শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চেম্পিয়নছ ট্ৰফীৰ পৰৱৰ্তী মেচত দেখা যাবনে ছামিক! আঘাত সন্দৰ্ভত পোহৰলৈ গুৰুত্বপূৰ্ণ তথ্য

পাকিস্তানৰ বিপক্ষে মেচৰ সময়ত দেওবাৰে বলিং কৰাৰ সময়তে ভৰিৰ সমস্যাত ভোগা দেখিবলৈ পোৱা গৈছিল তাৰকা পেচাৰ মহম্মদ ছামিক। একেদৰে অধিনায়ক ৰোহিত শৰ্মাকো হেমষ্ট্ৰিঙৰ কিছু সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছিল। দুয়োৰে এই আঘাত সন্দৰ্ভত পোহৰলৈ আহিছে গুৰুত্বপূৰ্ণ আপডেট।

চেম্পিয়নছ ট্ৰফীৰ পৰৱৰ্তী মেচত দেখা যাবনে ছামিক! আঘাত সন্দৰ্ভত পোহৰলৈ গুৰুত্বপূৰ্ণ তথ্য
গুৰুতৰ নেকি ছামিৰ আঘাত!
Monjit Dutta
Monjit Dutta | Updated On: 24 Feb 2025 17:14 PM

পাকিস্তানৰ বিপক্ষে দেওবাৰে চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ মেচত দৰ্শনীয় বিজয় সাব্যস্ত কৰে ভাৰতীয় দলে। এই জয়েৰে ভাৰতে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা দৃঢ় কৰি তুলিছে। আজি নিউজিলেণ্ড বনাম বাংলাদেশ মেচৰ ফলাফলত নিশ্চিত হৈ পৰিব সকলো সমীকৰণ। মেচখনত কিৱি বাহিনী জয়ী হ’লেই ছেমিত প্ৰৱেশ কৰিব ভাৰতে। ইয়াৰ পিছতো অৱশ্যে ভাৰতে ২ মাৰ্চত নিউজিলেণ্ডৰ বিপক্ষে গ্ৰুপৰ অন্তিমখন মেচত অৱতীৰ্ণ হ’ব লাগিব। এই মেচখনৰ লগতে ছেমি ফাইনেল আৰু ছেমিত জয়ী হ’লে ফাইনেলতো ভাৰতীয় দলে প্ৰতিদ্বন্দিতাত নামিব।

পিছে পৰৱৰ্তী পৰ্যায়ৰ এই মেচসমূহৰ প্ৰাকক্ষণত ভাৰতীয় দলত দেখা দিয়া আঘাতৰ সমস্যাৰ দৃশ্যই অনুৰাগীক কিছু চিন্তিত কৰি তুলিছে। দেওবাৰে পাকিস্তানৰ বিপক্ষে মেচখনত ইনিংছৰ চতুৰ্থটো অভাৰ বলিং কৰাৰ সময়তে ভৰিৰ সমস্যাত ভোগা দেখিবলৈ পোৱা গৈছিল তাৰকা পেচাৰ মহম্মদ ছামিক। খেলপথাৰতে প্ৰথমে ফিজিঅ’ৰ সহায় লোৱাৰ পিছত ছামিয়ে অভাৰ সম্পূৰ্ণ কৰিয়েই খেলপথাৰৰ বাহিৰলৈ যায়।

ইয়াৰ পিছত অৱশ্যে ইনিংছৰ মাজভাগত পুনৰ উভতে ছামি আৰু তাৰ পিছত নিজৰ স্পেল সম্পূৰ্ণ কৰে। তথাপি ভাৰতীয় অনুৰাগীৰ মনত ছামিৰ ফিটনেছ সন্দৰ্ভত প্ৰশ্নৰ উদ্ৰেক ঘটিছে। চেম্পিয়নছ ট্ৰফীৰ পৰৱৰ্তী পৰ্যায়ত ছামিয়ে সম্পূৰ্ণ সুস্থ ৰূপত খেলিব পাৰিব নে নোৱাৰে, সেই লৈ চিন্তিত হৈ আছে ভাৰতীয় অনুৰাগীসকল। ছামিৰ লগতে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মায়ো কালিৰ মেচখনত হেমষ্ট্ৰিঙৰ সমস্যা অনুভৱ কৰা দেখা গৈছিল।

পাকিস্তানৰ বেটিঙৰ সময়ত বাবৰ আজম আউট হোৱাৰ পাছত অধিনায়ক ৰোহিত শৰ্মা প্ৰায় ১০ অভাৰ খেলপথাৰৰ বাহিৰত থাকিব লগা হৈছিল। প্ৰতিবেদন অনুসৰি হেমষ্ট্ৰিঙৰ কিছু সমস্যাত ভুগিছিল ৰোহিতে। অৱশ্যে ৰোহিতেও পিছত ফিল্ডত প্ৰৱেশ কৰে আৰু বেটিঙৰ সময়ত দলৰ ইনিংছ মুকলি কৰে। এতিয়া ছামি আৰু ৰোহিত আঘাত গুৰুতৰ হ’ব পাৰে নেকি তথা চেম্পিয়নছ ট্ৰফীৰ পৰৱৰ্তী পৰ্যায়লৈ তেওঁলোক ফিট হৈ উঠিবনে, সেয়া এক চৰ্চিত প্ৰশ্ন হৈ পৰিছে।

মেচৰ অন্তত ৰোহিতে নিজেই আঘাত সন্দৰ্ভত তথ্য প্ৰকাশ কৰে। প্ৰথম অৱস্থাত কিছু সমস্যা হৈছিল যদিও ‘এতিয়া কোনো ধৰণৰ সমস্যা নাই’ বুলিঊল্লেখ কৰিছিল ৰোহিতে। অৱশ্যে ছামিৰ আঘাত সন্দৰ্ভত তেওঁ কোনো মন্তব্য কৰা নাছিল। আনহাতে, খেলৰ পিছৰ সংবাদমেলৰ সময়ত শ্ৰেয়স আয়াৰে ছামি আৰু ৰোহিতৰ আঘাত সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিয়ে। আয়াৰে দুয়োগৰাকী খেলুৱৈ সুস্থ হৈ আছে বুলি সংবাদমেলত জানিবলৈ দিয়ে।

দলত কোনো ধৰণৰ আঘাতজনিত সমস্যা নাই বুলি স্পষ্ট কৰি দিয়ে আয়াৰে। অৰ্থাৎ ৰোহিত আৰু ছামিক কেন্দ্ৰ কৰি ভাৰতীয় অনুৰাগীৰ মনত জন্ম হোৱা চিন্তা অমূলক বুলি আয়াৰে নিশ্চিত কৰি দিছে। এতিয়া প্ৰতিযোগিতাৰ পৰৱৰ্তী পৰ্যায়তো দুয়ো দলৰ অংশ হ’ব। তদুপৰি ভাৰতৰ পৰৱৰ্তী মেচলৈ এতিয়াও হাতত ৬টা দিন আছে। সেয়ে দুয়োগৰাকী খেলুৱৈৰ সাধাৰণ কোনো সমস্যা থাকিলেও  সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ পৰ্যাপ্ত সময় লাভ কৰিব।