শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইডেনত লজ্জাজনক আত্মসমৰ্পণ ভাৰতৰ, বাভুমাৰ কান্ধত ভৰ দি ৫৩ বছৰীয়া অভিলেখ ভাঙিলে দক্ষিণ আফ্ৰিকাই

ঘৰৰ মাটিতে আজি ভাৰতক পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই পুনৰ প্ৰমাণ কৰিলে নিজৰ শক্তি। এই শক্তিৰ সমুখত আজি ঐতিহাসিক ইডেন গাৰ্ডেনৰ মাটিত সহজ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ব ভাৰতীয় দল।

ইডেনত লজ্জাজনক আত্মসমৰ্পণ ভাৰতৰ, বাভুমাৰ কান্ধত ভৰ দি ৫৩ বছৰীয়া অভিলেখ ভাঙিলে দক্ষিণ আফ্ৰিকাই
ইডেনত দৰ্শনীয় জয় দক্ষিণ আফ্ৰিকাৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 16 Nov 2025 15:28 PM

টেম্বা বাভুমা, ক্ৰিকেট বিশ্বত এসময়ত অলেখ লোকৰ ট্ৰলৰ সন্মুখীন হৈছিল দক্ষিণ আফ্ৰিকাৰ এই খেলুৱৈগৰাকী কোনো কোনোৱে আনকি তেওঁৰ বাবেই প্ৰশ্ন তুলিছিল দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ সংৰক্ষণ ব্যৱস্থাৰ ওপৰতো উপহাস কৰা হৈছিল তেওঁৰ দৈহিক উচ্চতাক পিছে সেই সকলো ট্ৰল, অপমান তথা উপহাসৰ যথোচিত প্ৰত্যুত্তৰ দি ক্ৰিকেট বিশ্বত বাভুমাই গঢ়ি তুলিছে উচ্চ স্থান, লগতে দক্ষিণ আফ্ৰিকা ক্ৰিকেটক তুলি নিছে সফলতাৰ সুউচ্চ শিখৰলৈ বাভুমাৰ নেতৃত্বই গঢ়ি তোলা এই পথেৰে খোজ লৈয়েই দক্ষিণ আফ্ৰিকা হৈ পৰিল বিশ্ব টেষ্ট চেম্পিয়ন

এই সফলতাৰ খোজ ইমানতে অন্ত পৰিবলৈ দিয়া নাই বাভুমা নেতৃত্বাধীন প্ৰটিয়াছ বাহিনীয়ে ঘৰৰ মাটিতে আজি ভাৰতক পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই পুনৰ প্ৰমাণ কৰিলে নিজৰ শক্তি এই শক্তিৰ সমুখত আজি ঐতিহাসিক ইডেন গাৰ্ডেনৰ মাটিত সহজ আত্মসমৰ্পণ কৰিবলৈ বাধ্য ভাৰতীয় দল

যোৱা ১৪ নৱেম্বৰৰ পৰা কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা ভাৰতদক্ষিণ আফ্ৰিকাৰ প্ৰথম টেষ্ট মাত্ৰ আঢ়ৈ দিনতে অন্ত পৰিছে দুৰন্ত প্ৰদৰ্শনেৰে এই মেচখনত ভাৰতীয় দলক ৩০ ৰানত পৰাস্ত কৰিছে দক্ষিণ আফ্ৰিকাই শক্তিশালী নেতৃত্বৰে দলক জয়ৰ আকাংক্ষিত লক্ষ্যত উপনীত কৰায় বাভুমাই

ইডেনৰ ৫৩ বছৰীয়া অভিলেখ ভংগ

এই জয়েৰে দক্ষিণ আফ্ৰিকাই দুখন মেচৰ টেষ্ট শৃংখলাত ১-০ ব্যৱধানৰ অগ্ৰগতি লাভ কৰিছে কেৱল সিমানেই নহয়, প্ৰটিয়াছ বাহিনীয়ে ইডেন গাৰ্ডেনত ৫৩ বছৰীয়া এক বিশেষ অভিলেখো ভংগ কৰিছে। লস্কৰিং এই মেচখনত ভাৰতীয় দলে লাভ কৰিছিল মাত্ৰ ১২৪ ৰানৰ জয়ৰ লক্ষ্য কিন্তু প্ৰটিয়াছ বলিং আক্ৰমণৰ সমুখত এই সহজ লক্ষ্যও ভাৰতৰ বাবে হৈ পৰে বিশাল

দক্ষিণ আফ্ৰিকাই এইদৰে মাত্ৰ ১২৪ ৰানৰ লক্ষ্য বান্ধি দিও ইডেনত সৰ্বনিম্ন লক্ষ্যৰ পিছতো জয়ৰ অভিলেখ গঢ়ে আঘাতৰ বাবে অধিনায়ক শুভমন গিলে বেটিং কৰিব নোৱাৰাত ভাৰতে ১০ জন বেটাৰেই মেচখনত অৱতীৰ্ণ বলগা হয় এইদৰে মাত্ৰ ৯৩ ৰানতে ইনিংছ সামৰি ভাৰতে ৩০ ৰানত পৰাজয় স্বীকাৰ কৰে

ভাৰতৰ দুৰ্বল প্ৰদৰ্শন

মেচখনত ভাৰতীয় বলিং আক্ৰমণ প্ৰদৰ্শন প্ৰশংসনীয় আছিল যদিও বেটিং বিভাগ আছিল সম্পূৰ্ণ নিষ্প্ৰভ দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ১৫৯ ৰানত ইনিংছ সামৰাৰ পিছত ভাৰতে এক শক্তিশালী অগ্ৰগতিৰ সুযোগ পাইছিল যদিও ১৮৯ ৰানত ইনিংছ সামৰি মাত্ৰ ৩০ ৰানৰ অগ্ৰগতিহে লাভ কৰে

ইয়াৰ পিছত পুনৰবাৰ দৰ্শনীয় বলিং প্ৰদৰ্শনেৰে দক্ষিণ আফ্ৰিকাক ১৫৩ ৰানত বান্ধি ৰাখিবলৈ সক্ষম হৈছিল ভাৰত ইডেনৰ কঠিন পিটছত অধিনায়ক বাভুমাই অধিনায়কোচিত বেটিঙেৰে খেলে অপৰাজিত ৫৫ ৰানৰ ইনিংছ কিন্তু ভাৰতৰ কোনো এগৰাকী বেটাৰে বাভুমাৰ দৰে এক যুঁজাৰু ইনিংছ খেলাত ব্যৰ্থ হয়

ভাৰতৰ হৈ কিছু যুঁজ দি সৰ্বাধিক ৩১ ৰান কৰে সুন্দৰে অক্ষৰে ২৬ আৰু জাদেজাই কৰে ১৮ ৰান প্ৰটিয়াছ স্পিনাৰ চিমন হাৰ্মাৰে প্ৰথম ইনিংছৰ দৰে দ্বিতীয় ইনিংছতো ৪টা উইকেট দখল কৰি ভাৰতক শিৰনত কৰিবলৈ বাধ্য কৰায় এই প্ৰদৰ্শনৰ বাবে তেওঁ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়