শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
নগাঁৱৰ মিছাত ৰাষ্ট্ৰীয় ছহিদ বীৰ বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী পালন

নগাঁৱৰ মিছাত ৰাষ্ট্ৰীয় ছহিদ বীৰ বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী পালন

barasha-misra
Barasha Misra | Published: 15 Nov 2025 19:02 PM

ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী, ধৰ্মগুৰু, লোকনায়ক আছিল যিয়ে ভাৰতীয় স্বাধীনতা আন্দোলনত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ভাৰতৰ বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ ছোটা নাগপুৰ মালভূমি অঞ্চলৰ অন্যতম বৃহৎ জনজাতি গোট মুণ্ডা জনগোষ্ঠীৰ সদস্য আছিল।

নগাঁৱৰ মিছাত বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালন। ১৫০ সংখ্যক ৰাষ্ট্ৰীয় ছহিদজনৰ জন্ম জয়ন্তী পালন কৰে সকলোৱে। ৪৪ খন চাহ বাগিচাৰ চাহ জনগোষ্ঠীয়ে মিছাৰ বীৰ বিৰছা মুণ্ডা উদ্যানত পালন কৰে।

আছা,আটছা,এচিএমএচ নগাঁও শাখা আৰু কলিয়াবৰ সচেতন নাগৰিক মঞ্চই উদযাপন কৰে ছহিদ গৰাকীৰ জন্ম জয়ন্তী। অনুষ্ঠানটোত উপস্থিত থাকে। মন্ত্ৰী কেশৱ মহন্তই কয়, স্বাধীনতা সংগ্ৰামত বীৰ গৰাকীয়ে উত্তৰ ভাৰতত বৃটিছৰ বিৰুদ্ধে জাগৰণৰ সৃষ্টি কৰিছিল বুলি কয়।

১৯৪৭ চনৰ ১৫ আগষ্টৰ এই দিনটোতেই ব্ৰিটিছ উপনিৱেশিক শাসনৰ বিৰুদ্ধে শতিকাজোৰা যুঁজৰ অন্তত ভাৰতে লাভ কৰে আকাংক্ষিত স্বাধীনতা। স্বাধীনতাৰ প্ৰতি সমৰ্পিত দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ত্যাগ আৰু সাহসৰ ভেটিত গঢ় লৈ উঠা অক্লান্ত যুঁজ আৰু বিদ্ৰোহৰ দীৰ্ঘকালীন পৰিক্ৰমাৰ অন্তত ব্ৰিটিছৰ শোষণমূলক আৰু দমনমূলক শাসনক উৎখাত কৰি পুনৰ প্ৰতিষ্ঠা হৈছিল পৰম আকাংক্ষিত স্বাধীনতা। ভাৰতৰ স্বাধীনতা যুঁজৰ এই দীঘলীয়া ইতিহাসত লিপিবদ্ধ হৈছিল সহস্ৰ স্বাধীনতা সেনানিৰ নাম। কিন্তু তাৰ মাজত হেৰাই গৈছিল সংগ্ৰামৰ এক মহান সেনাৰ নাম।