শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এয়া কি? আধাতে IPL সামৰি ঘৰলৈ উভতিছে এজনৰ পাছত আনজন তাৰকা খেলুৱৈ

আইপিএল ২০২৫ৰ মাজতে নিজৰ দলৰ সৈতে বিচ্ছেদ ঘটিছে আন এজন তাৰকা খেলুৱৈৰ।শেহতীয়াভাৱে ফিল্ডিং কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হৈছিল খেলুৱৈগৰাকী। ছিজনৰ মাজভাগত দল এৰি তেওঁ নিজৰ দেশলৈ উভতি যায়।

এয়া কি? আধাতে IPL সামৰি ঘৰলৈ উভতিছে এজনৰ পাছত আনজন তাৰকা খেলুৱৈ
আইপিএল এৰিলে এইগৰাকী খেলুৱৈয়েImage Credit source: PTI
Trishna Kalita
Trishna Kalita | Updated On: 12 Apr 2025 17:13 PM

এই পৰ্যন্ত আইপিএল ২০২৫ত অনুষ্ঠিত হৈছে ২৫খনকৈ মেচ। ইয়াৰ মাজতে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে এটা দল। হঠাৎ ঘৰলৈ উভতিছে এই দলৰ এজন তাৰকা খেলুৱৈ । অৰ্থাৎ এই ছিজনত এই খেলুৱৈজন আৰু দলটোত দেখা নাযাব। শেহতীয়াকৈ ফিল্ডিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল খেলুৱৈগৰাকী। আঘাতৰ বাবে তেওঁক দলৰ পৰা বাদ দিয়া হৈছে।

গুজৰাট টাইটানছৰ দল এৰিলে নিউজিলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন ফিলিপছে। আধাতে আইপিএল সামৰি নিজৰ দেশলৈ উভতি গৈছে তেওঁ। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শীঘ্ৰে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব পাৰে। মেগা নিলামত গুজৰাট টাইটানছে কোটি টকাত  ক্ৰয় কৰিছিল গ্লেন ফিলিপছক। কিন্তু তেওঁক আইপিএলৰ এখনো মেচত মূল একাদশত স্থান দিয়া হোৱা নাছিল। আজি (১২ এপ্ৰিল) লক্ষ্ণৌ ছুপাৰজায়েন্টছৰ বিৰুদ্ধে  আইপিএল মেচত অৱতীৰ্ণ হৈছে শুভমন গিলৰ দল। এনে পৰিস্থিতিত দলটোৰ বাবে এয়া এক ডাঙৰ বিপৰ্যয়।

৬ এপ্ৰিলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলখনত গুজৰাট টাইটানছৰ হৈ ফিল্ডিং কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হৈছিল গ্লেন ফিলিপছ। এই মেচখনত গুজৰাটৰ বিকল্প খেলুৱৈ হিচাপে খেলপথাৰত নামিছিল ফিলিপছ। কিন্তু থ্ৰ’ কৰিবলৈ চেষ্টা কৰোতে তেওঁ পেশীত আঘাত পায়। ইয়াৰ পিছত তেওঁ সতীৰ্থ খেলুৱৈৰ কান্ধত ধৰি খেলপথাৰৰ বাহিৰলৈ ওলাই যাবলগীয়া হয়। এই আঘাতৰ পিছৰে পৰা তেওঁক দলৰ অনুশীলনতো দেখা পোৱা নাছিল।

গ্লেন ফিলিপছৰ বিদায়ৰ ফলত গুজৰাটৰ চিন্তা বৃদ্ধি পাইছে। তেওঁৰ পূৰ্বে কাগিছ’ ৰাবাদা দক্ষিণ আফ্ৰিকালৈ উভতি গৈছিল। তেওঁ কেতিয়া দলত যোগদান কৰিব সেই সন্দৰ্ভত এতিয়াও কোনো আপডেট দিয়া হোৱা নাই। এনে পৰিস্থিতিত গুজৰাট দলত বৰ্তমান মাত্ৰ পাঁচজন বিদেশী খেলুৱৈ আছে। য’ত আছে জোছ বাটলাৰ, শ্বাৰফেন ৰাদাৰফোৰ্ড, ৰছিদ খান, জেৰাল্ড কোটজী আৰু কৰিম জনতৰ নাম। অৱশ্যে এই মুহূৰ্তত দলটো ফৰ্ম ভাল আছে। ৫খন মেচৰ ৪ খনত জয়ৰে শীৰ্ষত আছে গুজৰাট টাইটানছ।