শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Viral Shah Rukh Khan: এইদৰে সলনি হ’ল ইব্ৰাহিম কাদ্ৰীৰ জীৱন ! ‘ফেক’ শ্বাহৰুখ খানে কিমান টকা উপাৰ্জন কৰে জানেনে?

ছ’চিয়েল মিডিয়াৰ বাবেই সকলোৱে ইব্ৰাহিম কাদ্ৰীক স্থানীয় শ্বাহৰুখ বা শ্বাহৰুখ খান লাইট বুলি চিনি পায়। দৰাচলতে শ্বাহৰুখৰ সৈতে সাদৃশ্য থকাৰ বাবেই ইব্ৰাহিম ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল।

Viral Shah Rukh Khan: এইদৰে সলনি হ’ল ইব্ৰাহিম কাদ্ৰীৰ জীৱন ! ‘ফেক’ শ্বাহৰুখ খানে কিমান টকা উপাৰ্জন কৰে জানেনে?
manas-borah
Manas Borah | Published: 07 Sep 2025 13:50 PM

ইব্ৰাহিম কাদ্ৰী। নামটো হয়তো আপুনি শুনিছে ! ছ’চিয়েল মিডিয়াৰ বাবেই সকলোৱে ইব্ৰাহিম কাদ্ৰীক স্থানীয় শ্বাহৰুখ বা শ্বাহৰুখ খান লাইট বুলি চিনি পায়। দৰাচলতে শ্বাহৰুখৰ সৈতে সাদৃশ্য থকাৰ বাবেই ইব্ৰাহিম ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। শ্বাহৰুখ খানৰ কপি হিচাপে পৰিচিত হ’ল ইব্ৰাহিম কাদ্ৰী।

যিদিনাৰ পৰা শ্বাহৰুখৰ কপি হিচাপে তেওঁ পৰিচিত হ’ল সেই দিনাৰ পৰা তেওঁৰ জীৱনশৈলীও সলনি হ’ল। ইব্ৰাহিমে শ্বাহৰুখৰ দৰেই সাজ-পোছাক পৰিধান কৰিবলৈ ধৰিলে। বিভিন্ন কাম-কাজতো শ্বাহৰুখৰ প্ৰভাৱ পৰিল। শ্বাহৰুখৰ দৰেই চুলি ষ্টাইল, জিমত ৱৰ্কআউট আৰু ছিক্স পেক। ইয়াৰ পাছতে সামাজিক মাধ্যমত শ্বাহৰুখৰ ষ্টাইলত এটাৰ পিছত এটাকৈ ভিডিঅ’ আপলোড কৰিবলৈ ধৰিলে ইব্ৰাহিমে।

ইব্ৰাহিমৰ জীৱনটো ইমান ৰঙীন নাছিল। এটা সাক্ষাৎকাৰত ইব্ৰাহিমে নিজেই কৈছিল যে, তেওঁ গুজৰাটৰ ৰাজপথত বিলবৰ্ড আঁকিছিল। তেওঁ টকাৰ প্ৰয়োজনত কুলিৰ কামো কৰিছিল। কিন্তু শ্বাহৰুখ খানৰ সৈতে থকা সাদৃশ্যই তেওঁৰ কথাবোৰ সলনি কৰিলে।

জনা যায় যে, ইব্ৰাহিমে প্ৰথমে বন্ধুৰ পৰাই উপলব্ধি কৰিছিল যে, তেওঁ শ্বাহৰুখৰ দৰে দেখাত একেই। তাৰ পিছত স্থানীয় শ্বাহৰুখ হৈ পৰিল ইব্ৰাহিম। প্ৰথমতে ইব্ৰাহিমে চুবুৰীৰ বিভিন্ন অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিছিল।

তাৰ পিছত ক্ৰমান্বয়ে ছচিয়েল মিডিয়াৰ তাৰকা হৈ পৰিল ইব্ৰাহিম। এক সাক্ষাৎকাৰত ইব্ৰাহিমে কয় যে, বৰ্তমান ইব্ৰাহিমে যিকোনো উদ্বোধনী, বিয়া বা যিকোনো ঘৰুৱা অনুষ্ঠানত অনুষ্ঠান পৰিৱেশনৰ বাবে পাঁচ লাখ টকা লয়। এয়া তেওঁৰ চাৰ্জ। ক্ষুদ্ৰ ছবিৰ বাবেও অফাৰ লাভ কৰিছে। অৱশ্যে তেওঁ পোনপটীয়াকৈ অভিনয়ৰ মাজলৈ আহিব নিবিচাৰে। বৰঞ্চ স্থানীয় শ্বাহৰুখ হৈয়ে থাকিব বিচাৰে ইব্ৰাহিম।