যিদৰে বিচাৰিছিলো, সেয়াই….! ইডেনত পৰাজয়ৰ পিছতে কিয় এইদৰে ক’লে ‘গুৰু’ গম্ভীৰে
ইডেনত এই লজ্জাজনক পৰাজয়ৰ পিছতে ভাৰতীয় দল আৰু বিশেষকৈ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। বিশেষকৈ ইডেন গাৰ্ডেনৰ পিটচৰ বাবে গম্ভীৰক তীক্ষ্ণ সমালোচনা কৰা হৈছে। পিছে স্বভাৱসিদ্ধ ধৰণেই এনে সমালোচনাক উলাই কৰিছে গৌতম গম্ভীৰে।
সুদীৰ্ঘ ছয় বছৰৰ বিৰতিৰ পিছত ঐতিহাসিক ইডেন গাৰ্ডেনলৈ উভতিছিল টেষ্ট ক্ৰিকেট। কলকাতাৰ এই ঐতিহাসিক ষ্টেডিয়ামত ঘৰুৱা দলৰ এক ঐতিহাসিক বিজয়ৰ আনন্দ উপভোগ কৰিবলৈ সাজু হৈ আছিল প্ৰতিজন অনুৰাগী। পিছে অনুৰাগীৰ এই আশাত চেঁচাপানী ঢালি ইডেনত আজি লজ্জাজনক আত্মসমৰ্পণ কৰে ভাৰতীয় দলে। দুৰন্ত প্ৰদৰ্শনেৰে মেচখনত দক্ষিণ আফ্ৰিকাই চমকপ্ৰদ বিজয় সাব্যস্ত কৰে। এই জয়েৰে দক্ষিণ আফ্ৰিকাই দুখন মেচৰ টেষ্ট শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে।
ইডেনত এই লজ্জাজনক পৰাজয়ৰ পিছতে ভাৰতীয় দল আৰু বিশেষকৈ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। বিশেষকৈ ইডেন গাৰ্ডেনৰ পিটচৰ বাবে গম্ভীৰক তীক্ষ্ণ সমালোচনা কৰা হৈছে। পিছে স্বভাৱসিদ্ধ ধৰণেই এনে সমালোচনাক উলাই কৰিছে গৌতম গম্ভীৰে।
কি ক’লে গম্ভীৰে
সমালোচনাৰ পৰিৱৰ্তে গম্ভীৰে আশা কৰাৰ দৰেই ইডেনৰ পিটছ লাভ কৰিছিল বুলি মন্তব্য কৰিছে। পিটচৰ ওপৰত পৰাজয়ৰ দোষ ঠেলাৰ বিপৰীতে গম্ভীৰে দলৰ বেটিং প্ৰদৰ্শন অত্যন্ত বেয়া আছিল বুলি উল্লেখ কৰে। অৱশ্যে গম্ভীৰে উল্লেখ কৰাৰ দৰেই ইডেন টেষ্টত ভাৰতীয় দলে ইডেন টেষ্টত শোচনীয় বেটিং প্ৰদৰ্শন কৰে।
ভাৰতে জয়ৰ বাবে মেচখনত মাত্ৰ ১২৪ ৰানৰ লক্ষ্য লাভ কৰিছিল যদিও মাত্ৰ ৯৩ ৰানতে ইনিংছ সামৰি ৩০ ৰানত পৰাজয় স্বীকাৰ কৰে। প্ৰথম ইনিংছতো ভাৰতে বৃহৎ অগ্ৰগতিৰ সুযোগ লাভ কৰিলেও মাত্ৰ ১৮৯ ৰানতে ইনিংছ সামৰিছিল। মেচখনত অৱশ্যে আঘাতৰ বাবে বেটিং কৰিব পৰা নাছিল অধিনায়ক শুভমন গিলে।
গিলৰ অনুপস্থিতিয়ে কিছু প্ৰভাৱ পেলালেও দলে এই সহজ স্ক’ৰ সংগ্ৰহ কৰিব নোৱাৰাত বহু প্ৰশ্নৰ উত্থাপন হৈছে। লক্ষণীয়ভাৱে মেচৰ দ্বিতীয় দিনা আৰু আজি পিটচৰ আচৰণে সকলোকে আচৰিত কৰি তুলিছিল। নিজৰ সুবিধাৰ্থে ভাৰতীয় দলে এইদৰে পিটচ প্ৰস্তুত কৰিছিল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছিল।
সংবাদমেলত গম্ভীৰে ক’লে এইদৰে
দলৰ পৰাজয়ৰ পাছত প্ৰশিক্ষক গৌতম গম্ভীৰেই এয়া স্বীকাৰ কৰে আৰু দলে ঠিক এইধৰণৰ পিটচৰ অনুৰোধ কৰিছিল বুলি উল্লেখ কৰে। তেওঁ লগতে এই পৰাজয়ৰ বাবে দুৰ্বল বেটিঙক দোষাৰোপ কৰে। সংবাদমেলত গম্ভীৰে কয়, “আমি যি বিচাৰিছিলো, ঠিক সেয়াই পাইছিলো আৰু আমি এইবাবে সুখী আছিলো। আমি ঠিক এনে পিটচেই বিচাৰিছিলো।”
কিউৰেটৰসকলে এই দিশত যথেষ্ট সহায় কৰা বুলি উল্লেখ কৰি গম্ভীৰে লগতে ভাল খেলিব নোৱাৰিলে এনে ফলেই হয় বুলি মন্তব্য কৰে। উল্লেখ্য যে এই মেচখনত মাত্ৰ এগৰাকী বেটছমেনেহে অৰ্ধশতক অৰ্জন কৰিছিল। মেচৰ তৃতীয় ইনিংছত এই অৰ্ধশতক আহিছিল দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাৰ বেটৰ পৰা।
বাভুমাৰ লগতে অক্ষৰ আৰু সুন্দৰৰ উদাহৰণ দি গম্ভীৰে এনে পিটচত শক্তিশালী ডিফেন্সৰ প্ৰয়োজন বুলি উল্লেখ কৰে। অৱশ্যে গম্ভীৰৰ এনে স্পষ্টীকৰণৰ পিছতো তেওঁৰ প্ৰশিক্ষকতাৰ ওপৰত প্ৰশ্ন উঠিছে। কিয়নো ইয়াৰ পূৰ্বে তেওঁৰ তত্বাৱধানতে ভাৰতে নিউজিলেণ্ডৰ বিপক্ষে শৃংখলা হেৰুৱাইছিল। এতিয়া দক্ষিণ আফ্ৰিকাৰ বিপক্ষেও এনে সম্ভাৱনাই দেখা দিছে।