লাহোৰৰ পৰা কৰাচীলৈকে পাকিস্তানৰ ধ্বংস নিশ্চিত! সিন্ধুৰ পিছত এইবাৰ বন্ধ হ’ব চেনাব নদীৰ পানী…
ইতিমধ্যে জল সংকটৰ সন্মুখীন হোৱা পাকিস্তানে সিন্ধু নদীৰ ওপৰত ভাৰতে লোৱা পদক্ষেপে ইয়াৰ সমস্যা বৃদ্ধি কৰিছে। এতিয়া ভাৰতে চেনাব নদীৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধিৰ পৰিকল্পনাই পাকিস্তানৰ পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে।

সিন্ধু নদীৰ পিছত এতিয়া ভাৰতে চেনাব নদীৰ পানীৰ ওপৰতো নিজৰ নিয়ন্ত্ৰণ বৃদ্ধিৰ বাবে সাজু হৈছে। এই দিশত এখোজ লৈ মোদী চৰকাৰে চেনাব নদীৰ ওপৰত অৱস্থিত ৰণবীৰ নলা (canal)ৰ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে পানীৰ নাটনিৰ সন্মুখীন হোৱা পাকিস্তানত এই পদক্ষেপৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব। দৰাচলতে পহলগাম আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে পাকিস্তানৰ সৈতে কৰা সিন্ধু জল সন্ধিৰ অন্ত পেলাইছিল আৰু এতিয়া চেনাব নদীৰ পানী বন্ধ হোৱাৰ লগে লগে প্ৰতিটো টোপাল পানীৰ বাবে হাহাকাৰ কৰিব লাগিব পাকিস্তানে।
১৯৬০ চনত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সিন্ধু জল চুক্তিৰ অধীনত ভাৰতে পূব নদীৰ (ৰবি, বিয়াছ আৰু ছটলেজ) পানীৰ নিয়ন্ত্ৰণ লাভ কৰাৰ বিপৰীতে পশ্চিম নদীৰ (ঝিলাম, চেনাব আৰু সিন্ধু)ৰ এক বৃহৎ অংশ পাকিস্তানক দিয়া হয়। কিন্তু সীমিত পৰিমাণে পশ্চিমীয়া নদীৰ পানী জলসিঞ্চন আৰু বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰাৰ অধিকাৰ ভাৰতৰ আছে। ৰণবীৰ নাদৰ সম্প্ৰসাৰণৰ অৰ্থ কেৱল এইটোৱেই যে ভাৰতে এই অধিকাৰসমূহৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব, যাৰ ফলত পাকিস্তানৰ পানী যোগানত প্ৰভাৱ পৰিব। ইতিমধ্যে সিন্ধু নদীক লৈ চলি থকা বিবাদৰ মাজতে এই পদক্ষেপে পাকিস্তানৰ জল সুৰক্ষাৰ ওপৰত আৰু অধিক হেঁচা প্ৰয়োগ কৰিব পাৰে।
মোদী চৰকাৰৰ কঠোৰ স্থিতি
ইতিমধ্যে মোদী চৰকাৰে পাকিস্তানৰ সৈতে হোৱা সিন্ধু জল চুক্তি পুনৰীক্ষণৰ কথা কৈছিল। ভাৰতে স্পষ্ট কৰি দিছে যে ভাৰতে নিজৰ অংশৰ পানীৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব। ৰণবীৰ নলাৰ সম্প্ৰসাৰণ এই নীতিৰ এক অংশ। ইতিমধ্যে জল সংকটৰ সন্মুখীন হোৱা পাকিস্তানে সিন্ধু নদীৰ ওপৰত ভাৰতে লোৱা পদক্ষেপে ইয়াৰ সমস্যা বৃদ্ধি কৰিছে। এতিয়া ভাৰতে চেনাব নদীৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধিৰ পৰিকল্পনাই পাকিস্তানৰ পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। পাকিস্তানৰ জিডিপিত সিন্ধু নদী ব্যৱস্থাই প্ৰায় ২৫% অৰিহণা যোগায়। এই দেশত ঘেঁহু, ধান, কুঁহিয়াৰ, কপাহৰ দৰে শস্যৰ খেতিৰ ক্ষেত্ৰত সিন্ধু নদীৰ পানীয়ে মুখ্য ভূমিকা পালন কৰে।
ইফালে কেন্দ্ৰীয় চৰকাৰে ৰণবীৰ নলাৰ উন্নীতকৰণৰ লগতে পানী ধৰি ৰখা ক্ষমতা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই খালটোৱে চেনাব নদীৰ পানী লৈ জম্মু-কাশ্মীৰৰ এক বৃহৎ অংশলৈ জলসিঞ্চনৰ বাবে পানী যোগান ধৰে। ইয়াৰ সম্প্ৰসাৰণৰ ফলত ভাৰতে নিজৰ অঞ্চলত অধিক পানী জমা কৰাৰ সুযোগ পাব।
লগতে পঢ়ক: সঁচাকৈ পাকিস্তানৰ বিমান ঘাটিত মিছাইল আক্ৰমণ কৰিছিল ভাৰতে… শ্বাহবাজ শ্বৰীফৰ লজ্জাজনক স্বীকাৰোক্তি