শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানলৈ যোৱা অপৰাধ নহয়, গৌৰৱ গগৈ হাবি-জংঘল পাৰ হৈ অন্য দেশলৈ যোৱা নাইঃ দেবব্ৰত শইকীয়া

পাকিস্তানলৈ যোৱা অপৰাধ নহয়- বিৰোধী দলপতি দেবব্ৰত শইকীয়াই এই মন্তব্য কৰে। সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত চলি থকা চৰ্চাৰ মাজতে শইকীয়াৰ এই মন্তব্য।

পাকিস্তানলৈ যোৱা অপৰাধ নহয়, গৌৰৱ গগৈ হাবি-জংঘল পাৰ হৈ অন্য দেশলৈ যোৱা নাইঃ দেবব্ৰত শইকীয়া
কংগ্ৰেছ সাংসদ গৌৰৱ গগৈImage Credit source: Gaurav Gogoi X handle @GauravGogoiAsm
barasha-sarma
Barasha Sarma | Published: 22 May 2025 19:31 PM

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত চলি থকা চৰ্চাৰ মাজতে বিষয়টোক লৈ এইবাৰ মত প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। পাকিস্তানলৈ যোৱা অপৰাধ নহয় বুলি উল্লেখ কৰি শইকীয়াই কয় যে মুখ্যমন্ত্ৰীয়ে যি পৰিবেশৰ সৃষ্টি কৰিব বিচাৰিছে সেয়া দুৰ্ভাগ্যজনক। ইয়াৰোপৰি এতিয়া মুখ্যমন্ত্ৰীৰ কথা আইনলৈ পৰিণত হৈছে বুলি কটাক্ষ কৰে শইকীয়াই।

বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি শইকীয়াই কয় যে, “সাংসদ গৌৰৱ গগৈ কোনো কামৰ বাবে হাবি-জংঘল পাৰ হৈ অন্য দেশলৈ যোৱা নাই। যিটো সময়ত গৌৰৱ গগৈ যোৱা বুলি কৈছে, সেই সময়ত পাকিস্তানলৈ যোৱা অপৰাধ নহয়। কিয়নো সেই সময়ত তাত ভাৰতীয় দূতবাস আছিল। ইয়াৰোপৰি ভাৰতৰ সৈতে সাংস্কৃতিক বিনিময়, আন্তঃৰাষ্ট্ৰীয় বৈঠক আদি হৈছিল। বহু সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সৈতে হাত মিলোৱা ফটোও দেখা যায়। সাংসদ সকলো বিদেশলৈ গৈ থাকে”।

অৱশ্যে এতিয়া কূটনৈতি সম্পৰ্ক শেষ হোৱাৰ বাবে যাব নোৱাৰি বুলি উল্লেখ কৰে শইকীয়াই। লগতে কয় যে, “যদি গগৈ পাকিস্তানলৈ গৈছে তেন্তে ভাৰত চৰকাৰক নিশ্চয় অৱগত কৰিছে। এই সন্দৰ্ভত ভাৰত চৰকাৰৰ হাতত তথ্য থাকিব।  কিন্তু জেওৰা পাৰ হৈ পাকিস্তানলৈ গৈছে বুলি বিশ্বাস নহয়। এইখিনি সময়ত পবিত্ৰ মাৰ্ঘেৰিটাই মাত মাতিব লাগিছিল, কিন্তু তেওঁৱো মনে মনে আছে। ছেপ্টেম্বৰলৈ তেওঁলোকে যি বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে সেয়া দুৰ্ভাগ্যজনক। এতিয়া মুখ্যমন্ত্ৰীৰ কথা আইনলৈ পৰিণত হৈছে”।

পবিত্ৰ মাৰ্ঘেৰিটাই কি হয়

ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, “বিগত ৬ মাহে গৌৰৱ গগৈয়ে বিষয়টোৰ পৰা মূৰপোলোকা দি আছিল। সকলোৱে জানে যে বৈৰী ৰাষ্ট্ৰলৈ যোৱাতো সন্দেহৰ আৱৰ্তত থকা বস্তু। তেওঁ গৈছিল আৰু এতিয়া লাহে লাহে স্বীকাৰোক্তিৰ পিনে গৈ আছে। এয়া আচৰিত কথা। কিয়নো তেওঁ কোনো কূটনৈতিক বিষয়া বা মন্ত্ৰী নহয়। তেওঁ ধৰ্মীয় পৰ্যটকো নহয় আৰু ব্যৱসায়ী নহয়। তেওঁ ৰাজনীতিবিদ হিচাপে বহু দিনৰ বাবে পাকিস্তানলৈ গৈছিল। তাত গৈ কি কৰিছে সকলোৱে জানে। তাৰ পৰা আহি পাকিস্তানী দূতবাসলৈ শতাধিক ল’ৰা-ছোৱালী লৈ গৈছিল”।

পাকিস্তানী দূতবাসৰ বাহিৰে বেলেগ দূতবাস বিচাৰি নাপালে বুলি প্ৰশ্ন কৰি মাৰ্ঘেৰিটাই কয় যে, এই বিষয়টোত বেছি ব্যস্ত থকাতকৈ অন্য বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে। অহা ১০ ছেপ্টেম্বৰত সকলো ওলাই পৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা বিষয়টোৱে যোৱা কেইবাটা দিন ধৰি ৰাজ্যৰ ৰাজনীতি গৰম কৰি আহিছে। এতিয়ালৈকে গৌৰৱ গগৈয়ে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদিও বিষয়টো সন্দৰ্ভত স্পষ্ট মত প্ৰকাশ কৰা নাই। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, অহা ১০ ছেপ্টেম্বৰত তেওঁৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সকলো তথ্য-প্ৰমাণ ৰাজহুৱা কৰিব। গতিকে এই বিষয়ে কি দিশলৈ গতি কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

 

 

অন্য খবৰ পঢ়কঃ ভাৰত চৰকাৰৰ অনুমতি অবিহনে পাকিস্তানলৈ যাব পাৰি নেকি? মুখ্যমন্ত্ৰীক কি কি প্ৰত্যাহ্বান জনালে গগৈয়ে…