তেজৰ কৰ্কট ৰোগৰ লক্ষণসমূহ কি কি, জানক

16  Nov 2025

TV9 ASSAM

ব্লাড কেন্সাৰ ৰক্তকণিকাবোৰত হোৱা এক প্ৰকাৰৰ কৰ্কট ৰোগ। য'ত শৰীৰে নতুন আৰু সুস্থ ৰক্তকণিকা তৈয়াৰ কৰিবলৈ অসুবিধা পায়। ইয়াৰ ফলত ইমিউনিটি, তেজৰ প্ৰবাহ, শৰীৰৰ শক্তিত প্ৰভাৱ পৰে।

তেজৰ কৰ্কট ৰোগ

তেজৰ কৰ্কট ৰোগ হোৱাৰ কোনো স্পষ্ট কাৰণ নাথাকে। কিন্তু জেনেটিক পৰিৱৰ্তন, দুৰ্বল ইমিউন চিষ্টেম, ৰেডিয়েশ্যনৰ সংস্পৰ্শলৈ অহা, কিছুমান ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহা আদি কাৰণত হ'ব পাৰে।

কাৰণ

ডাঃ সুভাষ গিৰীয়ে তেজৰ কৰ্কট ৰোগৰ লক্ষণৰ বিষয়ে কৈছে। তেওঁৰ মতে, এই ৰোগত সুস্থ ৰক্তকণিকা কমকৈ উৎপাদন হয়। যাৰ ফলত শৰীৰ বাৰে বাৰে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে।

ভাগৰুৱা

 ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰাৰ ফলত ব্যক্তিৰ বাৰে বাৰে জ্বৰ হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰোপৰি অন্য সংক্ৰমণ হোৱাও দেখা যায়।

জ্বৰ বা সংক্ৰমণ

প্লেটলেটছ কম হোৱাৰ ফলত সামান্য আঘাত পালেও বেছিকৈ তেজ ওলাব পাৰে। শৰীৰত নীলা বা বেঙুনীয়া ৰঙৰ দাগ বহি পাৰে। কৰবাত সামান্য খুন্দা খালেও এই দাগ হ'ব পাৰে।

তেজ ওলোৱা

ব্লাড কেন্সাৰ হোৱাৰ ফলত শৰীৰৰ পাচন প্ৰক্ৰিয়াতো প্ৰভাৱ পৰে। ইয়াৰ ফলত দ্ৰুতগতিত ওজন হ্ৰাস পাব পাৰে। ইয়াৰোপৰি ভোক কমকৈ লাগিব পাৰে।

ওজন হ্ৰাস

বোন মেৰোত কেন্সাৰৰ কোষ জমা হ'বলৈ ধৰে। যাৰ ফলত হাড় দুৰ্বল, গাঁঠিত বিষ আদি হ'ব পাৰে। এই বিষ অবিৰত বাবে বা কেতিয়াবা ৰৈ ৰৈ আহিব পাৰে। এনে লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

হাড় দুৰ্বল

পঢ়িবলৈ ক্লিক কৰক 

ছালত খজুৱতিৰ কাৰণ