চৰ্চাৰ অন্ত! চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত আজি চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিব জয় শ্বাহে….
আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ ক্ষেত্ৰত দেখা দিয়া কলীয়া ডাৱৰ আজি আঁতৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ক্ৰিকেটপ্ৰেমীৰ দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই আজি আইচিচিয়ে চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে আৰু যদি এনে হয়, আইচিচিৰ অধ্যক্ষ হিচাপে জয় শ্বাহে এই সিদ্ধান্তত মোহৰ লগাব।
সমগ্ৰ ক্ৰিকেট বিশ্বত চলি থকা দীৰ্ঘদিনীয়া জল্পনা-কল্পনা তথা উৎকণ্ঠাৰ আজি অৱসান ঘটিব পাৰে। ক্ৰিকেটপ্ৰেমীৰ দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই আজি ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত গ্ৰহণ কৰিব পাৰে চূড়ান্ত সিদ্ধান্ত। অৰ্থাৎ আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ ক্ষেত্ৰত দেখা দিয়া কলীয়া ডাৱৰ আজি আঁতৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আইচিচিৰ অধ্যক্ষ হিচাপে আজি জয় শ্বাহে চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত মোহৰ লগাব পাৰে।
উল্লেখ্য যে অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ এই প্ৰতিযোগিতাখনৰ আয়োজনৰ স্বত্ব লাভ কৰিছিল পাকিস্তানে। কিন্তু বিচিচিআইয়ে এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে ব্যাপক বিবাদৰ সূত্ৰপাত হৈছে। বিচিচিআইৰ এই সিদ্ধান্তৰ বিপৰীতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে প্ৰতিযোগিতাৰ বাবে হাইব্ৰিড মডেলত সমৰ্থন প্ৰকাশ নকৰে বুলি স্পষ্ট কৰি দিছিল।
এনে বাদ-বিবাদৰ ফলত এইপৰ্যন্ত ঘোষণা কৰিব পৰা হোৱা নাই প্ৰতিযোগিতাখনৰ সূচী। অৱশ্যে এতিয়া এই সংঘাত যেন ক্ৰমান্বয়ে উপশম হোৱাৰ দিশে আগবাঢ়িছে। চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, চমুকৈ আইচিচিয়ে ধাৰাবাহিক বৈঠকত মিলিত হৈ আহিছে। প্ৰকাশিত খবৰ অনুসৰি আজি পুনৰ এই বিষয়ত আইচিচিৰ বৈঠক অনুষ্ঠিত হ’ব আৰু এই বৈঠকতে আগন্তুক প্ৰতিযোগিতাখনৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব পাৰে।
যোৱা ৫ ডিচেম্বৰত ১৫খন সদস্য ব’ৰ্ডৰ সৈতে এই বিষয়ত আইচিচিৰ বৈঠক অনুষ্ঠিত হৈছিল যদিও এই বৈঠকত চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত কোনো সিদ্ধান্ত ল’ব পৰা থোৱা নাছিল। ইয়াৰ পিছত এই বৈঠক পৰা ৭ ডিচেম্বৰলৈ, অৰ্থাৎ আজিৰ বাবে পিছুৱাই দিয়া হয়। সেয়ে আজি আইচিচিৰ বৈঠকৰ পিছতে চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত সকলো জল্পনা-কল্পনাৰ ওৰ পৰাৰ সম্ভাৱনা আছে।
ইতিমধ্যেই আইচিচিয়ে চেম্পিয়নছ ট্ৰফী ২০২৫ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত উপনীত হৈছে আৰু এতিয়া মাত্ৰ ঘোষণাহে বাকী আছে বুলি অনুমান কৰা হৈছে। আইচিচিৰ এক সূত্ৰ অনুসৰি প্ৰথমে চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্ৰিড মডেলত পাকিস্তানে সন্মতি প্ৰকাশৰ পৰা বিৰত আছিল যদিও এতিয়া চৰ্ত সাপেক্ষে এই ক্ষেত্ৰত সন্মতি প্ৰদান কৰিছে আৰু ইয়াৰ পিছতে এই প্ৰতিযোগিতাখনৰ ক্ষেত্ৰত দেখা দিয়া সকলো বিবাদৰ ওৰ পৰিছে।
এই সূত্ৰ মতে, ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী এতিয়া পাকিস্তানৰ লগতে ইউনাইটেড আৰৱ এমিৰেটছত হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব আৰু প্ৰতিযোগিতাখনৰ ভাৰতীয় দলে ডুবাইত সকলো মেচ খেলিব। ইফালে এই ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আইচিচিৰ সন্মুখত বহুকেইটা চৰ্ত দাঙি ধৰিছিল। ইয়াৰে এক প্ৰধান চৰ্ত হিচাপে পিচিবিয়ে ২০৩১ চনলৈকে আইচিচিৰ মূল ইভেণ্টসমূহ হাইব্ৰিড মডেলত আয়োজনৰ দাবী কৰিছিল।
পিচিবিৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই আইচিচিয়ে ২০৩১ চনৰ পৰিৱৰ্তে ২০২৭ চনলৈকে আইচিচি প্ৰতিযোগিতাত হাইব্ৰিড মডেলত সন্মতি দিয়া বুলি সূত্ৰই প্ৰকাশ কৰিছে। ইফালে আগন্তুক চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ গ্ৰুপ পৰ্যায়ৰ সকলো খেল ডুবাইত অনুষ্ঠিত হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে। যদি ভাৰতে প্ৰতিযোগিতাৰ ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰে, এই মেচ দুখনো ডুবাইতে অনুষ্ঠিত হ’ব বুলি সূত্ৰত প্ৰকাশ।