IND U19 vs AUS U19: সৰ্বাধিক ৬ কোবাই বৈভৱে ভংগ কৰিলে বিশ্ব ৰেকৰ্ড, জয়ী প্ৰথমখন টেষ্টত…
পুনৰ বহু ৰেকৰ্ড গঢ়িলে বৈভৱ সূৰ্যবংশীয়ে। ১৯ বছৰ অনুৰ্ধ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি কেইবাটাও অভিলেখ ভংগ কৰে বৈভৱে। ভাৰতে প্ৰথমখন বহুদিনীয়া মেচত এটা ইনিংছ আৰু ৫৮ ৰাণেৰে জয়লাভ কৰে।

পুনৰ বৈভৱ সূৰ্যবংশীৰ বেটিঙৰ চমক দেখা গ’ল অষ্ট্ৰেলিয়াত। ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলে অষ্ট্ৰেলিয়া ভ্ৰমণৰ প্ৰথমখন টেষ্টত জয়লাভ কৰে। এই খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৫৮ ৰানৰ বিপুল ব্যৱধানত পৰাস্ত কৰে। এই খেলত ভাৰতৰ বৈভৱ সূৰ্যবংশীয়ে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইমানেই নহয়, তেওঁ বহু ৰেকৰ্ডো ভংগ কৰে।
বৈভৱৰ শতক
ব্রিজবেনত চলি থকা প্ৰথমখন মাল্টি ডে মেচত অষ্ট্ৰেলিয়াৰ ১৯ বছৰ অনুৰ্ধ দলটোৱে প্ৰথমে ২৪৩ ৰান সংগ্ৰহ কৰে। তাৰ পাছত দ্বিতীয় দিনা ভাৰতৰ দলটোৱে প্ৰথম ইনিংছত ৪২৮ ৰান সংগ্ৰহ কৰে। এই ৰান সংগ্ৰহত বৈভৱ সূৰ্যবংশী আৰু বেদান্ত ত্ৰিবেদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দুয়ো শতক অৰ্জন কৰিবলৈ সক্ষম হয়। বেদান্ত ত্ৰিবেদীয়ে ১৯২টা ১৪০ ৰান কৰাৰ বিপৰীতে বৈভৱেও শতক অৰ্জন কৰে।
বৈভৱৰ অভিলেখ
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৈভৱে ৮৬টা বলত ১১৩ ৰান সংগ্ৰহ কৰি ৮টা ছয় আৰু ৯টা চাৰি কোবায়। মাত্ৰ ৭৮টা বলত তেওঁ অৰ্জন কৰিবলৈ সক্ষম হয়। এই শতকটোৱে আছিল যুৱ টেষ্টত অষ্ট্ৰেলিয়াৰ মাটিত এজন বেটছমেনৰ সৰ্বাধিক দ্ৰুত শতক। ইয়াৰোপৰি বৈভৱে ৬ কোবাই অভিলেখ গঢ়ে।
ইউথ টেষ্টত সৰ্বাধিক ছয় কোবাই বিশ্ব অভিলেখ গঢ়ে বৈভৱে। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ জৰ্জ বাৰ্টলেটেল ১৩টা ছয় কোবাইছিল। কিন্তু এতিয়া বৈভৱে সৰ্বাধিক ১৫ টা ছয় কোবাই বাৰ্টলেটৰ অভিলেখ ভংগ কৰে। ইয়াৰোপৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰি তেওঁ ভাৰতৰ হৈ যুৱ টেষ্টত এক ইনিংছত সৰ্বাধিক ছয় সংগ্ৰহ কৰা ( ৮টা) বেটছমেন হিচাপেও পৰিগণিত হয়। এই অভিলেখ পূৰ্বে ৬টা ছয়ৰে হৰবংশ পাংগালিয়াৰে গঢ়িছিল।
ৰান
ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়া ১৯ বছৰ অনুৰ্ধৰ বিৰুদ্ধে ১৮৫ ৰানৰ অগ্ৰগতি লাভ কৰিছিল। দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ বেটিং আৰু বেয়া আছিল, মাত্ৰ ১২৭ ৰান কৰিছিল। এইদৰে ভাৰতে প্ৰথমখন বহুদিনীয়া মেচত এটা ইনিংছ আৰু ৫৮ ৰাণেৰে জয়লাভ কৰে।
অন্য খবৰ পঢ়কঃ পৰাস্ত পাকিস্তান! ভাৰতীয় দলৰ বাবে পুৰস্কাৰ ঘোষণা BCCI ৰ, কিমান কোটি লাভ কৰিব জানক…