শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: গৌৰৱ গগৈৰ মন্তব্যৰ পৰা ট্ৰাম্পৰ নতুন প্ৰতিক্ৰিয়ালৈ, পলকতে চাওক পুৱাৰ কেইটামান প্ৰধান খবৰ

ভাৰতৰ সৈতে ক্ৰমবৰ্ধমান দূৰত্বৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মুখত শুনা গৈছে আন এক মন্তব্য। শুকুৰবাৰে নিজা সামাজিক মাধ্যম একাউণ্ট যোগে ট্ৰাম্পে শেহতীয়া পৰিস্থিতিৰ দোহাই দি ভাৰতক হেৰুৱাই পেলোৱা মন্তব্য কৰে।

Morning News: গৌৰৱ গগৈৰ মন্তব্যৰ পৰা ট্ৰাম্পৰ নতুন প্ৰতিক্ৰিয়ালৈ, পলকতে চাওক পুৱাৰ কেইটামান প্ৰধান খবৰ
পুৱাৰ মুখ্য খবৰ
monjit-dutta
Monjit Dutta | Published: 06 Sep 2025 08:11 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. গুৱাহাটীত শেহতীয়াকৈ এক উন্মুক্ত নলাত পৰি শোকাৱহভাৱে প্ৰাণ হেৰুৱাবলগা হৈছিল এটি শিশুৱে। এই ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই গোচৰত এতিয়া এটা ব্যক্তিগত নির্মাণ সংস্থাৰ সঞ্চালক আৰু দুজন কর্মচাৰীসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷
  2. প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সম্পৰ্কৰ বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তোলা অভিযোগে ৰাজ্যৰ ৰাজনীতি জোকাৰি তুলিছিল। অহা ১০ ছেপ্টেম্বৰত এই বিষয়ত তথ্য-প্ৰমাণ ৰাজহুৱা কৰা হ’ব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে পুনৰ এই বিষয়ত গৌৰৱ গগৈক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতাগৰাকীয়ে দেশ এৰি বিদেশলৈ পলায়ন কৰিব পাৰে বুলি কটাক্ষ কৰে।
  3. শেহতীয়া কিছুদিনত মাদানী বিতৰ্কই জোকাৰিছে ৰাজ্য। অসমত চলি থকা উচ্ছেদ সন্দৰ্ভত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানীৰ মন্তব্য আৰু অসম ভ্ৰমণক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা পৰিলক্ষিত হৈছিল। এইবাৰ মাদানীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ তুলিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমান লোকসকলক বাংলাদেশী জ্ঞান কৰে বুলি অভিযোগ কৰিছে মাদানীয়ে।
  4. অহা ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। এই সম্ভাৱ্য ভ্ৰমণৰ পূৰ্বে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী মোদীক সমালোচনাৰ লক্ষ্য কৰি লৈছে। মণিপুৰৰ জনসাধাৰণ দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰা বঞ্চিত হৈ আছে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে লগতে প্ৰধানমন্ত্ৰী মোদী মণিপুৰলৈ আহিলে প্ৰথমে মণিপুৰৰ ৰাইজৰ ওচৰত যোৱা দুবছৰত ৰাজ্যখনত উপস্থিত নোহোৱাৰ বাবে ক্ষমা খুজা উচিত বুলি মন্তব্য কৰিছে।
  5. ভাৰতৰ সৈতে ক্ৰমবৰ্ধমান দূৰত্বৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মুখত শুনা গৈছে আন এক মন্তব্য। শুকুৰবাৰে নিজা সামাজিক মাধ্যম একাউণ্ট যোগে ট্ৰাম্পে শেহতীয়া পৰিস্থিতিৰ দোহাই দি ভাৰতক হেৰুৱাই পেলোৱা মন্তব্য কৰে। ট্ৰাম্পে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি মোদীৰ সৈতে তেওঁৰ বন্ধুত্বৰ কথাও দোহাৰে।
  6. মোবাইল নেটৱৰ্কৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা দূৰ কৰাৰ বাবে টেলিকম বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে সাজু হৈছে। প্ৰকাশিত খবৰ অনুসৰি, টেলিকম বিভাগে  মোবাইল ব্যৱহাৰকাৰীসকলে সন্মুখীন হোৱা এই সমস্যা দূৰ কৰিবলৈ গুণগত নিয়ম কটকটীয়া কৰাৰ সিদ্ধান্ত লৈছে। এই বিষয়ত টেলিকম কোম্পানীসমূহৰ পৰা মতামত বিচাৰিছে। কোম্পানীসমূহে এতিয়া ১৫ দিনৰ ভিতৰত মতামত দাখিল কৰিব লাগিব।
  7. শুকুৰবাৰৰ পৰা চীনত আৰম্ভ হৈছে মহিলা হকী এছিয়া কাপ ২০২৫। এই প্ৰতিযোগিতাত ভাৰতীয় হকী দলে দুৰন্ত প্ৰদৰ্শনেৰে অভিযান আৰম্ভ কৰিছে। প্ৰতিযোগিতাত কালি নিজৰ প্ৰথমখন মেচত ভাৰতে প্ৰতিপক্ষ থাইলেণ্ডক একপ্ৰকাৰে প্ৰায় বিধ্বস্ত কৰি ১১-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে।