শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

CSK vs PBKS Live Score, IPL 2025 : চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৪ উইকেটত জয়লাভ পঞ্জাৱ কিংছৰ

Chennai Super Kings Vs Punjab Kings Live Score in Assamese: আজি চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হৈছে পঞ্জাৱ কিংছ। এই খেলখন অনুষ্ঠিত হৈছে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত । পইণ্ট তালিকাৰ একেবাৰে তলত আছে চেন্নাই ছুপাৰ কিংছ। পঞ্জাৱ কিংছ তালিকাৰ পঞ্চম স্থানত আছে।

manas-borah
Manas Borah | Updated On: 30 Apr 2025 23:34 PM
CSK vs PBKS Live Score, IPL 2025 : চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৪ উইকেটত জয়লাভ পঞ্জাৱ কিংছৰ
চেন্নাই ছুপাৰ কিংছ বনাম পঞ্জাৱ কিংছ

আজি পাঁচবাৰৰ আই পি এল চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হৈছে পঞ্জাৱ কিংছ। আই পি এলৰ ৪৯ নম্বৰৰ খেলখন অনুষ্ঠিত হৈছে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত । আই পি এলৰ এই ছিজনত চেন্নাইৰ পৰিস্থিতি বৰ ভাল নহয়। পইণ্ট তালিকাৰ একেবাৰে তলত আছে চেন্নাই ছুপাৰ কিংছ। পঞ্জাৱ কিংছ তালিকাৰ পঞ্চম স্থানত আছে। যোৱা খেলখনত বৰষুণৰ বাবে পঞ্জাৱ আৰু কলকাতাই ১-১ পইণ্ট ভগাই ল’বলগীয়া হয় । পইণ্ট তালিকাত দলটোক সুৰক্ষিত কৰি ৰাখিবলৈ আজিৰ খেলখন পঞ্জাৱৰ প্ৰতিজন খেলুৱৈৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 30 Apr 2025 11:31 PM (IST)

    ৪ উইকেটত জয়লাভ কৰে পঞ্জাৱ কিংছে

    ৪ উইকেটত জয়লাভ কৰে পঞ্জাৱ কিংছে । চেন্নাইয়ে ১৯১ ৰানৰ লক্ষ্য বন্ধি দিছিল । ৬ টা উইকেট হেৰুৱাই ১৯.৪ অভাৰত ১৯৪ ৰান সংগ্ৰহণ কৰে পঞ্জাৱে । আয়েৰৰ ৪১ টা বলত ৭২ ৰানে জয়ত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় ।

  • 30 Apr 2025 11:24 PM (IST)

    ৬ টা উইকেটৰ পতন

    পঞ্জাৱৰ ৬ টা উইকেটৰ পতন । ৩ টা বলত ১ ৰান কৰি আউট শ্বেডজ ।

  • 30 Apr 2025 11:20 PM (IST)

    ৬ টা বলত ২ ৰানৰ প্ৰয়োজন

    পঞ্জাৱ কিংছক ৬ টা বলত ২ ৰানৰ প্ৰয়োজন জয়ৰ বাবে । ১৯ অভাৰত ১৮৯ ৰান পঞ্জাৱৰ ।

  • 30 Apr 2025 11:18 PM (IST)

    আয়েৰ আউট

    আয়েৰ আউট । ৪১ টা বলত ৭২ ৰান সংগ্ৰহ এক সুন্দৰ বেটিং কৰি আউট আয়েৰ ।

  • 30 Apr 2025 11:15 PM (IST)

    চতুৰ্থটো উইকেটৰ পতন পঞ্জাৱৰ

    পঞ্জাৱ কিংছৰ চতুৰ্থটো আঘাত । ২৩ ৰান সংগ্ৰহ কৰি আউট শশাংক সিং । ১২ টা বলত ৬ ৰানৰ প্ৰয়োজন পঞ্জাৱক ।

  • 30 Apr 2025 11:09 PM (IST)

    পঞ্জাৱ কিংছক ১৮ টা বলত ২১ ৰানৰ প্ৰয়োজন

    জয়ৰ বাবে পঞ্জাৱ কিংছক ১৮ টা বলত ২১ ৰানৰ প্ৰয়োজন । আয়েৰে ৩৯ টা বল ৭১ ৰান সংগ্ৰহ কৰি আক্ৰমণাত্মক বেটিং কৰি আছে ।

  • 30 Apr 2025 11:00 PM (IST)

    ৩০ টা বলত ৫২ ৰানৰ প্ৰয়োজন পঞ্জাৱক

    ৩০ টা বলত ৫২ ৰানৰ প্ৰয়োজন পঞ্জাৱক । হাতত আছে ৭ টা উইকেট । বেটিঙত আয়েৰ আৰু শশাংক সিং ।

  • 30 Apr 2025 10:58 PM (IST)

    ৱাধেৰা আউট

    তৃতীয়টো উইকেট পতন পঞ্জাৱৰ । ৱাধেৰা ৩ টা বলত পাঁচ ৰান কৰি আউট ।

  • 30 Apr 2025 10:56 PM (IST)

    ৩৬ টা বলত ৬০ ৰান প্ৰয়োজন

    পঞ্জাৱক জয়ৰ বাবে ৩৬ টা বলত ৬০ ৰানৰ প্ৰয়োজন । ২ টা উইকেট হেৰুৱাই পঞ্জাৱে ১৪ অভাৰত ১৩১ ৰান সংগ্ৰহ কৰিছে । বেটিঙত আছে আয়েৰ, নেহল ৱাধেৰা ।

  • 30 Apr 2025 10:50 PM (IST)

    শ্ৰেয়াছ আয়েৰৰ অৰ্ধশতক

    শ্ৰেয়াছ আয়েৰে ৩২টা বলত অৰ্ধশতক অৰ্জন কৰে । বৰ্তমান ৩২ টা বলত ৫০ ৰান কৰি বেটিং কৰি আছে আয়েৰে ।

  • 30 Apr 2025 10:38 PM (IST)

    প্ৰভসিমৰণে অৰ্ধশতক অৰ্জন কৰে

    প্ৰভসিমৰণে ৩১টা বলত অৰ্ধশতক অৰ্জন কৰে । পঞ্জাৱৰ স্ক’ৰ ১০০ ৰান অতিক্ৰম কৰে ।

  • 30 Apr 2025 10:33 PM (IST)

    জয়ৰ বাবে ৬০ টা বলত ১০২ ৰানৰ প্ৰয়োজন

    ১০ অভাৰৰ অন্তত পঞ্জাৱৰ ৰান হৈছে ৮৮ ৰান । এই উইকেট হেৰুৱাইছে পঞ্জাৱে । পঞ্জাৱক জয়ৰ বাবে ৬০ টা বলত ১০২ ৰানৰ প্ৰয়োজন ।

  • 30 Apr 2025 10:32 PM (IST)

    প্ৰভসিমৰন সিং আৰু শ্ৰেয়াছ আয়েৰৰ ৰান

    পঞ্জাৱৰ হৈ প্ৰভসিমৰন সিঙে ২৭ টা বলত ৪০ ৰান আৰু শ্ৰেয়াছ আয়েৰে ১৭ টা বলত ২২ ৰান কৰি বেটিং কৰি আছে  ।

  • 30 Apr 2025 10:29 PM (IST)

    পঞ্জাৱ কিংছৰ ৰান হৈছে ৮১

    ৯ অভাৰৰ অন্তত পঞ্জাৱ কিংছৰ ৰান হৈছে ৮১ । এটা উইকেটৰ পতন । বেটিঙত প্ৰভসিমৰন সিং আৰু শ্ৰেয়াছ আয়েৰ ।

  • 30 Apr 2025 10:09 PM (IST)

    পঞ্জাৱ কিংছৰ ৰান হৈছে ৪৫

    ৫ অভাৰৰ অন্তত পঞ্জাৱ কিংছৰ ৰান হৈছে ৪৫ । এটা উইকেটৰ পতন ।

  • 30 Apr 2025 10:07 PM (IST)

    প্ৰথমটো আঘাত পঞ্জাৱৰ

    প্ৰথমটো উইকেট হেৰুৱালে পঞ্জাৱ কিংছে । ১৫ টা বলত ২৩ ৰান কৰি আউট প্ৰিয়ংশ আৰ্য ।

  • 30 Apr 2025 09:52 PM (IST)

    প্ৰথম অভাৰত ৯ ৰান সংগ্ৰহ কৰে পঞ্জাৱে

    পঞ্জাৱৰ অপেনিঙত প্ৰিয়ংশ আৰ্য আৰু প্ৰভসিমৰন সিং । প্ৰথম অভাৰত ৯ ৰান সংগ্ৰহ ।

  • 30 Apr 2025 09:32 PM (IST)

    চেন্নাই অল-আউট, পঞ্জাৱৰ সন্মুখত ১৯১ ৰানৰ লক্ষ্য

    অল-আউট চেন্নাই ছুপাৰ কিংছ । আটাইেটা উইকেট হেৰুৱাই ১৯.২ অভাৰত ১৯০ ৰান সংগ্ৰহ কৰে চেন্নাইয়ে । পঞ্জাৱৰ সন্মুখত ১৯১ ৰানৰ লক্ষ্য ।

  • 30 Apr 2025 09:30 PM (IST)

    চাহেলৰ হেট্ৰিক

    চাহেলে হেট্ৰিক লৈ এটা অভাৰত চেন্নাইৰ ৪ জন বেটছমেনক আউট কৰে । ৯ টা উইকেটৰ পতন চেন্নাইৰ ।

  • 30 Apr 2025 09:22 PM (IST)

    ৬ টা উইকেটৰ পটন চেন্নাইৰ

    ৬ টা উইকেটৰ পতন চেন্নাই ছুপাৰ কিংছৰ । ৪ টা বল ১১ ৰান কৰি আউট ধোনী ।

  • 30 Apr 2025 09:20 PM (IST)

    ছেম কৰণ আউট

    ৪৭ টা বলত ৮৮ ৰান সংগ্ৰহ কৰি আউট ছেম কৰণ । নতুন বেটছমেন মহেন্দ্ৰ সিং ধোনী ।

  • 30 Apr 2025 09:13 PM (IST)

    চেন্নাই ছুপাৰ কিংছৰ ৰান ১৬৪

    ১৭ অভাৰৰ অন্তত চেন্নাই ছুপাৰ কিংছৰ ৰান হৈছে ১৬৪।  চাৰিটা উইকেটৰ পতন  । ৪৩ টা বলত ৮৩ ৰান কৰি আক্ৰমণাত্মক বেটিং কৰি আছে ছেম কৰণে ।

  • 30 Apr 2025 08:53 PM (IST)

    ছেম কৰণৰ অৰ্ধশতক

    অৰ্ধ শতক অৰ্জন কৰিছে ছেম কৰণে । ৩০ টা বলত ৫১ ৰান সংগ্ৰহ কৰি বেটিং কৰি আছে ছেম কৰণে ।

  • 30 Apr 2025 08:52 PM (IST)

    চেন্নাই চতুৰ্থটো উইকেট পতন

    চেন্নাইৰ চতুৰ্থটো উইকেটৰ পতন । ২৬ টা বলত ৩২ ৰান কৰি আউট ব্ৰেভিছ ।

  • 30 Apr 2025 08:47 PM (IST)

    চেন্নাইৰ চুপাৰ কিংছৰ ৰান ১২৬

    ১৪ অভাৰৰ অন্তত চেন্নাইৰ চুপাৰ কিংছৰ ৰান ১২৬ । তিনিটা উইকেটৰ পতন ।

  • 30 Apr 2025 08:36 PM (IST)

    ১২ অভাৰৰ অন্তত চেন্নাইৰ ৰান ১০৮

    ১২ অভাৰৰ অন্তত চেন্নাইৰ ৰান ১০৮ । তিনিটা উইকেটৰ পতন । ছেম কৰণ-৪১(২২) , দেৱাল্ড ব্ৰেভিছ-২৪(২০) ।

  • 30 Apr 2025 08:17 PM (IST)

    চেন্নাইৰ ৰান ৮০, তিনিটা উইকেটৰ পতন

    ৯ অভাৰৰ অন্তত চেন্নাইৰ ৰান ৮০ । তিনিটা উইকেটৰ পতন । বেটিঙত আছে ছেম কৰণ আৰু দেৱাল্ড ব্ৰেভিছ ।

  • 30 Apr 2025 08:04 PM (IST)

    জাদেজা আউট

    চেন্নাই ছুপাৰ কিংছৰ তৃতীয়টো আঘাত । ১২ টা বলত ১৭ ৰান কৰি আউট জাদেজা ।

  • 30 Apr 2025 07:59 PM (IST)

    চেন্নাইৰ দ্বিতীয়টো আঘাত

    দ্বিতীয়টো বিপৰ্যয়ৰ সন্মুখীন হৈছে চেন্নাই ছুপাৰ কিংছ। মাৰ্কো জান্সেনে আয়ুছ ম্হাত্ৰেক আউট কৰে। মাত্ৰ ৭ ৰান কৰে ম্হাত্ৰেয়ে ।

  • 30 Apr 2025 07:48 PM (IST)

    ৰছিদ আউট

    ১২ টা বলত ১১ ৰান কৰি আউট ৰছিদ । প্ৰথমটো উইকেটৰ পতন চেন্নাই ছুপাৰ কিংছৰ ।

  • 30 Apr 2025 07:46 PM (IST)

    মাৰ্কো জান্সেনৰ পৰা ভাল অভাৰ

    মাৰ্কো জান্সেনৰ পৰা ভাল অভাৰ, মাত্ৰ পাঁচ ৰান দিলে। দ্বিতীয় বলত ম্হাত্ৰেই চাৰি মাৰিছিল যদিও পিছৰ চাৰিটা বলত মাত্ৰ এটা ৰানহে দিছিল। আচৰিত বলিং।

  • 30 Apr 2025 07:38 PM (IST)

    এক অভাৰৰ অন্তত চেন্নাই ৰান ৩

    ১ অভাৰৰ অন্তত চেন্নাইয়ে ৩ ৰান সংগ্ৰহ কৰে । অপেনিঙত আছে ৰাছিদ আৰু আয়ুষ ম্হাত্ৰে ।

  • 30 Apr 2025 07:21 PM (IST)

    দুয়োটা দলৰ মূল একাদশ

    পঞ্জাৱ কিংছ : শ্ৰেয়াছ আয়েৰ (অধিনায়ক), প্ৰিয়ংশ আৰ্য্য, প্ৰভসিমৰন সিং, জছ ইংলিছ, নেহাল ৱাধেৰা, শশাংক সিং, মাৰ্কো জনচন, সূৰ্য্যংশ শ্বেডজ, আজমতুল্লাহ ওমৰজাই, হৰপ্ৰীত ব্ৰাৰ, যুজবেন্দ্ৰ চাহাল আৰু আর্শদীপ সিং।

    ইমপেক্ট : প্ৰভসিমৰন সিং, জেভিয়াৰ বাৰ্টলেট, প্ৰবীণ ডুবে, মুছিৰ খান, বিজয়কুমাৰ বৈশক

    চেন্নাই ছুপাৰ কিংছঃ এম এছ ধোনী (অধিনায়ক), শ্বেখ ৰছিদ, আয়ুছ ম্হাত্ৰে, ছেম কাৰাণ, ৰবীন্দ্ৰ জাডেজা, দেৱাল্ড ব্ৰেভিছ, শিৱম ডুবে, দীপক হুদা, নূৰ আহমেদ, মথিছা পাথিৰানা, খলিল আহমেদ

    ইমপেক্ট : অংশুল কামোজ, আৰ অশ্বিন, জেমী অভাৰটন, কমলেশ নগৰকোটি, ৰামকৃষ্ণ ঘোষ

  • 30 Apr 2025 07:04 PM (IST)

    টছত জয়লাভ কৰে পঞ্জাৱ কিংছে

    পঞ্জাৱ কিংছে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয় । চেন্নাই ছুপাৰ কিংছে প্ৰথমে কৰিব বেটিং । তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হব খেল য

  • 30 Apr 2025 07:01 PM (IST)

    পইণ্ট টেবুলত বৰ্তমানৰ অৱস্থান

    পইণ্ট টেবুলৰ কথা ক’বলৈ গ’লে শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত থকা পঞ্জাৱৰ স্থান শক্তিশালী। ৯ খন মেচত ১১ পইণ্ট লাভ কৰি পঞ্চম স্থানত আছে পঞ্জাৱ। আজি জয়ৰ লাভ কৰিলে তেওঁলোকে দ্বিতীয় স্থানত উপনীত হ’ব পাৰে।

    আনহাতে, চেন্নাইয়ে ৯খন মেচত মাত্ৰ ৪ পইণ্টহে লাভ কৰি শেষ স্থানত অৰ্থাৎ টেবুলৰ দশম স্থানত আছে।

  • 30 Apr 2025 06:58 PM (IST)

    চেন্নাইৰ সমুখনত পঞ্জাৱ কিংছ

    চেন্নাইৰ বিৰুদ্ধে আই পি এলৰ যুদ্ধত নামিছে পঞ্জাৱ কিংছ । পইণ্ট তালিকাত স্থান সুৰক্ষিত কৰিবলৈ পঞ্জাৱৰ বাবে আজি খেলখন অতি গুৰুত্বপূৰ্ণ ।

Published On - Apr 30,2025 6:53 PM