IND vs PAK: পৰাস্ত পাকিস্তান! ভাৰতীয় দলৰ বাবে পুৰস্কাৰ ঘোষণা BCCI ৰ, কিমান কোটি লাভ কৰিব জানক…
Asia Cup 2025: এছিয়া কাপ ২০২৫ ৰ খিতাপ দখল ভাৰতৰ। কিন্তু খিতাপ দখল কৰিও ভাৰতে গ্ৰহণ নকৰিলে ট্ৰফী। ইফালে ইয়াৰ মাজতে বিচিচিআইয়ে টিম ইণ্ডিয়াৰ বাবে পুৰস্কাৰ ঘোষণা কৰিছে।

এছিয়া কাপ-২০২৫ ৰ খিতাপ দখল ভাৰতৰ। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা এই খেলত ৫ উইকেটত জয়ী হয় টিম ইণ্ডিয়া। নৱমবাৰৰ বাবে ভাৰতে এই খিতাপ লাভ কৰিবলৈ সক্ষম হয়। কালি অনুষ্ঠিত মেচ আছিল ঐতিহাসিক। কিয়নো এছিয়া কাপৰ ৪১ বছৰৰ ইতিহাসত কালি প্ৰথমবাৰৰ বাবে ফাইনেলত ভাৰত-পাকিস্তান মুখামুখি হৈছিল। য’ত ভাৰত জয়ী হয়। কিন্তু তাৰ পাছতো ট্ৰফী গ্ৰহণ নকৰিলে ভাৰতে। পাকিস্তানৰ মন্ত্ৰীৰ হাতৰ পৰা ট্ৰফী নলোৱাৰ সিদ্ধান্ত হয় ভাৰতে।
BCCI ৰ পুৰস্কাৰ
ইয়াৰ মাজতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড (BCCI) য়ে খেলুৱৈ আৰু সহায়ক কৰ্মীসকলৰ বাবে পুৰস্কাৰ ঘোষণা কৰে। কালিৰ মেচখন আছিল অতি আকৰ্ষণীয়। কিয়নো পাকিস্তানৰ বিৰুদ্ধে হোৱা এই খেলত চকু আছিল সমূহ ক্ৰিকেটপ্ৰেমীৰ। কিন্তু, ভাৰতৰ বাবে সুখৰ কথা এয়াই যে, ভাৰতে ২০২৫ ৰ এছিয়া কাপত তিনিবাৰ পাকিস্তানৰ সৈতে মুখামুখি হয় আৰু প্ৰতিবাৰে জয়ী হয়।
ইয়াৰ মাজতে BCCI য়ে এক ডাঙৰ ঘোষণা কৰিছে। বৰ্ডে খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলৰ বাবে ২১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে। বৰ্ডৰ মতে, এই পুৰস্কাৰে দলৰ মনোবল বৃদ্ধি কৰাৰ লগতে যুৱ খেলুৱৈসকলক ভৱিষ্যতৰ বাবে অধিক অনুপ্ৰাণিত কৰিব।যাৰ বাবে ক্ৰিকেট অনুৰাগীয়ে বিচিচিআইৰ এই সিদ্ধান্তৰ প্ৰশংসা কৰিছে।
নৱমবাৰৰ বাবে
প্ৰথমবাৰৰ বাবে ১৯৮৪ চনত এছিয়া কাপৰ আৰম্ভণি হৈছিল। এয়া আছিল এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণ। এতিয়ালৈকে ভাৰতে ৯ বাৰকৈ এছিয়া কাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ১৯৮৪, ১৯৮৮, ১৯৯০-৯১, ১৯৯৫, ২০১০, ২০১৬, ২০১৮, আৰু ২০২৩ চনত ভাৰতে খিতাপ দখল কৰিছিল।
উল্লেখ্য যে, এইবাৰ এছিয়া কাপ ভাৰতৰ বাবে আছিল বিশেষ। কিয়নো ২২ এপ্ৰিলৰ পহলগাম আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিছিল। বহুতে বিচাৰিছিল ভাৰতে পাকিস্তানৰ বিৰুদ্ধে নেখেলক। কিন্তু তাৰ পাছতো ভাৰতে এছিয়া কাপৰ মেচত পাকিস্তানৰ বিৰুদ্ধে খেলিছিল, য’ত ভাৰতে জয় লাভ কৰে।
অন্য খবৰ পঢ়কঃ এছিয়া কাপ ২০২৫ ৰ খিতাপ দখল ভাৰতৰ, পৰাস্ত পাকিস্তান…