শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দৰাবিলৰ ১৫০ বিঘা মাটি ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ যো-জা চৰকাৰৰ, ক্ষোভিত ৰাইজ…

দৰাবিলৰ প্ৰায় ১৫০ বিঘা ভূমি এটা ব্যক্তিগত কোম্পানীৰ গটাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। যাৰ পাছত এতিয়া অঞ্চলটিৰ স্থানীয় লোকসকল ক্ষোভিত হৈ পৰিছে। এই সন্দৰ্ভত ৰাজহুৱা সভা অনুষ্ঠিত হয়।

দৰাবিলৰ ১৫০ বিঘা মাটি ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ যো-জা চৰকাৰৰ, ক্ষোভিত ৰাইজ…
স্থানীয় ৰাইজ
barasha-sarma
Barasha Sarma | Published: 16 Nov 2025 18:43 PM

আমাক লজিষ্টিক পাৰ্ক নালাগে, দৰাবিলক ৰক্ষা নকৰিলে ধ্বংসৰ গৰাহলে যাব আমাৰ অঞ্চল- এই মন্তব্য দৰাবিল অঞ্চলৰ একাংশ পুৰুষ-মহিলাৰ। দৰাবিল গো চৰণীয়া পথাৰ ৰক্ষাৰ অৰ্থে দেওবাৰে ৰাজপথলৈ ওলাই আহিল শ শ পুৰুষ-মহিলাৰ, কনিষ্ঠৰ পৰা বৃদ্ধলৈ সকলো। প্ৰতিবাদী কণ্ঠৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি জনতাই কয় যে, তেওঁলোকক কোনো কাৰণতে লজিষ্টিক পাৰ্ক নালাগে।

উল্লেখ্য যে, দক্ষিণ কামৰূপৰ এখন ঐতিহ্যমণ্ডিত আৰ্দ্ৰভূমি হৈছে দৰাবিল। দক্ষিণ কামৰূপৰ ৰামপুৰৰ প্ৰকৃতিৰ অন্যতম স্থান দৰাবিল বিভিন্ন প্ৰজাতিৰ মাছ, সৰীসৃপ, চৰাই–চিৰিকটিৰ আৱাসস্থল। এই অঞ্চলটিৰ কৃষিজীৱি, পশুপালক, মৎস্যজীৱি, মৃৎ শিল্পীসকল দৰাবিলৰ ওপৰতেই নিৰ্ভৰশীল। কিন্তু এই দৰাবিল গো-চৰণীয়া পথাৰৰ ১৫০ বিঘা ভূমি অসম ঔদ্যোগিক উন্নয়ন নিগমৰ জৰিয়তে কলিকতাৰ এটা ব্যক্তিগত ল’জিষ্টিক কোম্পানীৰ হাতত গতাই দিব বিচাৰিছে চৰকাৰে ।

যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল। তেওঁলোকৰ মতে,দৰাবিল গো চৰণীয়া পথাৰ যদি বহিৰাগতৰ হাতলৈ যায় তেন্তে ভয়াৱহ সংকটতৰ সন্মুখীন হ’ব সমূহ ৰামপুৰবাসী ৰাইজ। এই সন্দৰ্ভতে আজি অঞ্চলটোত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। য’ত শ শ লোকে অংশগ্ৰহণ কৰে।

সভাত অংশগ্ৰহণ কৰি স্থানীয় লোকে কয় যে, আমাৰ স্পষ্ট কথা আমি কোনো ধৰনৰ লজিষ্টিক পাৰ্ক বিচৰা নাই। এই সন্দৰ্ভত দৰাবিল গো চৰণীয়া সুৰক্ষা সমিতিৰ এজন কৰ্মকৰ্তাই কয় যে, ”আজি পৰিৱেশৰ স্বাৰ্থত বহু মানুহ ওলাই আহিছে। যিকোনো মূল্যৰ বিনিময়ত এই বিলখন লজিষ্টিক পাৰ্ক বা যিকোনো নিৰ্মাণ কাৰ্যৰ বাবে এৰি দিয়া নহয়। ইয়াৰ বাবে ৰাইজ যিকোনো পৰ্যায়লৈ যাবলৈ সাজু”।

লগতে কয় যে, এই বিলখনৰ লগত বহু মানুহৰ জীৱন, জীৱিকা তথা অঞ্চলটিৰ আৰ্থ-সামাজিক দিশটো জড়িত হৈ আছে। ইয়াৰোপৰি পৰিৱেশৰ ক্ষেত্ৰতো ভাবুকি আহি পৰিব। গতিকে এই ঠাইখিনি কেতিয়াও নিৰ্মাণ কাৰ্যৰ বাবে কাৰো হাতত গতাই দিয়া নহয় বুলি কয় সমিতিয়ে।

 

অন্য খবৰ পঢ়কঃ ৰাজনীতিয়ে সকলো কাঢ়িলে লালুৰ! প্ৰথমে হেৰুৱালে গাদী আৰু এতিয়া পুত্ৰ-কন্যাক…