শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিপদত শিখৰ ধাৱান! ইডিৰ তলবৰ পিছতে হাজিৰ হ’ল কাৰ্যালয়তঃ উত্থাপিত হৈছে এনে অভিযোগ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে তলব কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱানক। এই নিৰ্দেশনাৰ পিছতে ইতিমধ্যে বৃহস্পতিবাৰে ইডি কাৰ্যালয়ত হাজিৰ হয় শিখৰ ধাৱান।

বিপদত শিখৰ ধাৱান! ইডিৰ তলবৰ পিছতে হাজিৰ হ’ল কাৰ্যালয়তঃ উত্থাপিত হৈছে এনে অভিযোগ
শিখৰ ধাৱানলৈ ইডিৰ চমনImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 05 Sep 2025 13:44 PM

বিপদত পৰিছে গব্বৰ এইবাৰ অৱশ্যে বিপদ জয়বীৰুৰ পৰা অহা নাই, গব্বৰৰ সমুখত এইবাৰ ইডিৰ বিপদ নিজৰ সুকীয়া শৈলীৰ বাবে ভাৰতীয় ক্ৰিকেটতগব্বৰ’ খ্যাত প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধাৱানক তলব কৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে এক গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীক তলব কৰিছে। অবৈধ বেটিং এপৰ ​​সৈতে জড়িত আৰ্থিক জালিয়াতিৰ গোচৰত ধাৱানৰ নাম সাঙোৰ খাইছে। ইয়াৰ পিছতে ইডিয়ে ধাৱানক হাজিৰ বলৈ নিৰ্দেশ দিয়ে

এই নিৰ্দেশনাৰ পিছতে ইতিমধ্যে বৃহস্পতিবাৰে ইডি কাৰ্যালয়ত হাজিৰ হয় শিখৰ ধাৱান। তথ্য অনুসৰি, শিখৰ ধাৱানে ছ’চিয়েল মিডিয়াত 1xBet (1xBet) নামৰ অনলাইন বেটিং প্লেটফৰ্মৰ প্ৰচাৰ কৰিছিল। এই সন্দৰ্ভতে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে ধাৱানক কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

তদন্ত সংস্থাটোৱে এই এপটোৰ প্ৰচাৰৰ ক্ষেত্ৰত ধাৱানৰ ভূমিকা সম্পৰ্কে বাখ্যা কৰিবলৈ নিৰ্দেশনা দিছে। শিখৰ ধাৱানৰ এই বক্তব্য ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত লিপিবদ্ধ কৰা হ’ব। পিটিআইৰ সূত্ৰ অনুসৰি ৩৯ বছৰীয়া খেলুৱৈগৰাকী অনলাইন বেটিং এপৰ ​​প্ৰচাৰৰ কামত জড়িত আছিল।

ইয়াৰ পূৰ্বে বিগত বৰ্ষত বলীউড আৰু দক্ষিণ ভাৰতৰ কেইবাজনো অভিনেতাক বেটিং এপটোৰ প্ৰচাৰৰ বাবে হাজিৰ বলৈ নিৰ্দেশ দিয়া হৈছিল। কেইবাজনো খেলুৱৈও জড়িত আছিল এই গোচৰত। বিজয় দেৱেৰাকোণ্ডা, ৰাণা ডগ্গুৱটি, প্ৰকাশ ৰাজ, হৰভজন সিং, সুৰেশ ৰাইনা আৰু উৰ্বশী ৰটৌলাক চমন কৰি ইডিয়ে জেৰা কৰে।

উল্লেখ্য যে অনলাইন বেটিং এপ সন্দৰ্ভত সমগ্ৰ দেশতে কেইবাটাও গোচৰৰ তদন্ত চলি আছে। এই বেটিং এপৰ ক্ষেত্ৰত শ কোটি টকাৰ প্ৰৱঞ্চনা সংঘটিত হোৱা বুলি দাবী কৰা হৈছে। লগতে বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ অভিযোগো উত্থাপন হৈছে।

লক্ষণীয়ভাৱে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ধনৰ সৈতে জড়িত অনলাইন গেমিং এপ নিষিদ্ধ কৰি নতুন আইন সংসদত উত্থাপন কৰিছে। এই এপসমূহৰ প্ৰচাৰৰ সৈতে জড়িত লোকসকলকো ৰেহাই দিয়া নহ’ব বুলিও একপ্ৰকাৰে ইঙ্গিত দিয়া হৈছে। তাৰ মাজতে এতিয়া ইডিৰ চমনৰ সন্মুখীন হৈছে শিখৰ ধাৱান