শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইনষ্টাগ্ৰামত চিনাকী, ৮ লাখ টকাৰ ধাৰ! কিয় যুৱতীয়ে জালত পেলালে যশ দয়ালক? এজাহাৰ দাখিল…

ক্ৰিকেটাৰ যশ দয়ালৰ বিৰুদ্ধে এগৰাকী যুৱতীৰ গুৰুতৰ অভিযোগ। এতিয়া যশে যুৱতীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁ কয় যে, যুৱতীগৰাকীয়ে তেওঁৰ পৰা ৮ লাখ টকা লৈছিল।

ইনষ্টাগ্ৰামত চিনাকী, ৮ লাখ টকাৰ ধাৰ! কিয় যুৱতীয়ে জালত পেলালে যশ দয়ালক? এজাহাৰ দাখিল…
যশ দয়ালImage Credit source: Instagram
barasha-sarma
Barasha Sarma | Published: 10 Jul 2025 14:46 PM

ক্ৰিকেটাৰ যশ দয়ালৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ধৰ্ষণৰ কাণ্ডত নাম সাঙোৰ খাইছে ক্ৰিকেটাৰগৰাকীৰ। শেহতীয়াকৈ যশ দয়ালে প্ৰতাপগড়ৰ যুৱতী তথা তেওঁৰ বান্ধৱী আৰু অন্যান্যৰ বিৰুদ্ধে প্ৰয়াগৰাজৰ খুলদাবাদ থানাত নিজৰ অধিবক্তাৰ জৰিয়তে এজাহাৰ দাখিল কৰিছে। এজাহাৰত উল্লেখ কৰা অভিযোগ অনুসৰি, পাবলগীয়া ৮ লাখ টকা ঘূৰাই বিচৰাৰ বাবে যুৱতীগৰাকীয়ে তেওঁ আত্মহত্যাৰ গোচৰত পেলোৱাৰ ভাবুকি দিছিল। মহিলাগৰাকীয়ে তেওঁৰ মোবাইল-লেপটপ আৰু অন্যান্য সামগ্ৰী চুৰি কৰাৰ অভিযোগো উত্থাপন হৈছে।

ক্ৰিকেটাৰ যশ দলালে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰে। লগতে এজাহাৰত উল্লেখ কৰে যে ২০২১ চনত তেওঁ প্ৰতাপগড়ৰ এগৰাকী যুৱতীক ইনষ্টাগ্ৰামৰ জৰিয়তে লগ পাইছিল। মাজে সময়ে যুৱতীগৰাকীয়ে তেওঁৰ পৰা নিজৰ চিকিৎসাৰ নামত, কলেজৰ মাচুলৰ নামত টকা লৈ আছিল আৰু ২০২৫ চনৰ মে’ মাহৰ ভিতৰত ঘূৰাই দিয়াৰ কথা কৈছিল। যুৱতীগৰাকীয়ে আনকি সামগ্ৰী ক্ৰয় কৰিবৰ বাবেও যশৰ পৰা টকা লৈছিল।

৮ লাখ টকা লোৱাৰ অভিযোগ

অভিযোগ অনুসৰি, যুৱতীগৰাকী, তেওঁৰ তিনিজন সহযোগী, ৫-১০জন অচিনাক্ত লোকে এটা গেং চলাই আছে যিয়ে সাধাৰণ মানুহৰ পৰা ধন আদায় কৰাৰ কাম কৰে। যশে অভিযোগ কৰে যে যুৱতীগৰকীয়ে তেওঁৰ লেপটপ, আইফোন আদি সামগ্ৰীও চুৰি কৰি নিছে। প্ৰায় আঠ লাখ টকা তেওঁৰ পৰা ধাৰ লৈছে, যি আজি পৰ্যন্ত ঘূৰাই দিয়া নাই।

ইয়াৰ লগতে কয় যে, টকা ঘূৰাই বিচৰাত যুৱতীগৰাকীয়ে তেওঁক ভাবুকি দিছিল যে যদি তেওঁ বিয়া নকৰাই তেন্তে আত্মহত্যা কৰিব। আনকি যশৰ পিতৃ-মাতৃকো গালি দিয়া আৰম্ভ কৰে আৰু বাৰে বাৰে মৃত্যুৰ ভাবুকি দিয়ে। আনকি তেওঁ মানসিক স্বাস্থ্য বিশেষজ্ঞৰ তত্বাৱধানত আছিল। এই সকলোবোৰ যুৱতীগৰাকীয়ে পৰিকল্পনা অনুসৰি কৰা বুলি অভিযোগ কৰে ক্ৰিকেটাৰগৰাকীয়ে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত ডিচিপি নগৰ অভিষেক ভাৰতীয়ে কয় যে,  বিষয়টোৰ তদন্ত চলি আছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য জানিব পৰা যাব। উল্লেখ্য যে, শেহতীয়াকৈ গাজিয়াবাদত এগৰাকী যুৱতীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলা ক্ৰিকেটাৰ যশ দয়ালৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। যুৱতীগৰাকীয়ে কৈছিল যে তেওঁ যশৰ লগত পাঁচ বছৰ ধৰি সম্পৰ্কত আছিল। কিন্তু ইয়াৰ মাজতে তেওঁ ডিপ্ৰেশ্যনটো গৈছিল।  ইয়াৰ মাজতে এতিয়া যশ দয়ালে যুৱতীগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

 

অন্য খবৰ পঢ়কঃ ভয়ংকৰ! ১৫০০ হিন্দু যুৱতীৰ অবৈধভাৱে ধৰ্ম পৰিবৰ্তন, গ্ৰেপ্তাৰ জামালুদ্দিন আৰু তেওঁৰ সহযোগী…