শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

IND vs SA: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা, স্থান লাভ ৰিয়ান পৰাগৰ…

India Squad for South India Test: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট ছিৰিজৰ বাবে ভাৰতীয় দল ঘোষণা। ইফালে ভাৰতৰ A দলত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে। ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব শৃংখলা।

IND vs SA: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা, স্থান লাভ ৰিয়ান পৰাগৰ…
ৰিয়ান পৰাগImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 05 Nov 2025 19:41 PM

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’বলগীয়া দুখন মেচৰ শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড (BCCI)য়ে ভাৰতীয় দল ঘোষণা কৰে। অহা ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এই টেষ্ট শৃংখলা। দলটোৰ নেতৃত্ব দিব বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণৰ টি-২০ ছিৰিজত খেলি থকা শুভমন গিলে।

ইফালে BBCI য়ে তিনিখন মেচৰ এদিনীয়াৰ বাবে  ভাৰতৰ A দল ঘোষণা কৰে। য’ত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে। এই খবৰৰ পাছতে এতিয়া ৰিয়ান অনুৰাগীসকলৰ মাজত আনন্দৰ জোৱাৰ তুলিছে।

উভতি আহিল কোন

আঘাতৰ বাবে শেষৰখন ঘৰুৱা শৃংখলাত অংশগ্ৰহণ কৰিব নোৱাৰা খেলুৱৈ এইবাৰ দলটোৱে ঘূৰি আহে। এই ছিৰিজৰ বাবে উইকেটকীপাৰ-বেটছমেন ঋষভ পন্তক নিৰ্বাচন কৰা হৈছে। আঘাতৰ বাবে তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা শৃংখলা খেলিব পৰা নাছিল। কিন্তু সুস্থ হোৱা বাবে এতিয়া পুনৰ দললৈ ঘূৰি আহিছে ঋষভ। ইয়াৰ লগতে আকাশদ্বীপ দলটোলৈ ঘূৰি অহা দেখা হৈছে।

কোন বাদ পৰে

শেষৰখন টেষ্টত অংশ লোৱা দুগৰাকী খেলুৱৈক এইবাৰ দলৰ পৰা বাদ দিয়া হৈছে। তেওঁলোক-ইকেটকীপাৰ-বেটছমেন এন জগদীশন আৰু বেগী বলাৰ প্ৰসিধ কৃষ্ণ। দুয়ো ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এখনো মেচ খেলাৰ সুযোগ লাভ কৰা নাছিল আৰু এতিয়া দলটোৰ পৰা বাদ পৰে।

এই শৃংখলাৰ প্ৰথম খেল ১৪ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব। দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব গুৱাহাটীৰ ACA ষ্টেডিয়ামত।

এই খেল শেষ হোৱাৰ পাছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাই এদিনীয়া শৃংখলা খেলিব। য’ত স্থান পাইছে ৰিয়ান পৰাগে। যিটো দলৰ নেতৃত্ব দিব তিলক বৰ্মাই। উপ-অধিনায়ক হিচাপে থাকিব ঋতুৰাজ গাইকোৱাড। এই খেল ৰাজকোটত অনুষ্ঠিত হ’ব।

টেষ্টৰ বাবে দল

শুভমান গিল (অধিনায়ক), ঋষভ পন্ত (উইকেটকীপাৰ, উপ- অধিনায়ক), যশস্বী জয়ছৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, দেৱদত্ত পদিকল, ধ্ৰুৱ জুৰেল, ৰবিন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, আকাশ আকাশ দীপ।

তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ ভাৰতৰ A দল

তিলক বৰ্মা (চি), ঋতুৰাজ গাইকোৱাড (ভিচি), অভিষেক শৰ্মা, ৰিয়ান পৰাগ, ঈশান কিষাণ (ডব্লিউ কে), আয়ুষ বদোনি, নিশান্ত সিন্ধু, বিপ্ৰজ নিগম, মানৱ সুথাৰ, হৰ্ষিত ৰাণা, আৰ্শদীপ সিং, প্ৰসিধ কৃষ্ণ, খালীল আহমেদ, প্ৰভসিমৰন সিং (ডব্লিউ কে)

 

অন্য খবৰ পঢ়কঃ মহিলা বিশ্বকাপত জয়ী হৈ ভাৰতে লাভ কৰিলে ৯১ কোটি টকা, পাকিস্তানে কিমান পালে?