‘অভদ্ৰ নহ’বা…’ হঠাৎ গৰজি উঠিল জয়া বচ্চন, তাৰ পিছত…
জয়াই পোনপটীয়াকৈ ফটোগ্ৰাফাৰসকলক চিঞৰি উঠিলে। তেওঁ কয়, "ফটো লোৱা, কিন্তু অভদ্ৰ নহ'বা। মনে মনে ফটো তুলি লোৱা, আৰু গুচি যোৱা।" তেওঁৰ এই মন্তব্য নিমিষতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
জয়া বচ্চনৰ বলীউডৰ পাপাৰাজীৰ সৈতে সম্পৰ্ক কেনেকুৱা সেয়া সকলোৱে জানে। কেমেৰা দেখাৰ লগে লগে খঙৰ ভমকত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় জয়াই। ইণ্টাৰনেটত কেইবাবাৰো ভাইৰেল হৈছে তেওঁৰ ভিডিঅ। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। এইবাৰ সঁচাকৈয়ে খং উঠিল প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনৰ। কন্যা শ্বেতা বচ্চনৰ সৈতে এটা অনুষ্ঠানত উপস্থিত হোৱাৰ লগে লগে আগৰ দৰেই পাপাৰাজীৰ ভিৰ দেখে। বগা পোছাক আৰু মাস্ক পিন্ধি গাড়ীৰ পৰা নামি অহাৰ লগে লগে ফটোগ্ৰাফাৰসকলে তেওঁৰ ফটো ল’বলৈ বিচাৰে। তাৰ পৰাই আৰম্ভ সমস্যাৰ। শ্বেতাই খৰধৰকৈ মাকক ভিতৰলৈ লৈ যায় যদিও পাপাৰাজীৰ ভিৰৰ বাবে পৰিস্থিতি আৰু অধিক বিশৃংখল হৈ পৰে।
জয়াই পোনপটীয়াকৈ ফটোগ্ৰাফাৰসকলক চিঞৰি উঠিলে। তেওঁ কয়, “ফটো লোৱা, কিন্তু অভদ্ৰ নহ’বা। মনে মনে ফটো তুলি লোৱা, আৰু গুচি যোৱা।” তেওঁৰ এই মন্তব্য নিমিষতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
জয়া বচ্চনৰ পাপাৰাজীৰ প্ৰতি থকা বিৰক্তিৰ ভাৱ স্পষ্ট হৈ উঠিছে। শেহতীয়াকৈ নাতিনীয়েক নব্য নভেলী নন্দাৰ প’ডকাষ্ট ‘ৱাট দ্য হেল নব্য’ত তেওঁ কয় যে ছ’চিয়েল মিডিয়াত প্ৰায়ে চেলিব্ৰিটিৰ ভিডিঅ’ ভুলকৈ প্ৰচাৰ কৰা হয়। তোমাৰ যেনেকৈ স্বাধীনতা আছে, মোৰো স্বাধীনতা থকা উচিত— নহয়নে?” জয়াৰ কথা স্পষ্ট যে তেওঁ ব্যক্তিগত স্থানত ফটোগ্ৰাফাৰসকলৰ অনুপ্ৰৱেশে আমনি দিয়ে।
