চেম্পিয়নছ ট্ৰফীৰ হাইব্ৰিড মডেল চূড়ান্ত! পাকিস্তানে বান্ধি দিলে এনে চৰ্ত, মানি ল’লে আইচিচিয়েও….
পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ বাবে বিচিচিআইয়ে ভাৰতীয় দল প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে দুয়ো দেশৰ ক্ৰিকেট ব’ৰ্ডৰ মাজত বিবাদৰ সূত্ৰপাত হৈছে। তেতিয়াৰ পৰাই আইচিচিয়ে দুয়ো ব’ৰ্ডৰ সৈতে আলোচনাত মিলিত হৈছে। অৱশ্যে শেহতীয়া প্ৰতিবেদন অনুসৰি দীৰ্ঘদিনে চলি অহা এই বিবাদৰ সমাধান ওলাইছে।

আগন্তুক বৰ্ষৰ আৰম্ভণিতে হ’বলগীয়া চেম্পিয়নছ ট্ৰফীক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মাজত দীৰ্ঘদিনৰ পৰা চলি আহিছে বিবাদ। পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ বাবে বিচিচিআইয়ে ভাৰতীয় দল প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লোৱাৰ বাবেই দুয়ো দেশৰ ক্ৰিকেট ব’ৰ্ডৰ মাজত এই বিবাদৰ সূত্ৰপাত হৈছে। তেতিয়াৰ পৰাই আইচিচিয়ে দুয়ো ব’ৰ্ডৰ সৈতে আলোচনাত মিলিত হৈছে। অৱশ্যে শেহতীয়া প্ৰতিবেদন অনুসৰি দীৰ্ঘদিনে চলি অহা এই বিবাদৰ সমাধান ওলাইছে।
পিটিআইৰ প্ৰতিবেদন অনুসৰি চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত আয়োজন কৰাৰ বাবে আইচিচি একমতত উপনীত হৈছে আৰু সেই অনুসৰি ভাৰতে ডুবাইত নিজৰ মেচসমূহ খেলিব। আইচিচিৰ এক শীৰ্ষ সূত্ৰৰ মতে, ডুবাইত আইচিচিৰ নতুন অধ্যক্ষ জে শ্বাহ আৰু পাকিস্তানকে ধৰি পৰিচালনা সমিতিৰ মাজত অনুষ্ঠিত হোৱা অনানুষ্ঠানিক বৈঠকৰ সময়ত এই সিদ্ধান্ত চূড়ান্ত কৰা হৈছে।
আইচিচিৰ সূত্ৰই উল্লেখ কৰা মতে, ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী ইউএই আৰু পাকিস্তানত অনুষ্ঠিত হ’ব আৰু ভাৰতে সকলো মেচ ডুবাইত খেলিব বুলি সকলো পক্ষই একমত হৈছে। অৱশ্যে হাইব্ৰিড মডেলৰ বিনিময়ত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আইচিচিৰ সন্মুখত কিছু চৰ্ত দাখিল কৰিছিল আৰু ইয়াৰে এটা চৰ্ত আইচিচিয়ে মানি লৈছে বুলি এই সূত্ৰই প্ৰকাশ কৰিছে। এই চৰ্ত অনুসৰি, ২০২৭ চনলৈকে আইচিচি প্ৰতিযোগিতাত হাইব্ৰিড মডেল ব্যৱহাৰ কৰা হ’ব।
এই সময়ছোৱাত ভাৰতে অহা বছৰৰ অক্টোবৰ মাহত মহিলাৰ এদিনীয়া বিশ্বকাপ আৰু শ্ৰীলংকাৰ সৈতে যৌথভাৱে ২০২৬ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপ আয়োজন কৰিব। পাকিস্তানে ২০৩১ চনলৈকে হাইব্ৰিড মডেলৰ দাবী কৰিছিল যদিও আইচিচিয়ে ২০২৭ চনলৈকে হাইব্ৰিড মডেলৰ ওপৰত সহমতত উপনীত হৈছে। আইচিচিৰ সূত্ৰই জনোৱা মতে, ২০২৬ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপৰ সময়ত পাকিস্তানে শ্ৰীলংকাত খেলিব।
ইফালে হাইব্ৰিড মডেলত আয়োজন কৰা চেম্পিয়নছ ট্ৰফীৰ বাবে পিচিবিয়ে দাবী কৰা ক্ষতিপূৰণ সন্দৰ্ভতো বিবেচনা কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত আইচিচিয়ে অতি সোনকালে সূচী চূড়ান্ত কৰিব বিচাৰিব। ইফালে এই চৰ্তৰ লগতে চেম্পিয়নছ ট্ৰফীৰ হাইব্ৰিড মডেল গ্ৰহণ কৰিবলৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আন চাৰি-পাঁচটা দাবী উত্থাপন কৰিছে।
আইচিচিৰ প্ৰতিযোগিতাসমূহ হাইব্ৰিড মডেলত অনুষ্ঠিত কৰাৰ দাবী তোলাৰ লগতে পাকিস্তানে প্ৰতিযোগিতাৰ বাবে ভাৰত আৰু পাকিস্তানক একেটা গ্ৰুপতে ৰখা উচিত নহয় বুলিও আইচিচিৰ ওচৰত দাবী কৰিছিল। যাতে পাকিস্তানে ঘৰুৱা ক্ষেত্ৰত নিজৰ সকলো মেচ খেলিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি পিচিবিয়ে এই দাবী কৰিছিল যদিও আইচিচিয়ে এই দাবী অগ্ৰাহ্য কৰা বুলি জানিব পৰা গৈছে।
পাকিস্তান ক্ৰিকেট ব’ৰ্ডে হাইব্ৰিড মডেলৰ বিনিময়ত ক্ষতিপূৰণৰ দাবী জনাইছে। তদুপৰি ভাৰত-পাকিস্তানক জড়িত কৰি কোনো নিৰপেক্ষ স্থানত ত্ৰিদেশীয় শৃংখলা আয়োজন কৰাৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আন এক গুৰুত্বপূৰ্ণ দাবী কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে ২০১২ চনৰ পিছত ভাৰত আৰু পাকিস্তানৰ দলৰ মাজত কোনো শৃংখলা অনুষ্ঠিত হোৱা নাই। কেৱল এছিয়া কাপ আৰু আইচিচি ইভেণ্টতহে দুয়ো দেশে পৰস্পৰৰ বিৰুদ্ধে খেলি আহিছে।