CSK vs KKR Live Score, IPL 2025: প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ‘অধিনায়ক’ ধোনীৰঃ কলকাতাৰ তাণ্ডৱত ঘৰৰ মাটিত বিধ্বস্ত চেন্নাই
Chennai Super Kings vs Kolkata Knight Riders Live Score in Assamese: ‘কেপ্তেইন কুল’ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বলৈ প্ৰত্যাৱৰ্তনৰ পিছতো হতাশাজনক প্ৰদৰ্শন অব্যাহত আছে চেন্নাই চুপাৰ কিংছৰ। আজি ঘৰুৱা খেলপথাৰ চেপ’কত ধোনী নেতৃত্বাধীন চেন্নাইক ৮ উইকেটত শোচনীয়ভাৱে পৰাস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছে।
আই পি এল ২০২৫ৰ আজি ২৫ সংখ্যক মেচ। এই প্ৰতিযোগিতাৰ ৰোমাঞ্চ উপভোগ কৰি থকা ক্ৰিকেট অনুৰাগীৰ মাজত আজি এক বিশেষ আকৰ্ষণ পৰিলক্ষিত হৈছে। কিয়নো এই মেচখনৰ জৰিয়তেই দীৰ্ঘসময়ৰ পিছত পুনৰ এবাৰ অধিনায়ক হিচাপে দেখা যাব মহেন্দ্ৰ সিং ধোনীক। সম্প্ৰতি হতাশাজনক প্ৰদৰ্শনেৰে পইণ্ট তালিকাৰ নৱম স্থানত থকা চেন্নাইক প্লে’ অফলৈ তুলি নিবলৈ আজিৰ পৰাই কঠিন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব ধোনীয়ে। সমুখত থকা আন এগৰাকী ‘কুল কেপ্তেইন’ আজিংক্যা ৰাহানেই ধোনীক নিশ্চয় সহজে প্ৰত্যাৱৰ্তনৰ সুযোগ নিদিব। মুঠৰ ওপৰত আজি চেপ’কত দুই ‘কুল কেপ্তেইন’ৰ মাজত এখন ৰোমাঞ্চকৰ যুঁজৰ আশা কৰিছে ক্ৰিকেটপ্ৰেমীয়ে।
LIVE NEWS & UPDATES
-
নিৰ্লজ আত্মসমৰ্পণ চেন্নাইৰ
কলকাতাৰ চমকপ্ৰদ অলৰাউণ্ড প্ৰদৰ্শনত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল চেন্নাই। ঘৰৰ মাটিতে চেন্নায়ে আজি ৮ উইকেটত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে। জয়ৰ বাবে ১০৪ ৰানৰ লক্ষ্য মাত্ৰ ১০.১ অভাৰতে অতিক্ৰম কৰি কলকাতাই ছিজনত তৃতীয় জয়ৰ সোৱাদ লাভ কৰিছে। আনহাতে অধিনায়ক হিচাপে পুনৰ দায়িত্ব লাভৰ পিছত প্ৰথমখন মেচতে শোচনীয় পৰাজয় সহিবলগা হৈছে ধোনীয়ে।
-
নুৰে বিদায় দিলে নাৰাইণক
বিধ্বংসী বেটিঙেৰে দলৰ জয়ৰ পথ প্ৰায় চমু চপাই অনাৰ পিছত নুৰৰ বলত আউট হৈছে সুনীল নাৰাইণ। মাত্ৰ ১৮টা বলত ৫টা ছয় আৰু দুটা চাৰিৰে নাৰাইণে ৪৪ ৰান সংগ্ৰহ কৰে।
-
ডি ক’কৰ বিদায়
মাত্ৰ ১০৪ ৰানৰ জয়ৰ লক্ষ্য আগত লৈ কলকাতাৰ অপেনাৰদ্বয় সুনীল নাৰাইণ আৰু ডি ক’কে আক্ৰমণাত্মক আৰম্ভণি প্ৰদান কৰি দলক সহজ জয়ৰ দিশলৈ লৈ গৈছিল। অৱশ্যে ইনিংছৰ পঞ্চম অভাৰৰ প্ৰথমটো বলত অংশুল কম্বোজৰ বলত বিদায় ল’বলগীয়া হয় ক’কে।
-
অন্তিম বলত সান্তনা দিলে ডুবেই
ঘৰুৱা খেলপথাৰ চেপ’কত চৰম বেটিং বিপৰ্যয়েৰে আন এক পৰাজয়ৰ শংকাত পৰিছে চেন্নাই। অন্তিম বলত শিৱম ডুবেই কোবোৱা এটা বাউণ্ডেৰীৰ সহায়ত কোনোমতে শতকৰ ঘৰ পাৰ হয় চেন্নাইৰ ইনিংছ আৰু কলকাতাৰ সমুখত মাত্ৰ ১০৪ ৰানৰ সহজ লক্ষ্য থিয় কৰাইছে।
-
বৈভৱে বিদায় দিলে নুৰক
শতকৰ ঘৰ স্পৰ্শ কৰাৰ পূৰ্বেই চেন্নাইৰ ইনিংছ ইনিংছ সমাপ্ত হোৱাৰ লক্ষণ দেখা গৈছে চেপ’কত। মাত্ৰ ৮০ ৰানত দলটোৱে হেৰুৱাইছে নৱমটো উইকেট। বৈভৱ আৰোৰাই নিজৰ প্ৰথমটো সফলতাৰ ৰূপত বিদায় দিছে নুৰ আহমেদক।
-
ধোনীৰ বিদায়, মৌন চেপ’ক
বিপৰ্যয়ৰ মাজতো ধোনীৰ আশাত কিছু উৎসাহিত হৈ আছিল চেপ’কৰ গেলাৰীভৰ্তি দৰ্শক। পিছে নাৰাইণৰ স্পীন জালে ধোনীকো আৱদ্ধ কৰাৰ ফলত সম্পূৰ্ণ মৌন হৈ পৰিছে চেপ’ক। এইদৰে মাত্ৰ ৭৫ ৰানতে ৮টা উইকেট হেৰুৱাইছে চেন্নাইয়ে।
-
হুদাও হ’ল ব্যৰ্থ
ইম্পেক্ট চাবৰ ৰূপত ক্ৰীজলৈ অহা দীপক হুদাই পেলাব নোৱাৰিলে কোনো প্ৰভাৱ। কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে বৰুণ চক্ৰৱৰ্তীৰ বলত হুদাই বিদায় লয়। ইয়াৰ পিছতে ক্ৰীজলৈ আহিছে অধিনায়ক ধোনী।
-
জাদেজাৰো বিদায়
শোচনীয় হৈ পৰিছে চেন্নাইৰ স্থিতি। এইবাৰ জাদেজাৰ ৰূপত দলটোৱে হেৰুৱাইছে ষষ্ঠটো উইকেট। কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে নাৰাইণৰ বলত নিজ উইকেট তুলি দিয়ে জাদেজাই।
-
অশ্বিনক বিদায় দিলে হৰ্ষিতে
পেভিলিয়নলৈ উভতিছে চেন্নাইৰ আধাসংখ্যক বেটাৰ। অভিজ্ঞ অশ্বিনক বেটিংক্ৰমৰ ওপৰলৈ উন্নীত কৰা হৈছিল যদিও ক্ৰীজত বেছিসময় নিটিকিল অশ্বিনো আৰু হৰ্ষিত ৰাণাৰ বলত বৈভৱৰ হাতত কেচ তুলি দি তেওঁ বিদায় লয়।
-
ত্ৰিপাঠীৰো বিদায়
ঘৰৰ মাটিত আন এক বিপৰ্যয়ৰ সন্মুখীন হৈছে চেন্নাই। ১১ অভাৰৰ সমাপ্তিত মাত্ৰ ৬৫ ৰানত দলটোৱে হেৰুৱাইছে চতুৰ্থটো উইকেট। এইবাৰ নাৰাইণৰ বলত পেভিলিয়নলৈ উভতিল ৰাহুল ত্ৰিপাঠী।
-
শংকৰৰ বিদায়
অৱশেষত কলকাতাৰ ফিল্ডাৰৰ হাতত ৰ’ল বিজয় শংকৰে তুলি দিয়া কেচ। দুবাৰকৈ জীৱনদান লাভ কৰিলেও এই সুযোগ গ্ৰহণত ব্যৰ্থ হয় শংকৰ আৰু বৰুণৰ বলত তেওঁ তুলি দিয়া এটা সহজ কেচ মঈন আলীয়ে আয়ত্ব কৰে।
-
দ্বিতীয়বাৰ জীৱনদান লভিলে শংকৰে
কোনো ৰান সংগ্ৰহ নকৰোঁতেই সুনীল নাৰাইণে এটা সহজ কেচ আয়ত্ব কৰিব নোৱাৰাত জীৱনদান পাইছিল বিজয় শংকৰে। এইবাৰ পুনৰ শংকৰে তুলি দিয়া এটা সহজ কেচ ড্ৰপ কৰে ভেংকটেশ আয়াৰে। লক্ষণীয়ভাৱে দুয়োটা কেচ আহিছিল হৰ্ষিত ৰাণাৰ বলতে।
-
উইকেটেৰে স্পেলৰ আৰম্ভণি হৰ্ষিতৰ
পেভিলিয়নলৈ উভতিছে চেন্নাইৰ দুই অপেনাৰ। বল হাতত লৈয়ে হৰ্ষিত ৰাণাই নিজৰ প্ৰথমটো বলতে বিদায় দিছে ৰচিন ৰবীন্দ্ৰক। ৯টা বলৰ সন্মুখীন হৈ ৰবীন্দ্ৰই মাত্ৰ ৪ ৰানহে সংগ্ৰহ কৰে।
-
কনৱে’ ব্যৰ্থ
পুনৰ এবাৰ ব্যৰ্থ হৈছে চেন্নাই চুপাৰ কিংছৰ অপেনিং যুটি। মঈন আলীৰ বলত নিজৰ উইকেট হেৰুৱাই মাত্ৰ ১২ ৰান কৰিয়েই বিদায় লৈছে ডেভন কনৱে’ই।
-
ৰচিন-কনৱে’ যুটি ক্ৰীজত
চেন্নাইৰ হৈ ইনিংছ মুকলি কৰিছে ৰচিন ৰবীন্দ্ৰ আৰু ডেভন কনৱে’ যুটি। আনহাতে কলকাতাৰ হৈ বৈভৱ আৰোৰাই আৰম্ভ কৰিছে বলিং।
-
দুয়ো দলৰ পূৰ্বৰ প্ৰদৰ্শন
এইপৰ্যন্ত চেন্নাই আৰু কলকাতা আই পি এলত মুঠ ২৯ বাৰ মুখামুখি হৈছে। ইয়াৰে ভিতৰত চেন্নাই ১৯ বাৰ জয়ী হোৱাৰ বিপৰীতে ১০ খনত জয়লাভ কৰিছে কলকাতাই। আনহাতে দুয়োটা দলৰ শেহতীয়া সাতবাৰৰ মুখামুখিত চেন্নাই পাঁচখনতে জয়ী হৈছে।
-
কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশ
কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশত আজি দেখা যাব কুইণ্টন ডি ক’ক, সুনীল নাৰাইণ, আজিংক্যা ৰাহানে (অধিনায়ক), ভেঙ্কটেশ আয়াৰ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, মঈন আলী, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, বৈভৱ অৰোৰাক।
-
চেন্নাই চুপাৰ কিংছৰ মূল একাদশ
চেন্নাই চুপাৰ কিংছৰ মূল একাদশত আজি দেখা যাব ৰচিন ৰবীন্দ্ৰ, ডেভন কনৱে’, ৰাহুল ত্ৰিপাঠী, শিৱম ডুবে, বিজয় শংকৰ, ৰবীন্দ্ৰ জাদেজা, এম এছ ধোনী (অধিনায়ক), ৰবিচন্দ্ৰন অশ্বিন, নুৰ আহমেদ, খলিল আহমেদ, অংশুল কম্বোজক।
-
টছত জয়ী হৈ ৰাহানেৰ বলিঙৰ সিদ্ধান্ত
ইতিমধ্যে মহেন্দ্ৰ সিং ধোনী আৰু আজিংক্যা ৰাহানেই টছ কৰি গৈছে। টছত জয়ী হৈ কলকাতাৰ অধিনায়ক ৰাহানেই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Published On - Apr 11,2025 7:00 PM