প্ৰতিদিনে খালী পেটত গাজৰ খালে কম হ’ব পাৰে এইসমূহ সমস্যা! ৬ সপ্তাহতে পাব ফল, জানক সকলো…
Carrot Benefits: শীতকালত ওলোৱা বিভিন্ন শাক-পাচলিৰ ভিতৰত গাজৰ অন্যতম। কিন্তু আপুনি জানেনে, গাজৰৰ বহু উপকাৰী গুণ আছে। আপুনি যদি মাত্ৰ ৬ সপ্তাহৰ বাবে গাজৰৰ ৰস খাই তেন্তে ইয়াৰ ফলাফল দেখিবলৈ পাব।
আজিকালি খাদ্য আৰু পৰিৱৰ্তিত জীৱনশৈলীয়ে মানুহৰ স্বাস্থ্যত যথেষ্ঠ প্ৰভাৱ পেলায়। এনে ক্ষেত্ৰত ওজন বৃদ্ধি হোৱাও এক ডাঙৰ সমস্যা হৈ পৰিছে। মেদবহুলতাই ব্যক্তিত্বত প্ৰভাৱ পেলোৱাৰ লগতে ই বহু ৰোগৰ সৃষ্টি কৰে। বহু লোকে প্ৰশ্ন কৰে, গাজৰ খালে শকত হয় নেকি? প্ৰতিদিনে এগিলাচ গাজৰৰ ৰস খালে কি হ’ব?
নেশ্যনেল লাইব্ৰেৰী অৱ মেডিচিনৰ মতে, মেদবহুলতা আৰু হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ কাৰণ হ’ল অস্বাস্থ্যকৰ জীৱনশৈলী আৰু চৰ্বি বা ৰিফাইন কাৰ্বহাইড্ৰেটেৰে সমৃদ্ধ খাদ্য। তদুপৰি কিছুমান ফলমূল আৰু শাক-পাচলি কম খোৱাৰ ফলতো মেদবহুলতা হ’ব পাৰে।
গাজৰ ভাল নে বেয়া?
নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি, গাজৰত অধিক পৰিমাণে ফাইবাৰ, কেৰটিনয়ড, ভিটামিন চি, ভিটামিন ই, আৰু ফেনোলিক যেনে- পি-কিউমাৰিক, ক্ল’ৰ’জেনিক, কেফেইক এচিড আদি থাকে। যি ৰোগ প্ৰতিৰোধৰ বাবে উপকাৰী। গাজৰৰ ৰস এবিধ পুষ্টিকৰ পানীয়। ইয়াত অধিক পৰিমাণৰ ভিটামিন এ আৰু এন্টিঅক্সিডেন্ট গুণ থাকে। গতিকে ই ওজন বৃদ্ধি নকৰে।
আমেৰিকান ইনষ্টিটিউট ফৰ কেন্সাৰ ৰিচাৰ্চৰ মতে গাজৰ এবিধ কেন্সাৰ বিৰোধী ষ্টাৰচিবিহীন পাচলি। ইয়াত কেৰটিনয়ড আৰু অন্যান্য ফাইটোকেমিকেল থাকে।
কিমান খাব লাগে?
নেচনেল চেণ্টাৰ ফৰ বায়’টেকন’লজি ইনফৰ্মেশ্যন (এন চি বি আই)ত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, যদি আপুনি ৬ সপ্তাহৰ বাবে খালী পেটত মাত্ৰ ৫০ মিলিলিটাৰ কেঁচা গাজৰৰ ৰজ খাই, তেন্তে ওজন হ্ৰাস পাব পাৰে। ইয়াত ভিটামিন এ, চি, কে, বি ৮, কেৰটিন, এন্টিঅক্সিডেন্ট, আইৰণ আদি পোৱা যায়। ইয়াৰোপৰি ইয়াত ফাইবাৰ থাকে যিয়ে ওজন হ্ৰাস কৰাত অৰিহনা যোগায়।
কিহৰ বাবে গাজৰ ভাল
ছালঃ গাজৰৰ ৰস ছালৰ বাবে ভাল। ইয়াত এন্টিঅক্সিডেন্টছ আৰু ভিটামিন চি থাকে। যি ছালৰ লগত জড়িত সমস্যা কম কৰাত সহায় কৰে।
শক্তিঃ গাজৰত ভিটামিন চি থাকে। যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি শৰীৰক শক্তি প্ৰদান কৰে।
পাচনঃ গাজৰত অধিক পৰিমাণৰ ফাইবাৰ থাকে। যি পাচন প্ৰক্ৰিয়া ভাল কৰে। লগতে ই গেছ, কৌষ্ঠকাঠিন্য আদি সমস্যা হ্ৰাস কৰাত সহায় কৰে।
(এই লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। যদি আপোনাৰ কিবা ৰোগ আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল)
অন্য খবৰ পঢ়কঃ ভতুৱা শাক খালে কি কি ৰোগ ভাল হয়? জানক ইয়াৰ আচৰিত গুণৰ বিষয়ে…