Hockey Asia Cup 2025: ৭-০ ব্যৱধানত চীনক পৰাস্ত কৰি ফাইনেলত টিম ইণ্ডিয়া…
টিম ইণ্ডিয়াই চীনক ৭-০ গ’লত পৰাস্ত কৰি নৱমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ লগে লগে টিম ইণ্ডিয়াই সমগ্ৰ প্ৰতিযোগিতাখনত কোনো মেচত পৰাস্ত নোহোৱাকৈয়ে ফাইনেল মেচত স্থান নিশ্চিত কৰিছে।

ভাৰতীয় হকী দলটোৱে এছিয়া কাপ ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰাজগীৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত ছুপাৰ-৪ ৰাউণ্ডৰ তৃতীয় আৰু শেষৰখন খেলত টিম ইণ্ডিয়াই চীনক ৭-০ গ’লত পৰাস্ত কৰি নৱমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ লগে লগে টিম ইণ্ডিয়াই সমগ্ৰ প্ৰতিযোগিতাখনত কোনো মেচত পৰাস্ত নোহোৱাকৈয়ে ফাইনেল মেচত স্থান নিশ্চিত কৰিছে। ভাৰতীয় দলটোৱেই হৈছে সৰ্বাধিক বাৰ ফাইনেল খেলা দল, কিন্তু এছিয়া কাপত সৰ্বাধিক বাৰ জয়ী হোৱা দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতে।
বিহাৰৰ ৰাজগীৰত চলি থকা এই প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে প্ৰথম দিনাৰ পৰাই নিজৰ আধিপত্য বজাই ৰাখি পুল পৰ্যায়ত প্ৰথম স্থান দখল কৰি ছুপাৰ-৪ ৰাউণ্ডত প্ৰৱেশ কৰে। এই ৰাউণ্ডতো ভাৰতীয় দলটোৱে সৰ্বাধিক সফল বুলি প্ৰমাণ কৰি ৩খন মেচত ২ খন জয়ৰে ৭ পইণ্ট লাভ কৰি প্ৰথম স্থান দখল কৰে।
প্ৰসংগক্ৰমে এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ প্ৰথমখন খেল আছিল চীনৰ বিৰুদ্ধে, য’ত আলহী দলটোৱে ভাৰতৰ বিৰুদ্ধে প্ৰত্যাহ্বান সৃষ্টি কৰিছিল। বহু সংগ্ৰামৰ অন্তত সেই মেচখনত টিম ইণ্ডিয়াই ৪-৩ গ’লত জয়লাভ কৰিছিল যদিও এইবাৰ প্ৰশিক্ষক ক্ৰেগ ফুলটনৰ দলৰ বিৰুদ্ধে চীনৰ কৌশলে কাম নকৰিলে আৰু ভাৰতীয় দলটোৱে খেলখনৰ আৰম্ভণিৰে পৰাই আক্ৰমণ চলাই থাকিল। ফলত মাত্ৰ ৭ মিনিটৰ ভিতৰতে স্ক’ৰ ২-০ হৈ পৰে। প্ৰথমটো গ’ল শৈলেন্দ্ৰ লক্ৰৰ, দ্বিতীয়টো গ’ল দিলপ্ৰীত সিঙে দিয়ে। তাৰ পাছত ১৮ মিনিটত মনদ্বীপৰ গ’লৰ সহায়ত ভাৰতীয় দলটোৱে প্ৰথমাৰ্ধত ৩-০ গ’লত অগ্ৰগতি লাভ কৰে।
দ্বিতীয়ার্ধত ভাৰতীয় দলটোৱে নিজৰ আক্রমণত অধিক সংগঠিত হোৱা দেখা গৈছিল আৰু সুযোগৰ সম্পূর্ণ ব্যৱহাৰ কৰি ৪টা গ’ল দিছিল৷ মাত্ৰ ডেৰ মিনিটত ৰাজকুমাৰ পাল আৰু সুখজীত সিঙে ২টা গ’ল দিয়াৰ বিপৰীতে অভিষেকে শেষৰ ২টা গ’ল দি দলটোক একপক্ষীয়ভাৱে ৭-০ গ’লত জয়ৰ দিশে লৈ যায়। এইদৰে ভাৰতীয় দলটোৱে পুল ষ্টেজ আৰু ছুপাৰ-৪ত মুঠ ৬খন খেল খেলিছিল, য’ত ৫খন মেচত জয়ী হৈ ফাইনেলত স্থান লাভ কৰিছিল। সমগ্ৰ প্ৰতিযোগিতাখনত টিম ইণ্ডিয়াই এখনো মেচত পৰাস্ত হোৱা নাই।
এই ৬ খন খেলৰ ভিতৰত ভাৰতীয় দলটোৱে মাত্ৰ এখন খেলতে জয়ী হোৱা নাছিল কাৰণ সেই মেচখন ২-২ গ’লত ড্ৰ’ হৈছিল। ছুপাৰ-৪ৰ প্ৰথমখন মেচত ভাৰতে কোৰিয়াৰ সৈতে ২-২ গ’লত ড্ৰ’ কৰি সন্তুষ্ট হ’বলগীয়া হৈছিল। অৱশ্যে এই প্ৰতিযোগিতাত কোৰিয়ান দলটোৱেও ডাঙৰ ফৰ্মত দেখা পোৱা নাই আৰু ছুপাৰ-৪ৰ অন্তিমখন মেচত মালয়েছিয়াৰ বিৰুদ্ধে ৪-৩ গ’লত জয়লাভ কৰাৰ ভিত্তিতহে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।
এই প্ৰতিযোগিতাত কোৰিয়াই সৰ্বাধিক অৰ্থাৎ ৫ বাৰ জয়ী হোৱাৰ বিপৰীতে ভাৰতে ৩ বাৰ এই প্ৰতিযোগিতাত জয়লাভ কৰিছে। ভাৰতীয় দলটোৱে অভিলেখ নৱমবাৰৰ বাবে ফাইনেল খেলাৰ বিপৰীতে সপ্তমখন ফাইনেলৰ জৰিয়তে কোৰিয়াই পাকিস্তানক অতিক্ৰম কৰি দ্বিতীয় স্থান দখল কৰিছে। এই খেলখন বিশেষ হ’ব কাৰণ চতুৰ্থবাৰৰ বাবে ফাইনেলত ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত মুখামুখি হ’ব। এই পৰ্যন্ত স্ক’ৰ কোৰিয়াৰ সপক্ষে ২-১। টিম ইণ্ডিয়াই সমতা স্থাপন কৰি চতুৰ্থবাৰৰ বাবে এছিয়ান চেম্পিয়ন হোৱাৰ সুযোগ লাভ কৰিছে।