November 16, 2025
TV9 ASSAM
গাহৰি পামখন এই সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ জৈৱ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিব লাগিব। এই সময়ত গাহৰিৰ মাংস বেচা-কিনাৰ পৰা আঁতৰি থাকক।
আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ আবদ্ধ পদ্ধতি গ্ৰহণ কৰিব লাগে। বিজ্ঞানসন্মতভাৱে আবদ্ধ পদ্ধতিত গাহৰি পালন কৰিলে এই সংক্ৰমণ ৰোধ কৰিব পৰা যায়।
পামখনৰ চাৰিওফালে ৩ মিটাৰ দূৰত্বত বেৰ দিয়াৰ ব্যৱস্থা কৰক। লগতে অন্য জীৱ-জন্তুৰ লগতে বাহিৰৰ পৰা অহা লোকক পামখনত প্ৰৱেশ কৰিবলৈ নিদিব।
গাহৰিৰ পামখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ চেষ্টা কৰিব। পামখন পৰিষ্কাৰ কৰিবলৈ আপুনি ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰিব পাৰে।
পামখনৰ বাবে আছুতীয়া পোছাকৰ ব্যৱস্থা কৰিব। এই পোছাক পৰিধান কৰিহে পামত প্রৱেশ কৰিব লাগে। সময়ে সময়ে পশু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
গাহৰিৰ শৰীৰত কোনো ধৰণৰ লক্ষণে দেখা দিয়ে, তেন্তে অতি সোনকালে পশু চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।
একে সময়তে কোনো কাৰণত যদি গাহৰিৰ মৃত্যু হয়, তেন্তে প্ৰায় ছয় ফুট দকৈ গাঁত খান্দি তাত পুতি থোৱাৰ ব্যৱস্থা কৰিব লাগে।
পঢ়িবলৈ ক্লিক কৰক