শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

CSK vs KKR Predicted Playing XI IPL 2025: ধোনীৰ নেতৃত্বত আজি ভাগ্যৰ চকৰী ঘূৰিবনে চেন্নাইৰ? প্ৰত্যাৱৰ্তনৰ আশা কলকাতাৰো, চাওক সম্ভাৱ্য একাদশ

Chennai Super Kings vs Kolkata Knight Riders Preview: ছিজনৰ মাজভাগতে অধিনায়ক গায়কোৱাড বাদ পৰাৰ ফলত পুনৰ এবাৰ চেন্নাইৰ অধিনায়ক হিচাপে দেখা যাব মহেন্দ্ৰ সিং ধোনীক। বৰ্তমান পইণ্ট তালিকাৰ নৱম স্থানত থকা চেন্নাইক ধোনীৰ দক্ষ নেতৃত্বই প্লে’ অফলৈ আগবঢ়াই নিব পাৰিবনে, সেয়া হ’ব লক্ষণীয়। ইফালে বিগত মেচখনত পৰাজয়ৰ পিছত কলকাতাই আজিৰ মেচখনত পুনৰ জয়ৰ সোৱাদ পাব বুলি আশা কৰিছে।

CSK vs KKR Predicted Playing XI IPL 2025: ধোনীৰ নেতৃত্বত আজি ভাগ্যৰ চকৰী ঘূৰিবনে চেন্নাইৰ? প্ৰত্যাৱৰ্তনৰ আশা কলকাতাৰো, চাওক সম্ভাৱ্য একাদশ
আজি চেপ’কত চেন্নাই বনাম কলকাতা
Monjit Dutta
Monjit Dutta | Published: 11 Apr 2025 18:17 PM

আই পি এল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ দল চেন্নাই চুপাৰ কিংছ। বিগত ১৭টা সংস্কৰণত পাঁচবাৰকৈ খিতাপ জয় কৰি চেন্নাই প্ৰতিযোগিতাৰ অন্যতম শক্তিশালী দল হিচাপে পৰিগণিত হৈছে। পিছে চলিত ছিজনত এই শক্তি লোপ পাইছে চেন্নাইৰ। মুম্বাইৰ বিপক্ষে সহজ জয়েৰে শক্তিশালী আৰম্ভণি কৰিলেও পিছে ক্ৰমাৎ ছন্দপতন ঘটে দলটোৰ আৰু একেলেথাৰিয়ে চাৰিখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে। এনে বিপৰ্যয়ৰ মাজতে দলটো সন্মুখীন হৈছে আন এক বিপৰ্যয়ৰ। আঘাতৰ বাবে ছিজনৰ পৰা বাদ পৰিব লগা হৈছে অধিনায়ক তথা দলৰ গুৰুত্বপূৰ্ণ সদস্য ৰুতুৰাজ গায়কোৱাড।

ছিজনৰ মাজভাগতে অধিনায়ক গায়কোৱাড বাদ পৰাৰ ফলত পুনৰ এবাৰ চেন্নাইৰ অধিনায়ক হিচাপে দেখা যাব মহেন্দ্ৰ সিং ধোনীক। আৰম্ভণিৰে পৰা দীৰ্ঘসময় ধৰি চেন্নাইৰ নেতৃত্বৰ গুৰুদায়িত্ব বহন কৰি আহিছে ধোনীয়ে আৰু দলটোক প্ৰদান কৰিছে পাঁচটাকৈ আই পি এল খিতাপ। মাজতে এটা ছিজনত ৰবীন্দ্ৰ জাদেজাই দলটোৰ নেতৃত্ব চম্ভালিছিল যদিও ছিজনৰ মাজভাগত পুনৰ ধোনীৰ হাতলৈ গৈছিল এই দায়িত্ব।

এতিয়া পুনৰ এবাৰ এইদৰে ছিজনৰ মাজভাগত নেতৃত্ব বহন কৰিবলৈ সাজু হৈছে ধোনী। পিছে অধিনায়কৰ দায়িত্ব বহন কৰি যথেষ্ট কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। বৰ্তমান পইণ্ট তালিকাৰ নৱম স্থানত থকা চেন্নাইক ধোনীৰ দক্ষ নেতৃত্বই প্লে’ অফলৈ আগবঢ়াই নিব পাৰিবনে, সেয়া হ’ব লক্ষণীয়। গায়কোৱাড বাদ পৰাৰ পিছত এতিয়া দলৰ বেটিং লাইন আপতো পৰিৱৰ্তন দেখাটো নিশ্চিত।

ইফালে ৫ খন মেচ খেলি দুখনত জয় আৰু তিনিখনত পৰাজয়েৰে সম্প্ৰতি পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ। এইপৰ্যন্ত দলটোৰ প্ৰদৰ্শন হৈ পৰিছে বিশেষ। এখনত যদি পৰাজয় হৈছে আনখনত আকৌ জয়ৰ মুখ দেখিছে কলকাতাই। এই ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি বিগত মেচখনত পৰাজয়ৰ পিছত কলকাতাই আজিৰ মেচখনত পুনৰ জয়ৰ সোৱাদ পাব বুলি আশা কৰিছে।

দলৰ অপেনিং যুটিত বিগত মেচকেইখনত কুইণ্ট ডি ক’ক আৰু সুনীল নাৰাইণক দেখা গৈছিল যদিও আজি এই যুটিৰ পৰিৱৰ্তন দেখা যাব পাৰে। দুৰ্বল ফৰ্মৰ বাবে আজি ক’কৰ স্থানত ৰহমনুল্লাহ গুৰবাজে স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে দলৰ অধিনায়ক ৰাহানেৰ প্ৰদৰ্শন দলটোৰ বাবে আশাৰ খবৰ বুলিব পাৰি। চেপ’কৰ স্পীন সহায়ক পিটছত আজি কলকাতাৰ দুই স্পিনাৰ নাৰাইণ আৰু বৰুণৰ আক্ৰমণো লক্ষণীয় হ’ব।

চাওঁ আহক আজিৰ মেচত দুয়োটা দলৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাব-

চেন্নাই চুপাৰ কিংছঃ ৰচিন ৰবীন্দ্ৰ, ডেভন কনৱে’, ৰাহুল ত্ৰিপাঠী, শিৱম ডুবে, বিজয় শংকৰ, ৰবীন্দ্ৰ জাদেজা, এম এছ ধোনী (অধিনায়ক), ৰবিচন্দ্ৰন অশ্বিন, নুৰ আহমেদ, মথিশা পাথিৰানা, খলিল আহমেদ, মুকেশ চৌধুৰী/অংশুল কম্বোজ।

কলকাতা নাইট ৰাইডাৰ্ছঃ ৰহমনুল্লাহ গুৰবাজ, সুনীল নাৰিইণ, আজিংক্যা ৰাহানে (অধিনায়ক), অংকৃষ ৰঘুবংশী, ভেঙ্কটেশ আয়াৰ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, মইন আলী/স্পেনচাৰ জনচন, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, বৈভৱ অৰোৰা।