নিস্তাৰ নহ’ব সন্ত্ৰাসবাদী সমৰ্থকৰ! কাশ্মীৰত ‘একচন মুড’ত নিৰাপত্তা বাহিনী, ১১টা স্থানত চলালে অভিযান
চুবুৰীয়া পাকিস্তানৰ সৈতে সামৰিক সংঘৰ্ষৰ অন্ত পেলাই যুদ্ধবিৰতি ঘোষণা কৰিলেও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। ভাৰতীয় সেনাবাহিনীৰ স্পষ্ট বাৰ্তা, কাশ্মীৰত আৰু সাৰি যাব নোৱাৰিব সন্ত্ৰাসবাদীৰ সমৰ্থক। উপত্যকাটোত সন্ত্রাসবাদীৰ সহায়কৰ সন্ধান উলিওৱাৰ সমান্তৰালকৈ তেওঁলোকৰ ঘাটিসমূহতো অভিযান চলাইছে সেনা বাহিনীয়ে৷

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে প্ৰতিশোধৰ ৰূপত ‘অপাৰেচন সেন্দূৰ’ অভিযানৰ জৰিয়তে ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত ১০০ৰো অধিক সন্ত্ৰাসবাদীৰ প্ৰাণ লয়। এই অভিযানৰ পিছত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে শাম কটা নাই নিৰাপত্তা বাহিনীৰ অভিযান। চুবুৰীয়া পাকিস্তানৰ সৈতে সামৰিক সংঘৰ্ষৰ অন্ত পেলাই যুদ্ধবিৰতি ঘোষণা কৰিলেও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। ভাৰতীয় সেনাবাহিনীৰ স্পষ্ট বাৰ্তা, কাশ্মীৰত আৰু সাৰি যাব নোৱাৰিব সন্ত্ৰাসবাদীৰ সমৰ্থক।
উপত্যকাটোত সন্ত্রাসবাদীৰ সহায়কৰ সন্ধান উলিওৱাৰ সমান্তৰালকৈ তেওঁলোকৰ ঘাটিসমূহতো অভিযান চলাইছে সেনা বাহিনীয়ে৷ ষ্টেট ইনভেষ্টিগেচন এজেন্সী(SIA)- এ শনিবাৰে মধ্য আৰু উত্তৰ কাশ্মীৰৰ প্ৰায় ১১টা স্থানত অভিযান চলায়। শ্লিপাৰ চেল মডিউলৰ ওপৰত চলি থকা তদন্তৰ অংশ হিচাপে এই অভিযান চলোৱা হৈছিল। এই অভিযানত সন্ত্ৰাসবাদীৰ সহযোগীসকলক লক্ষ্য কৰি লোৱা হৈছে।
ষ্টেট ইনভেষ্টিগেচন এজেন্সীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কাশ্মীৰত সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ প্ৰচাৰ কৰা উপাদানসমূহৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে। অভিযানৰ সময়ত আপত্তিজনক সামগ্ৰী জব্দ কৰাৰ লগতে কেইবাজনো সন্দেহযুক্ত লোকক আটক কৰা বুলি জানিব পৰা গৈছে। প্ৰাথমিক তদন্তত এই সন্দেহযুক্ত লোকসকল সন্ত্ৰাসবাদী ষড়যন্ত্ৰত সক্ৰিয়ভাৱে জড়িত হোৱাৰ লগতে ভাৰত বিৰোধী আখ্যান প্ৰচাৰৰ লগত জড়িত বুলি প্ৰকাশ পাইছে।
কাশ্মীৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনশৃংখলা বজাই ৰখাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু যিকোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সংস্থাটোৱে নিজৰ বিবৃতিত উল্লেখ কৰে। তদুপৰি ষ্টেট ইনভেষ্টিগেচন এজেন্সীয়ে উল্লেখ কৰা মতে, তদন্তৰ সময়ত সন্দেহযুক্ত লোকসকলৰ অধিকাংশই ১৮ৰ পৰা ২২ বছৰ বয়সৰ ভিতৰৰ আৰু তেওঁলোক অনলাইনত প্ৰচাৰিত বিচ্ছিন্নতাবাদী ধাৰণাৰ দ্বাৰা প্ৰভাৱিত বুলি দেখা পোৱা গৈছে।
যুৱক-যুৱতীসকলৰ অনলাইন কাৰ্যকলাপৰ ওপৰত চকু ৰাখিবলৈ আৰু যিকোনো সন্দেহজনক কাৰ্যকলাপ তৎক্ষণাত আৰক্ষীক অৱগত কৰিবলৈ অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্য লোকসকলক আহ্বান জনাইছে সংস্থাটোৱে। কাশ্মীৰত শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ এই অভিযানৰ অধীনত সন্ত্ৰাসবাদীৰ সহায়ক আৰু সমৰ্থকক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।