সেন্দূৰে বাৰুদৰ ৰূপ ল’লে কি হয়, তাৰ পৰিণাম দেখিলে বিশ্বই- মোদী
মোদীয়ে কয়, সকলোৱে দেখা পাইছে কেনেকৈ সেন্দূৰ বাৰুদলৈ ৰূপান্তৰিত হ’লে ইয়াৰ পৰিণাম কি হয়। অপাৰেশ্যন সেন্দূৰৰ কথা উল্লেখ কৰি মোদীয়ে আজি সন্ত্ৰাসবাদীক পুনৰ সকীয়নি দিয়ে।
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় ৰাজস্থানৰ বীকানেৰত। এই সময়চোৱাত তেওঁ অপাৰেশ্যন সেন্দূৰৰ কথা উল্লেখ কৰাৰ লগতে পাকিস্তান আৰু সন্ত্ৰাসবাদীক তীব্ৰ সকীয়নি প্ৰদান কৰে। মোদীয়ে অপাৰেশ্যন সেন্দূৰৰ সফলতা সন্দৰ্ভতো মত প্ৰকাশ কৰে।
অপাৰেশ্যন সেন্দূৰৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে, তিনিও সেনাই লগ হৈ পাকিস্তানক আঁঠু কাঢ়িবলৈ বাধ্য কৰাইছিল। ২২ তাৰিখৰ আক্ৰমণৰ উত্তৰ ২২ মিনিটত সন্ত্ৰাসবাদীসকলে লাভ কৰিছিল। সকলোৱে দেখা পাইছে কেনেকৈ সেন্দূৰ বাৰুদলৈ ৰূপান্তৰিত হ’লে ইয়াৰ পৰিণাম কি হয়।
ইয়াৰ লগতে মোদীয়ে কয় যে, মোদীৰ মগজু সদায় ঠাণ্ডা হৈ থাকে, কিন্তু তেজত গৰম হৈ থাকে আৰু এতিয়া মোদীৰ শিৰাত তেজ নহয় গৰম সেন্দূৰ বৈ আছে। প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ মূল্য পাকিস্তানে ভৰিব লাগিব। পাকিস্তানৰ অৰ্থনীতিয়ে ফল ভুগিব লাগিব।