২৫ বছৰে খেলা নাই নিৰ্বাচন, কেনেকৈ মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ?
২০০০ চনৰ ৩ মাৰ্চত প্ৰথমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰ। সেই সময়ত তেওঁ বিধানসভা বা বিধান পৰিষদৰ সদস্য নাছিল। যাৰ বাবে আঠ দিনৰ ভিতৰতে তেওঁ পদত্যাগ কৰে। তাৰ পিছত ২০০৫ চনত নীতিশ পুনৰ মুখ্যমন্ত্ৰী হয়। তেতিয়াও তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল।
শুকুৰবাৰে (১৪ নৱেম্বৰ) ঘোষণা কৰা বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত এন ডি এৰ ধুমুহাত কাৰ্যতঃ উফৰি গৈছে বিৰোধী দল। আৰু এই ফলাফলৰ পিছত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। তেওঁৰ নামত বিহাৰত দেখা গৈছে বিশেষ পোষ্টাৰ। য’ত তেওঁক কোৱা হৈছে ‘টাইগাৰ আভী জিন্দা হায়’ ।
এই নিৰ্বাচনত বিজেপিৰ সমান্তৰালকৈ ব্যাপক সফলতা লাভ কৰিছে নীতিশ কুমাৰৰ দল জেডি(ইউ)এ। কিন্তু, আপুনি জানেনে নীতিশ কুমাৰ প্ৰতিদ্বন্দ্বিতা কৰা নাছিল এই নিৰ্বাচনত। কেৱল এইবাৰেই নহয়, ২০০০ চনত যেতিয়া নীতিশ কুমাৰ বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছিল, তেতিয়াও তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। দৰাচলতে বিহাৰৰ বিধানসভা নিৰ্বাচনত যোৱা ২৫ বছৰে প্ৰতিদ্বন্দ্বিতা কৰা নাাই নীতিশে।
২০০০ চনৰ ৩ মাৰ্চত প্ৰথমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰ। সেই সময়ত তেওঁ বিধানসভা বা বিধান পৰিষদৰ সদস্য নাছিল। যাৰ বাবে আঠ দিনৰ ভিতৰতে তেওঁ পদত্যাগ কৰে। তাৰ পিছত ২০০৫ চনত নীতিশ পুনৰ মুখ্যমন্ত্ৰী হয়। তেতিয়াও তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। বৰঞ্চ তেওঁ বিধান পৰিষদৰ সদস্য হোৱাৰ সিদ্ধান্ত লয়। ২০১৪ চনৰ ২০ মে’ পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰা নীতিশে বিধান পৰিষদৰ সদস্য হিচাপে মুখ্যমন্ত্ৰী হৈ থাকে। ২০১৫ চনৰ ২২ ফেব্ৰুৱাৰীত পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। এইবাৰো তেওঁ বিধান পৰিষদৰ সদস্য হিচাপে মুখ্যমন্ত্ৰীৰ পদৰ দায়িত্ব ল’বলৈ ওলাইছে। কাৰণ, ২০২৪ চনত পুনৰ বিধান পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল নীতিশ কুমাৰ। ২০৩০ চনত শেষ হ’ব তেওঁৰ কাৰ্যকাল।
