শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভয়ংকৰ! ১৫০০ হিন্দু যুৱতীৰ অবৈধভাৱে ধৰ্ম পৰিবৰ্তন, গ্ৰেপ্তাৰ জামালুদ্দিন আৰু তেওঁৰ সহযোগী…

বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্ম পৰিবৰ্তনৰ গোচৰ পোহৰলৈ আহে। শেহতীয়াকৈ এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে। অভিযোগ অনুসৰি চাংগুৰ বাবা আৰু তেওঁৰ সহযোগীয়ে প্ৰায় ১৫০০ হিন্দু মহিলাৰ ধৰ্ম পৰিবৰ্তন কৰিছে।

ভয়ংকৰ! ১৫০০ হিন্দু যুৱতীৰ অবৈধভাৱে ধৰ্ম পৰিবৰ্তন, গ্ৰেপ্তাৰ জামালুদ্দিন আৰু তেওঁৰ সহযোগী…
অভিযুক্তImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 10 Jul 2025 13:41 PM

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত ধৰ্মান্তৰকৰণৰ খবৰ পোহৰলৈ আহে। পুনৰ ধৰ্মান্তৰকৰণ সন্দৰ্ভত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, জামালুদ্দিন ওৰফে চাংগুৰ বাবা আৰু তেওঁৰ সহযোগী নীতু ওৰফে নাছৰিনে বছৰ বছৰ ধৰি বহু হিন্দু যুৱতীৰ বলপূৰ্বকভাৱে ধৰ্ম পৰিবৰ্তন কৰি আহিছে। অভিযোগ অনুসৰি প্ৰায় ১৫০০ যুৱতীক অবৈধভাৱে তেওঁলোকে ধৰ্মান্তৰিত কৰিছে। শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশৰ বলৰামপুৰ জিলাৰ মধপুৰৰ বাসিন্দা জামালুদ্দিন আৰু নাছৰিনক।

আশংকা কৰা হৈছে যে, ধৰ্মান্তৰিত মহিলাৰ সংখ্যা আৰু অধিক হ’ব পাৰে। এই সন্দৰ্ভত বৰ্তমান এ টি এছে তদন্ত কৰি আছে আৰু ধৰ্মান্তৰকৰণ হোৱা লোকসকলক বিচাৰি উলিওৱাৰ চেষ্টা কৰি আছে। তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ বলৰামপুৰলৈ অহাৰ পূৰ্বে এই চাংগুৰ বাবাই মহাৰাষ্ট্ৰৰ পৰা ডুবাই পৰ্যন্ত নেটৱৰ্ক গঢ়ি তুলিছিল। কেৱল উত্তৰ প্ৰদেশতে নহয়, মহাৰাষ্ট্ৰতো তেওঁ বহু লোকৰ অবৈধভাৱে ধৰ্মান্তৰকৰণ কৰিছে।

চাংগুৰ বাবাই আগতে মুম্বাইৰ এটা দৰগাহৰ বাহিৰত আঙুঠি বিক্ৰী কৰিছিল। কিন্তু অতি কম সময়তে তেওঁ একাংশ ইউৰোপীয় দেশৰ সংগঠনৰ সৈতে জড়িত হৈ পৰে, যি সংগঠনে হিন্দুক ইছলামলৈ ধৰ্ম পৰিবৰ্তন কৰাৰ কাম কৰে। বলৰামপুৰলৈ অহাৰ পিছত তেওঁ ইয়াত আৰু ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহত অবৈধভাৱে মানুহক ধৰ্মান্তৰিত কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ ঘনিষ্ঠ আত্মীয় আৰু অনুগামীসকলেও বিভিন্ন ঠাইলৈ গৈ মানুহক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ অনুষ্ঠানৰ আয়োজন কৰিছিল।

প্ৰায় দুবছৰ পূৰ্বে আজমগড়ত অবৈধভাৱে লোকক ধৰ্মান্তৰিত কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছে। ছটিএফৰ তদন্তৰ প্ৰতিবেদন অনুসৰি বলৰামপুৰ আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহৰ আৰক্ষী-প্ৰশাসন আৰু এল আই ইউৰ একাংশ বিষয়াক বাবাই ধনৰ জৰিয়তে নিজৰ জেপত ৰাথে। বাবাই বলৰামপুৰ আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহৰ জনগাঁথনি সলনি কৰিব বিচাৰিছিল। যাৰ বাবে তেওঁ অবৈধভাৱে ধৰ্মান্তৰণকৰণ কৰাৰ কাম কৰিছিল।

শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে চাংগুৰ বাবা আৰু তেওঁ সহযোগী নীতু ৰোহৰা ওৰফে নাছৰিন। বুধবাৰ (৯ জুলাই) ত আদালতে দুয়োকে ৭ দিনৰ এ টি এছৰ জিম্মালৈ প্ৰেৰণ কৰে। গতিকে এ টি এছৰ জেৰাৰ সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ প্ৰেৰণা! থৰক-বৰক খোজেৰে স্নাতক পৰীক্ষা দিবলৈ যায় এজন ৭৬ বছৰীয়া বৃদ্ধই…