শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মহম্মদ টুফেল কোন? ৬০০ পাকিস্তানীৰ সৈতে আছিল সম্পৰ্ক, শ্বেয়াৰ কৰিছিল ভাৰতৰ গুৰুত্বপূৰ্ণ তথ্য…

পাকিস্তানৰ হৈ চোৰাংচোৱা কৰাৰ সন্দেহত পুনৰ গ্ৰেপ্তাৰ এজন যুৱক। তথ্য অনুসৰি এই যুৱকজনে প্ৰায় ৬০০ জন পাকিস্তানীৰ সংযোগত আছিল আৰু গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰিছিল।

মহম্মদ টুফেল কোন?  ৬০০ পাকিস্তানীৰ সৈতে আছিল সম্পৰ্ক, শ্বেয়াৰ কৰিছিল ভাৰতৰ গুৰুত্বপূৰ্ণ তথ্য…
টুফেলImage Credit source: ANI
barasha-sarma
Barasha Sarma | Published: 22 May 2025 20:11 PM

দেশ বিৰোধী কাৰ্যকলাপৰ বাবে পুনৰ গ্ৰেপ্তাৰ এজন। বৃহস্পতিবাৰে বাৰাণসীৰ পৰা উত্তৰ প্ৰদেশ এটিএছে গ্ৰেপ্তাৰ কৰিছে পাকিস্তানী চোৰাংচোৱা টুফেলক। তদন্তত প্ৰকাশ পাইছে যে, এই অভিযুক্তজন পাকিস্তানৰ শ শ লোকৰ সৈতে জড়িত হৈ আছিল আৰু ভাৰতৰ ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ প্ৰতিচ্ছবিৰ প্ৰতি ভাবুকি কঢ়িয়াব পৰা কাম কৰিছিল। তেওঁ ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানৰ সৈতে শ্বেয়াৰ কৰিছিল।

উত্তৰ প্ৰদেশ আৰক্ষীয় এণ্টি টেৰৰিজম স্কোয়াড (এটিএছ) ইউনিটে বাৰাণসীৰ জয়তপুৰা থানা এলেকাৰ দোশীপুৰাত বাস কৰা পাকিস্তানী চোৰাংচোৱা টুফেলক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে ভাৰতবিৰোধী কামত জড়িত থকাৰ অভিযোগ আছে। ভাৰতৰ বহু গোপন তথ্য পাকিস্তানৰ সৈতে শ্বেয়াৰ কৰাৰ লগতে তেওঁ পাকিস্তানৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-লাববাইকৰ নেতাৰ ভিডিঅ’ হোৱাটছ এপ গ্ৰুপত শ্বেয়াৰ কৰিছিল।

ইয়াৰ লগতে যুৱকজন ‘গাজৱা-ই-হিন্দ’ আৰু বাবৰি মছজিদৰ প্ৰতিশোধৰ বাৰ্তাও বিয়পাই আছিল। যুৱকজনে ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান যেনে ৰাজঘাট, নমোঘাট, জ্ঞাপব্যাপী, ৰেলৱে ষ্টেচন, জামা মছজিদ, লালকিল্লা, নিজামুদ্দিন আউলিয়া আদিৰ ফটোৰ লগতে এই স্থানসমূহৰ লগত জড়িত গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানী নম্বৰত প্ৰেৰণ কৰিছিল। ইয়াৰোপৰি পাকিস্তানৰ পৰা পৰিচালিত গ্ৰুপৰ লিংক বাৰণাসীৰ অন্য লোকলৈও তেওঁ প্ৰেৰণ কৰিছিল। তথ্য অনুসৰি যুৱকজনে প্ৰায় ৬০০ টা পাকিস্তানী নম্বৰৰ সৈতে যোগাযোগত আছিল।

টুফেলে পাকিস্তানৰ ফৈছালাবাদৰ বাসিন্দা নফিছা নামৰ এগৰাকী মহিলাৰ সৈতে যোগাযোগ কৰিছিল। এইগৰাকী মহিলাৰ স্বামী পাকিস্তান সেনাত কৰ্মৰত। যুৱকজনৰ বিৰুদ্ধে তথ্য সংগ্ৰহ কৰিয়ে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ পাছত তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব। জানিব পৰা মতে এটিএছ ইউনিটে যুৱকজনৰ তথ্য গোপন সূত্ৰৰ ভিত্তিত লাভ কৰিছিল। সূত্ৰই তদন্তকাৰী সংস্থাক কৈছিল যে, যুৱকজন পাকিস্তানী লোকৰ সৈতে সম্পৰ্কত আছে আৰু বহু দেশ বিৰোধী ঘটনা সংঘটিত কৰিছে।

ইয়াৰ পিছতে এ টি এছে তদন্ত কৰি নিশ্চিত কৰে যে অভিযুক্ত টুফেল পাকিস্তানৰ বহু লোকৰ সংস্পৰ্শত আছিল। তদন্তকাৰী সংস্থাৰ মতে, যুৱকজনে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-লাব্বিকৰ নেতা মৌলানা ছাদ ৰিজৱীৰ ভিডিঅ’  আৰু বহু উচতনিমূলক বাৰ্তা হোৱাটছএপৰ জৰিয়তে বিভিন্নজনলৈ প্ৰেৰণ কৰিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, যোৱা কেইটামান দিনত পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা কেইবাগৰাকী লোক গ্ৰেপ্তাৰ হৈছে। ইয়াৰ ভিতৰত জ্যোতি মালহোত্ৰা নামৰ যুৱতীগৰাকীও অন্যতম। এই সমগ্ৰ বিষয় সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য় খবৰ পঢ়কঃ পাকিস্তানী ছেজল কাপুৰ কোন! জালত পৰিছিল ৯৮জন ভাৰতীয় সেনা বিষয়া-কৰ্মচাৰী, সাৰি যোৱা নাছিল ব্ৰহ্ম’ছৰ ইঞ্জিনিয়াৰ…