IPL ২০২৬ৰ পূৰ্বে সমস্যাত ডিফেণ্ডিং চেম্পিয়ন আৰচিবি, কাৰণ হৈ পৰিছে এই ৪ তাৰকা…
আগন্তুক টি-২০ বিশ্বকাপ ২০২৬ৰ পিছতে আই পি এল ২০২৬ আৰম্ভ হ’ব। কিন্তু টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ পূৰ্বেই ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)- ৰ শিবিৰত হাহাকাৰ লাগিছে। দলটোৰ ৪ গৰাকী তাৰকা খেলুৱৈক লৈ বিগত সংস্কৰণৰ চেম্পিয়ন দলটো এতিয়া চৰম শংকাত পৰিছে।
আই পি এলৰ আগন্তুক সংস্কৰণলৈ মাজত এতিয়াও আছে কিছু সময়। তথাপি দেশত এতিয়া ব্যাপক চৰ্চিত হৈ পৰিছে প্ৰতিযোগিতাখন। কলকাতা নাইট ৰাইডাৰ্ছৰ সদস্য বাংলাদেশী পেচাৰ মুস্তাফিজুৰ ৰহমানৰ বহিষ্কৰণক লৈ এই চৰ্চাৰ সূত্ৰপাত হৈছে। বাংলাদেশ-ভাৰতৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ ফলশ্ৰুতিত আই পি এলত মুস্তাফিজুৰৰ অংশগ্ৰহণক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ পিছতে বিচিচিআইয়ে মুস্তাফিজুৰক মুকলি কৰি দিবলৈ কলকাতা নাইট ৰাইডাৰ্ছক নিৰ্দেশনা দিয়ে।
উল্লেখ্য যে আগন্তুক টি-২০ বিশ্বকাপ ২০২৬ৰ পিছতে আই পি এল ২০২৬ আৰম্ভ হ’ব। কিন্তু টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ পূৰ্বেই ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)- ৰ শিবিৰত হাহাকাৰ লাগিছে। দলটোৰ ৪ গৰাকী তাৰকা খেলুৱৈ গুৰুতৰ আঘাতৰ সন্মুখীন হোৱাত বিগত সংস্কৰণৰ চেম্পিয়ন দলটো এতিয়া চৰম শংকাত পৰিছে।
আঘাতপ্ৰাপ্ত ৪ তাৰকা কোন?
আই পি এল ২০২৬ আৰম্ভ হোৱাৰ পূৰ্বে যি ৪ জন খেলুৱৈক লৈ আৰ চি বি চিন্তিত হৈ পৰিছে, তেওঁলোক হ’ল দলটোৰ গুৰুত্বপূৰ্ণ সদস্য ক্ৰমে ফিল ছল্ট, ৰজত পাটিদাৰ, জছ হেজলউড আৰু টিম ডেভিদ। এই ৪ গৰাকী খেলুৱৈ বিগত সংস্কৰণত দলটোৰ সফলতাৰ অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছিল আৰু তেওঁলোকৰ আঘাতৰ খবৰে ফ্ৰেঞ্চাইজিটোৰ অনৰাগীকো শংকিত কৰিছে।
কিদৰে আঘাত পালে তেওঁলোকে
বৰ্তমান ইউ এ ইত চলি থকা ILT20 টুৰ্ণামেণ্টত অংশ লোৱাৰ সময়তে ফিল ছল্টে পিঠিৰ আঘাত ভোগে। এই আঘাতৰ ফলত তেওঁ কোৱালিফায়াৰ মেচৰ পৰাও বাহিৰ হ’বলগীয়া হৈছে। দলটোৰ খিতাপজয়ী অধিনায়ক তথা মিডল অৰ্ডাৰৰ ভৰসা ৰজত পাটিদাৰ বিজয় হাজাৰে ট্ৰফীত খেলি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হয়।
শেহতীয়া খবৰ অনুসৰি, ৰজত পাটিদাৰক এই আঘাতৰ বাবে সুস্থ হ’বলৈ প্ৰায় চাৰি মাহ সময় লাগিব পাৰে। যদি এই খবৰ সঁচা হয়, তেওঁৰ আই পি এলত অংশগ্ৰহণ অনিশ্চয়তাৰ মাজত সোমাই পৰিব। ইফালে দলৰ ফিনিছাৰৰ ভূমিকা পালন কৰা অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটাৰ টিম ডেভিদে বিগ বেশ্ব লীগত (BBL) খেলি থকাৰ সময়তে হেমষ্ট্ৰিং ইনজুৰীৰ বলি হৈছে।
হোবাৰ্ট হৰিকেনছৰ হৈ খেলাৰ সময়ত ৰান সংগ্ৰহৰ প্ৰচেষ্টাত তেওঁ বাগৰি পৰিছিল। ডেভিদৰ এই আঘাত আগন্তুক টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বাবেও এক চিন্তনীয় দুঃসংবাদ হৈ পৰিছে। ইফালে অষ্ট্ৰেলিয়াৰে তাৰকা পেচাৰ জছ হেজলউডে যোৱা নৱেম্বৰৰ পৰাই ভৰিৰ গুৰুত্বপূৰ্ণ হাড়ৰ সমস্যা আৰু হেমষ্ট্ৰিং ইনজুৰীত ভুগি আছে। বৰ্তমান চলি থকা ‘এছেজ’ৰ পৰাও বাহিৰ হ’বলগীয়া হৈছে হেজেলউড।
খিতাপ ৰক্ষাৰ চেষ্টা
২০২৫ চনত ইতিহাস ৰচনা কৰি প্ৰথমটো ট্ৰফী জয় কৰা আৰ চি বিয়ে এতিয়া ২০২৬ চনত খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই এই আঘাতৰ সমস্যাই দলটোক চিন্তাত পেলাইছে। এতিয়া মাৰ্চ মাহৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলত এই খেলুৱৈসকলক খেলপথাৰত দেখা যাবনে নাই, সেয়া সময়হে ক’ব।