৰ বাবে সাজু হৈছে।

তালিকাত অধিনায়ক শুভমন গিলো

ভাৰতীয় দলৰ নিৰ্বাচক মণ্ডলে এই টেষ্টখনৰ বাবে নিৰ্বাচিত কৰা ১৪ জনীয়া দলটোৰ মাত্ৰ দুজন খেলুৱৈৰহে ইডেন গাৰ্ডেনত টেষ্ট খেলাৰ অভিজ্ঞতা আছে। এই দুই অভিজ্ঞ খেলুৱৈ হৈছে ক্ৰমে কে এল ৰাহুল আৰু ৰবীন্দ্ৰ জাদেজা। দুয়োগৰাকী খেলুৱৈ ইডেন টেষ্টৰ মূল একাদশত অন্তৰ্ভুক্ত হোৱাটো প্ৰায় নিশ্চিত বুলিব পাৰি। স্বাভাৱিকতেই দুয়োৰে অভিজ্ঞতা দলৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হ’ব।

ঘোষিত দলটোৰ আন ১২ জন খেলুৱৈয়ে ইডেনত এইপৰ্যন্ত টেষ্ট খেলাৰ অভিজ্ঞতা লাভ কৰা নাই। এই ১২ জন খেলুৱৈৰ ভিতৰত এতিয়া ৯ জনে ইডেনত অভিষেক ঘটোৱাটো নিশ্চিত। লক্ষণীয়ভাৱে ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলেও প্ৰথমবাৰৰ বাবে ইডেন গাৰ্ডেনত টেষ্ট খেলাৰ অভিজ্ঞতা লাভ কৰিব।

ভাৰতৰ সম্ভাৱ্য একাদশঃ কে এল ৰাহুল, যশস্বী জয়ছোৱাল, সাই সুদৰ্শন, শুভমন গিল (অধিনায়ক), ঋষভ পণ্ট (উইকেটকীপাৰ), ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ।