TV9 ASSAM
Pic credits: PTI/Instagram/Getty
বৈভৱ সূৰ্যবংশীয়ে সুন্দৰ শৈলীৰে আই পি এল ২০২৫ৰ ছিজন সমাপ্ত কৰি শেষৰখন মেচত অৰ্ধশতক অৰ্জন কৰে।
১৪ বছৰীয়া বৈভৱে এই আই পি এল ছিজনত অভিষেক ঘটাই মাত্ৰ ৭খন মেচতে ইমান আলোড়নৰ সৃষ্টি কৰিলে। যাৰ বাবে তেওঁৰ নাম চৰ্চাত আছে।
মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰা বৈভৱে এই ছিজনৰ ৭খন মেচত গড়ে ৩৬ ৰান কৰি ২৫২ ৰান সংগ্ৰহ কৰে, য’ত অৰ্ধশতকো অন্তৰ্ভুক্ত।
কিন্তু আটাইতকৈ বিশেষ কথাটো আছিল বৈভৱৰ ষ্ট্ৰাইক ৰেট, যিটো এই ছিজনত আন সকলো বেটছমেনতকৈ অধিক।
২০৬.৫৫ ৰ বিস্ময়কৰ ষ্ট্ৰাইক ৰেটত বৈভৱে ২৫২ ৰান সংগ্ৰহ কৰে, যিটো ২০ বা তাতকৈ অধিক বল খেলা আন ৯৭ জন বেটছমেনতকৈ বেছি।
এই তালিকাৰ দ্বিতীয় স্থানত আছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিস্ফোৰক বেটছমেন নিকোলাছ পুৰাণ, যাৰ ষ্ট্ৰাইক ৰেট হৈছে ১৯৭.৮২।
আনহাতে, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ ফিনিছাৰ টিম ডেভিদে এতিয়ালৈকে ১৯৩.৭৫ ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ কৰি তিনি নম্বৰত আছে।
চাবলৈ ক্লিক কৰক